প্ৰধানমন্ত্ৰী মোদীৰ ব্যাপক ডিজিটেল প্ৰভাৱৰ পুনৰ প্ৰমাণ দি পথৰ কাষৰ ঝালমুড়ি উপভোগৰ তেওঁৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে
শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ ভিডি’অ । প্ৰধানমন্ত্ৰী মোদীৰ ব্যাপক ডিজিটেল প্ৰভাৱৰ পুনৰ প্ৰমাণ দি পশ্চিম বংগৰ বিখ্যাত পথৰ কাষৰ “ঝালমুড়ি” উপভোগ কৰাৰ তেওঁৰ এটা স্বাভাৱিক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ মাত্ৰ এদিনৰ ভিতৰতে এই ভিডিঅ’টোৱে ১০০ মিলিয়নৰো অধিক ভিউ লাভ কৰিছে, আনহাতে ফেচবুকত ই ক্ষিপ্ৰতাৰে ৯০ মিলিয়নৰ ঘৰ চুইছেগৈ ।
এই ‘মোদী প্ৰভাৱ’ কেৱল ছচিয়েল মিডিয়াৰ টাইমলাইনতে সীমাবদ্ধ নাথাকি এই মুখৰোচক খাদ্যবিধৰ প্ৰতি এক ব্যাপক কৌতুহলৰো সৃষ্টি কৰিছে । গুগল চাৰ্চত “ঝালমুড়ি” শব্দটোৱে বিগত ২২ বছৰৰ ভিতৰত সৰ্বোচ্চ শিখৰ স্পৰ্শ কৰিছে, যাৰ ফলত এই সাধাৰণ মুখৰোচক বিধে এক নতুন মাত্ৰা লাভ কৰিছে । ছচিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী মোদীৰ দৰ্শকৰ সংখ্যা অতুলনীয় । ১০০ মিলিয়নতকৈ অধিক ইনষ্টাগ্ৰাম অনুগামীৰ সৈতে তেওঁ এই সফলতা অৰ্জন কৰা বিশ্বৰ প্ৰথমগৰাকী নেতা হিচাপে পৰিগণিত হৈছে । ইয়াৰ উপৰিও ফেচবুকত তেওঁৰ ৫৬ মিলিয়ন আৰু এক্সত (পূৰ্বৰ টুইটাৰ) ১০৬.৬ মিলিয়ন অনুগামীয়ে তেওঁৰ অপৰিসীম প্ৰভাৱকে সূচাইছে ।
অহা ২৩ আৰু ২৯ এপ্ৰিলত দুটা পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া পশ্চিম বংগ নিৰ্বাচনৰ নিৰন্তৰ প্ৰচাৰৰ মাজতে ঝাড়গ্ৰামৰ এখন স্থানীয় দোকানৰ ওচৰত এই আমোদজনক মুহূৰ্তটোৰ সৃষ্টি হয় । ভিডিঅ’টোত প্ৰধানমন্ত্ৰীগৰাকীক দোকানীগৰাকীৰ সৈতে কথা পাতি থকা দেখা গৈছে ।
প্ৰধানমন্ত্ৰীগৰাকীক তাত গোট খোৱা স্থানীয় লোকসকলৰ মাজত ঝালমুড়ি বিতৰণ কৰাও দেখা গৈছে । তেওঁৰ আগমনৰ লগে লগে সৰু দোকানখনত যথেষ্ট ভিৰৰ সৃষ্টি হয় । তেওঁৰ চাৰিওফালে উৎসুক লোকৰ ভিৰ আছিল, যাৰ ভিতৰত বিশেষকৈ মহিলাসকলক হাঁহি-স্ফূৰ্তিৰে তেওঁক নিৰীক্ষণ কৰি থকা দেখা গৈছিল । আন বহুতো লোকে তেওঁলোকৰ স্মাৰ্টফোনত এই বিশেষ মুহূৰ্তটো বন্দী কৰিবলৈ ব্যস্ত হৈ পৰিছিল ।
এই মুহূৰ্তৰ কিছু দৃশ্য ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখে: “পশ্চিম বংগৰ চাৰিখনকৈ নিৰ্বাচনী সভাৰ মাজতে এক ব্যস্ত দেওবাৰে ঝাড়গ্ৰামত কিছু সুস্বাদু ঝালমুড়ি উপভোগ কৰিলোঁ ।”
লগতে পঢ়ক : “১০ টকা দিব লাগিব”: প্ৰচাৰৰ মাজতে দোকানত ৰৈ ঝালমুৰিৰ সোৱাদ ললে প্ৰধানমন্ত্ৰী মোদীয়ে









