বিজেপি ক্ষমতালৈ আহিলে পশ্চিম বংগত নিঃশেষ হ'ব তৃণমূলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

বিজেপি ক্ষমতালৈ আহিলে পশ্চিম বংগত নিঃশেষ হ’ব তৃণমূলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ একেবাৰে শেষ হৈ যাব পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ পাঁচ দিন বাকী । ইতিমধ্যে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ একেবাৰে শেষ হৈ যাব

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ পাঁচ দিন বাকী । ইতিমধ্যে প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হবলগীয়া সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে বিজেপিয়ে । বৰ্তমান ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে দাবী কৰে যে পশ্চিম বংগত ভাৰতীয় জনতা পাৰ্টি ক্ষমতালৈ অহাৰ পিছত তৃণমূল কংগ্ৰেছ “স্থায়ীভাৱে” শেষ হৈ যাব ।

কোচবিহাৰত এক নিৰ্বাচনী জনসভাক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই দাবী কৰে যে বিজেপিয়ে ৰাজ্যখনত চৰকাৰ গঠন কৰাৰ লগে লগে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ৰাজনীতি শেষ হ’ব । ড০ শৰ্মাই কয়, “মমতা বেনাৰ্জীয়ে মোদীক কিয় ভয় কৰে কাৰণ তেওঁ জানে যে যদি কেতিয়াবা বংগত বিজেপি ক্ষমতালৈ আহে, তেন্তে তেওঁৰ ৰাজনীতি শেষ হৈ যাব । যিদৰে আমি গুজৰাট, উত্তৰ প্ৰদেশ আৰু বিহাৰত কংগ্ৰেছক স্থায়ীভাৱে তলা লগাই দিলোঁ, তেনেদৰে ইয়াতো বিজেপিয়ে জয়লাভ কৰাৰ লগে লগে টিএমচি স্থায়ীভাৱে শেষ হৈ যাব ।”

তেওঁ লগতে কয়, “তেওঁলোকৰ দাবী শুনি মই আচৰিত হওঁ । কেতিয়াবা টিভি চাই মই হাঁহো । হুমায়ুন কবীৰে কৈছিল যে তেওঁ বাবৰী মছজিদ নিৰ্মাণ কৰিব । বাস্তৱত তেওঁলোকে একো কৰিব নোৱাৰে । বিজেপি চৰকাৰ আহিলে এই সকলোবোৰ একেলগে সমাধান হ’ব ।”

উল্লেখ্য যে, পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ২৩ এপ্ৰিলত অনুষ্ঠিত হ’ব, য’ত ১৫২টা সমষ্টি সামৰি লোৱা হৈছে । প্ৰথম পৰ্যায়ত কোচবিহাৰ, আলিপুৰদুৱাৰ, জলপাইগুৰি, দাৰ্জিলিং, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্শিদাবাদ, পুৰুলীয়া, বাকুড়া, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ, পশ্চিম বৰ্ধমান আৰু বীৰভূম তথা নদিয়াৰ একাংশ সমষ্টি অন্তৰ্ভুক্ত হৈছে । এই অঞ্চলসমূহে সীমান্তৱৰ্তী জিলা, জনজাতীয় অঞ্চল, চাহ বাগান এলেকা আৰু উদ্যোগিক অঞ্চলসমূহক সামৰি লৈছে ।

২৯ এপ্ৰিলত বাকী থকা ১৪২টা সমষ্টিত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ২৯৪খন আসনৰ ফলাফল ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : আজি নিশা দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

শেহতীয়া প্ৰৱন্ধসমূহ