ৰোমাঞ্চকৰ মেচত দিল্লীৰ হাতত ধৰাশায়ী বেংগালুৰু, ৰাহুল-ষ্টাবছৰ অৰ্ধ শতক

ৰোমাঞ্চকৰ মেচত দিল্লীৰ হাতত ধৰাশায়ী বেংগালুৰু, ৰাহুল-ষ্টাবছৰ অৰ্ধ শতক

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ শনিবাৰে অনুষ্ঠিত এখন মেচত বিৰুদ্ধে দিল্লী কেপিটেলছৰ হাতত ধৰাশায়ী হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে ।

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ৰ শনিবাৰে অনুষ্ঠিত এখন মেচত বিৰুদ্ধে দিল্লী কেপিটেলছৰ হাতত ধৰাশায়ী হয় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু । বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত দিল্লীয়ে ৬ উইকেটত জয়লাভ কৰে । আৰ চি বিয়ে দিল্লী কেপিটেলছক ১৭৬ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল । দিল্লীয়ে অন্তিম অভাৰত এই লক্ষ্যত উপনীত হয় ।

দিল্লীৰ ইনিংছ-

দিল্লী কেপিটেলছৰ আৰম্ভণি ভাল নাছিল । পাৱাৰপ্লেত পাথুম নিছাংকা (১ ৰান), কৰুণ নায়াৰ (৫ ৰান), সমীৰ ৰিজভি (২ ৰান)ৰ উইকেটৰ পতন ঘটে । ভুৱনেশ্বৰ কুমাৰে তিনিওজন বেটছমেনক আউট কৰে । ইয়াৰ পিছত ট্ৰিষ্টান ষ্টাবছ আৰু কে এল ৰাহুলে চতুৰ্থ উইকেটৰ বাবে ৬৯ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৰাহুলে ৩৪টা বলত ৫৭ ৰান সংগ্ৰহ কৰে, য’ত ৬টা চাৰি আৰু দুটা ছয় আছিল । ৰাহুলৰ উইকেট দখল কৰে ক্ৰুনাল পাণ্ডিয়াই । কিন্তু তাৰ পিছত ট্ৰিষ্টান ষ্টাবছ আৰু ডেভিদ মিলাৰে এক উল্লেখযোগ্য অংশীদাৰিত্ব গঢ়ি তোলে । দুয়োজনে বিস্ফোৰক বেটিং কৰি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় । ষ্টাবছে ৪৭টা বলত অপৰাজিত ৬০ ৰান কৰাৰ বিপৰীতে মিলাৰে ১০টা বলত অপৰাজিত ২২ ৰান সংগ্ৰহ কৰে ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ ইনিংছ-

টছ হেৰুৱাই প্ৰথমে বেটিং কৰাৰ পিছত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ৮ উইকেটত ১৭৫ ৰান সংগ্ৰহ কৰে । ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে ভাল আৰম্ভণি কৰে । প্ৰথম উইকেটত বিৰাট কোহলী আৰু ফিল ছল্টৰ মাজত ৫২ ৰানৰ অংশীদাৰিত্ব গঢ়ি উঠে । তিনিটা চাৰিৰ সহায়ত ১৯ ৰান সংগ্ৰহ কৰাৰ পাছত কোহলী লুংগি ঙিডিৰ বলত পেভিলিয়নমুখী হয় । ইয়াৰ পাছত ছল্ট আৰু দেৱদত্ত পাডিক্কালে দ্বিতীয় উইকেটৰ বাবে ৪৭ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে । পাডিক্কাল (১৮ ৰান)ক অধিনায়ক অক্ষৰ পেটেলে আউট কৰে ।

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ তৃতীয়টো আঘাত ফিল ছল্টৰ ৰূপত লাভ কৰে । কুলদীপ যাদৱৰ হাতত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । ছল্টে ৩৮টা বলত ৬৩ ৰান সংগ্ৰহ কৰে, য’ত চাৰিটা চাৰিটা আৰু তিনিটা ছয় আছিল । অধিনায়ক ৰজত পাটিদাৰে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় । মুকেশ কুমাৰে ৮ ৰানত অধিনায়কগৰাকীক আউট কৰে ।

তাৰ পিছৰ পৰা নিয়মীয়া ব্যৱধানত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে উইকেট হেৰুৱাবলৈ ধৰে । টিম ডেভিদ (২৬ ৰান), ৰোমাৰিয়া শ্বেফাৰ্ড (১ ৰান), ক্ৰুনাল পাণ্ডিয়া (১২ ৰান) আৰু জিতেশ শৰ্মাই (১৪ ৰান) সংগ্ৰহ কৰে । দিল্লী কেপিটেলছৰ হৈ লুংগী ঙিদি, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে ।

দিল্লী কেপিটেলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে এই পৰ্যন্ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৩৪খন খেল খেলিছে । ইয়াৰে ২০খন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৱে জয়লাভ কৰাৰ বিপৰীতে দিল্লী কেপিটেলছে ১৩খন খেলত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হয় ।

লগতে পঢ়ক : টিম ইণ্ডিয়াত কাৰ ঠাই ল’ব বৈভৱ সূৰ্যবংশীয়ে? শীঘ্ৰেই ঘটিব আন্তঃৰাষ্ট্ৰীয় অভিষেক !