"লক-ইন মোড: এক্টিভেটেড”… ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত ড’নাল্ড ট্ৰাম্প

“লক-ইন মোড: এক্টিভেটেড”… ইৰাণৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত ড’নাল্ড ট্ৰাম্প

আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে ঘোষণা কৰে যে ইৰাণৰ কিলিং মেচিন ভাঙি পেলোৱাৰ সময় আহি পৰিছে মঙলবাৰে ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে এই আলোচনাৰ বাবে সোমবাৰে আমেৰিকাৰ

আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে ঘোষণা কৰে যে ইৰাণৰ কিলিং মেচিন ভাঙি পেলোৱাৰ সময় আহি পৰিছে

মঙলবাৰে ইছলামাবাদত আমেৰিকা আৰু ইৰাণৰ মাজত দ্বিতীয় ৰাউণ্ডৰ শান্তি আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰিছে যে এই আলোচনাৰ বাবে সোমবাৰে আমেৰিকাৰ প্ৰতিনিধি দল ইছলামবাদলৈ যাত্ৰা কৰিব । আনহাতে ইৰাণে কয় যে তেওঁলোকৰ প্ৰতিনিধি দলে আলোচনাত অংশগ্ৰহণ নকৰে । ইয়াৰ মাজতে ট্ৰাম্পে পুনৰবাৰ ইৰাণক পৰোক্ষ ভাবুকি প্ৰদান কৰিছে ।

হোৱাইট হাউছে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ট্ৰাম্পৰ এখন ফটো পোষ্ট কৰিছে । ফটোখনত ট্ৰাম্পক যথেষ্ট আক্ৰমণাত্মক যেন দেখা গৈছে । ফটোখনৰ লগত হোৱাইট হাউছে লিখিছে : “লক-ইন মোড: এক্টিভেটেড ?  আজি সোমবাৰ । কোনো অজুহাত নাই । মাত্ৰ বিজয় ?”

ইয়াৰ পূৰ্বে ট্ৰুথ ছ’চিয়েলত ট্ৰাম্পে ইৰাণক যুদ্ধবিৰতি চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল । ট্ৰাম্পে কয় যে শনিবাৰে ইৰাণে ব্ৰিটিছ আৰু ফ্ৰান্সৰ জাহাজক লক্ষ্য কৰি হৰমুজ প্ৰণালীত গুলীচালনা কৰে । এই সামুদ্ৰিক পথটো বন্ধ কৰাৰ ইৰাণৰ সিদ্ধান্তক লৈ তেওঁ মন্তব্য কৰে যে আমেৰিকাৰ অৱৰোধে ইতিমধ্যে ইয়াক পূৰ্বেই বন্ধ কৰি দিছে, এই পৰিস্থিতিত ইৰাণৰ প্ৰতিদিনে ৫০ কোটি ডলাৰ খৰচ হৈছে ।

ট্ৰাম্পে সকীয়াই দিয়ে যে তেওঁৰ প্ৰতিনিধি দল কাইলৈ ​​সন্ধিয়া আলোচনাৰ বাবে ইছলামবাদত উপস্থিত হ’ব আৰু তেওঁ ইৰাণৰ সন্মুখত ‘যুক্তিসংগত চুক্তি’ দাখিল কৰিছে । তেওঁ হুংকাৰ দিয়ে যে যদি ইৰাণে এই চুক্তি মানি নলয় তেন্তে আমেৰিকাই ইৰাণৰ প্ৰতিটো বিদ্যুৎ কেন্দ্ৰ আৰু দলং ধ্বংস কৰিব । আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি ট্ৰাম্পে ঘোষণা কৰে যে ‘ইৰাণৰ কিলিং মেচিন’ ভাঙি পেলোৱাৰ সময় আহি পৰিছে ।

ইফালে শান্তি আলোচনাৰ বাবে পাকিস্তানত ব্যাপক প্ৰস্তুতি চলি আছে । পাকিস্তানৰ গৃহ মন্ত্ৰী মহছিন নাকভিয়ে ইৰাণৰ দূতাবাস পৰিদৰ্শন কৰি ৰাষ্ট্ৰদূত ৰেজা আমিৰি মোগদামক সাক্ষাৎ কৰে । তেওঁলোকে আমেৰিকাৰ সৈতে দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ সম্ভাৱ্য ব্যৱস্থাৰ লগতে উত্তেজনা হ্ৰাস কৰাৰ বাবে বহনক্ষম কূটনৈতিক সমাধানৰ বিষয়ে আলোচনা কৰে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি