মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

২০২৬ চনত এতিয়ালৈকে গৌতম আদানীৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ বিপৰীতে, ইফালে, চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে। আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে পুনৰবাৰ এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে। মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ

২০২৬ চনত এতিয়ালৈকে গৌতম আদানীৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ বিপৰীতে, ইফালে, চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে পুনৰবাৰ এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে। মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানীয়ে স্থান লাভ কৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ ১৭ এপ্ৰিল ২০২৬ চনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁৰ মুঠ সম্পত্তি ৯২.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।ইয়াৰ লগে লগে তেওঁ বিশ্বৰ কোটিপতিৰ তালিকাত ১৯ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এই প্ৰতিবেদন অনুসৰি, গৌতম আদানীয়ে এতিয়া মুকেশ আম্বানীক অতিক্ৰম কৰিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী এই তালিকাৰ ২০ নম্বৰ স্থানত আছে। বৰ্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯০.৮ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে। চলিত বৰ্ষত এতিয়ালৈকে তেওঁৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে, ইয়াৰ লগে লগে তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।  

য’ত গৌতম আদানীৰ ধন-সম্পত্তি দিনে দিনে বৃদ্ধি পাইছে, আনহাতে চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত এতিয়াও ইলন মাস্কে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে,যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৫৬ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা পৱন খেড়াৰ; যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ