মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানী

২০২৬ চনত এতিয়ালৈকে গৌতম আদানীৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পোৱাৰ বিপৰীতে, ইফালে, চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে।

আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানীয়ে পুনৰবাৰ এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰিছে। মুকেশ আম্বানীক পিছ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাৰ শীৰ্ষত গৌতম আদানীয়ে স্থান লাভ কৰিছে। ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ ১৭ এপ্ৰিল ২০২৬ চনৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, তেওঁৰ মুঠ সম্পত্তি ৯২.৬ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে।ইয়াৰ লগে লগে তেওঁ বিশ্বৰ কোটিপতিৰ তালিকাত ১৯ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে।এই প্ৰতিবেদন অনুসৰি, গৌতম আদানীয়ে এতিয়া মুকেশ আম্বানীক অতিক্ৰম কৰিছে।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী এই তালিকাৰ ২০ নম্বৰ স্থানত আছে। বৰ্তমান তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯০.৮ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে। চলিত বৰ্ষত এতিয়ালৈকে তেওঁৰ সম্পত্তি ৮.১ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে, ইয়াৰ লগে লগে তেওঁ এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে।  

য’ত গৌতম আদানীৰ ধন-সম্পত্তি দিনে দিনে বৃদ্ধি পাইছে, আনহাতে চলিত বৰ্ষৰ ভিতৰত মুকেশ আম্বানীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬.৯ বিলিয়ন ডলাৰ হ্ৰাস পাইছে। বিশ্বৰ আটাইতকৈ ধনী লোকৰ তালিকাত এতিয়াও ইলন মাস্কে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে,যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৬৫৬ বিলিয়ন ডলাৰ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত মুখ ঠেকেচা পৱন খেড়াৰ; যিকোনো মুহূৰ্তত হ’ব পাৰে গ্ৰেপ্তাৰ  

মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা; এআইৰ ক্ষেত্ৰত ব্যয় কৰিব ১০ লাখ কোটি টকা

ভাৰতত চলি থকা এআই সন্মিলনত দেশৰ ধনী ব্যক্তি মুকেশ আম্বানীয়ে এআইৰ ক্ষেত্ৰত ১০ লাখ কোটি টকা ব্যয় কৰাৰ কথা উল্লেখ কৰিছে।

ভাৰতক এআইৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ দৌৰ তীব্ৰতৰ হৈ পৰিছে আৰু দেশৰ আগশাৰীৰ কোটিপতিসকলে ডাঙৰ ডাঙৰ ঘোষণা কৰা দেখা গৈছে।

দেশৰ ধনী ব্যক্তি তথা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে আগন্তুক সাত বছৰত এই খণ্ডত ১০ লাখ কোটিৰ ব্যাপক বিনিয়োগৰ কথা ঘোষণা কৰিছে।

ইয়াৰ উপৰিও আদানী গোটৰ অধ্যক্ষ গৌতম আদানীয়েও ৮ লাখ কোটিতকৈ অধিক টকা ব্যয় কৰাৰ কথা ঘোষণা কৰিছে।

নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা ইণ্ডিয়া এ আই ইমপেক্ট ছামিট ২০২৬ত বৃহস্পতিবাৰে অংশগ্ৰহণ কৰা মুকেশ আম্বানীয়ে এই বিনিয়োগৰ কথা ঘোষণা কৰিছে।

শীৰ্ষ সন্মিলনত ভাষণৰ সময়ত ৰিলায়েন্সৰ অধ্যক্ষই কয় যে এআই সৰ্বশ্ৰেষ্ঠ ৰূপটো এতিয়াও আহিবলৈ বাকী আছে আৰু ইয়াৰ দ্বাৰা মহান সমৃদ্ধিৰ যুগৰ সূচনা হ’ব পাৰে।

এই সময়ত তেওঁ এটা ডাঙৰ ঘোষণা কৰি কয় যে ৰিলায়েন্সৰ সৈতে জিঅ’ই ৭ বছৰৰ ভিতৰত এই খণ্ডত ১০ লাখ কোটি টকা বিনিয়োগ কৰিব।

কোটিপতি মুকেশ আম্বানীয়ে এআইত কয় যে ৰিলায়েন্স গ্ৰুপে ১০ লাখ কোটি টকা বিনিয়োগ ঘোষণা কৰাৰ লগতে প্ৰতিশ্ৰুতিও দিছে যে, মোবাইল ডাটাৰ দৰেই কৃত্ৰিম বুদ্ধিমত্তা (AI)ৰ ক্ষেত্ৰতো এক বিপ্লৱ হ’ব।

লগতে পঢ়ক: ‘এআইক যি দিশলৈকে নিয়া হয়, সেয়াই আমাৰ ভৱিষ্যত হ’ব’; প্ৰধানমন্ত্ৰী মোদী

ভাৰতৰ বিলিয়নাৰ ব্যক্তিৰ তালিকাত প্ৰথমবাৰলৈ অন্তৰ্ভূক্ত শ্বাহৰুখ খান; ১ নম্বৰত মুকেশ আম্বানী

ভাৰতৰ বিলিয়নাৰ ব্যক্তিৰ তালিকাত প্ৰথমবাৰলৈ অন্তৰ্ভূক্ত শ্বাহৰুখ খান

ভাৰত এতিয়া বিলিয়নাৰৰ নতুন কেন্দ্ৰলৈ পৰিণত হৈছে, আৰু দেশত ধনী ব্যক্তিৰ সংখ্যা বছৰৰ পিছত বছৰ ধৰি দ্ৰুতগতিত বৃদ্ধি পাইছে।

M3M Hurun India Rich List 2025 মুকলি কৰা হৈছে আৰু ইয়াৰ মতে ভাৰতত বিলিয়নাৰ লোকৰ সংখ্যা ৩৫০ জনতকৈও অধিক হৈছে।

একে সময়তে ধনী লোকৰ ৰেংকিঙত পুনৰ মুকেশ আম্বানীয়ে আধিপত্য বিস্তাৰ কৰিছে আৰু এইবাৰো তেওঁ ১ নম্বৰ স্থান দখল কৰিছে।বিশেষ কথাটো হ’ল বলীউডৰ কিং খান শ্বাহৰুখ খানে প্ৰথমবাৰৰ বাবে বিলিয়নাৰ ক্লাবত যোগদান কৰিছে।

এই তালিকা অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালৰ মুঠ সম্পত্তিৰ পৰিমাণ ৯.৫৫ লাখ কোটি টকা আৰু সম্পত্তিৰ পৰিসংখ্যাৰ সৈতে তেওঁ পুনৰবাৰ ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিৰ খিতাপ অৰ্জন কৰিছে।

ইফালে ধনৰ ক্ষেত্ৰত ৮.১৫ লাখ কোটি টকাৰ সম্পত্তিৰে দ্বিতীয় স্থানত আছে গৌতম আদানী আৰু পৰিয়াল।

ইফালে বিশ্বৰ কোটিপতি হোৱা প্ৰথমজন অভিনেতা হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খান। বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খান ১২ হাজাৰ ৪শ ৯০ কোটি টকাৰ মালিক হৈ পৰিছে।

লগতে পঢ়ক: ট্ৰাম্পৰ পৰিকল্পনাক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; ক’লে- পশ্চিম এছিয়াত প্ৰশস্ত হ’ব শান্তিৰ পথ

মুকেশ আম্বানীৰ ডাঙৰ ঘোষণা; Meta-Google ৰ সৈতে কৰিব কাম

Meta-Google ৰ সৈতে কৰিব কাম

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজেও এতিয়া এআই দৌৰত যোগদান কৰিছে।কোম্পানীটোৱে ৰিলায়েন্স ইন্টেলিজেন্স উন্মোচন কৰিছে,যিটো কোম্পানীটোৰ নতুন সহযোগী কোম্পানী হ’ব,যাৰ গুৰুত্ব হ’ব ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত।

শুকুৰবাৰে অনুষ্ঠিত হোৱা ৰিলায়েন্সৰ এজিএমত কোম্পানীটোৱে এই সহযোগী কোম্পানীটোৰ কথা ঘোষণা কৰিছে।

কোম্পানীটোৱে কয় যে তেওঁলোকে গিগাৱাট স্কেল আৰু এআই ৰেডি ডাটা চেণ্টাৰ নিৰ্মাণ কৰিব,যিয়ে স্বচ্ছ শক্তিৰ জৰিয়তে শক্তি লাভ কৰিব।

কোম্পানীয়ে ৰিলায়েন্স ইন্টেলিজেন্সৰ জৰিয়তে টেক ফাৰ্মসমূহৰ আৰু মুক্ত উৎস সম্প্ৰদায়টোক এটা মঞ্চত একত্ৰিত কৰিব লাগিব।ৰিলায়েন্সে Meta আৰু Google ৰ সৈতে একেলগে কাম কৰিব।

ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এজিএমত কয় যে ৰিলায়েন্স ইন্টেলিজেন্স কনজিউমাৰ্ছ, ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগসমূহক এআই সেৱাৰ সৈতে অন্য খণ্ডলৈ সমাধান আগবঢ়াব। এই কোম্পানীটোৰ সম্পূৰ্ণ অধিকাৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ হাতত আছে।

এই কোম্পানীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এআই গৱেষক, অভিযন্তা, ডিজাইনাৰ আৰু প্ৰডাক্ট বিল্ডাৰৰ বাবে এটা ইনকিউবেটৰ তৈয়াৰ কৰাৰ কাম কৰিব।

কোম্পানীটোৱে দাবী কৰিছে যে এই উদ্যোগে আৰ আই এলক ডিপ টেক উদ্যোগলৈ ৰূপান্তৰিত কৰাত সহায় কৰিব। মুকেশ আম্বানীয়ে কয় যে জামনগৰৰ ডাটা চেণ্টাৰৰ কাম ইতিমধ্যে আৰম্ভ হৈছে।

লগতে পঢ়ক: গুগলে দিলে সতৰ্কবাণী!২.৫ বিলিয়ন  Gmailৰ পাছৱৰ্ড চুৰি

শপতগ্ৰহণৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পৰ নৈশ ভোজত অংশ ল’লে মুকেশ আৰু নীতা আম্বানীয়ে…

ৱাশ্বিংটন ডিচিত আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শপতগ্ৰহণৰ পূৰ্বে আয়োজিত নৈশ আহাৰত অংশগ্ৰহণ কৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ অধ্যক্ষ নীতা আম্বানীয়ে । এই বিশেষ অনুষ্ঠানত বিশ্বৰ বহু আগশাৰীৰ উদ্যোগপতি, বিশ্ব ব্যৱসায়িক নেতা আৰু ট্ৰাম্পৰ মন্ত্ৰীসভাৰ মনোনীত সদস্য উপস্থিত থাকে ।

ৰাতিৰ আহাৰ গ্ৰহণৰ সময়ত আম্বানী পৰিয়ালক আন ভাৰতীয় উদ্যোগী, যেনে এম থ্ৰী এম ডেভেলপাৰ্ছৰ পৰিচালন সঞ্চালক পংকজ বানছাল, ট্ৰাইবেকা ডেভেলপাৰ্ছৰ প্ৰতিষ্ঠাপক কল্পেশ মেহতাৰ সৈতে দেখা যায় । ভাৰতত ট্ৰাম্প টাৱাৰ স্থাপনৰ মূল অংশীদাৰ কল্পেশ মেহতা । ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ছবিসমূহত মেহতাই মুকেশ আৰু নীতা আম্বানীৰ সৈতে প’জ দিয়া দেখা গৈছে ।

বিশেষ পোছাক পৰিধান কৰা দেখা গ’ল আম্বানী পৰিয়ালক-

এই অনুষ্ঠানত মুকেশ আম্বানীয়ে ক’লা চ্যুট, আনহাতে নীতা আম্বানীয়ে ৰেচমৰ শাৰীৰ সৈতে দীঘল অভাৰকোট পিন্ধা দেখা গৈছিল । আন বহু বৃহৎ উদ্যোগপতিও এই অনুষ্ঠানত অংশ লৈছিল । ইয়াৰ উপৰিও এই উপলক্ষে আমাজন ডট কমৰ প্ৰতিষ্ঠাপক জেফ বেজোছ আৰু মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গকো দেখা গৈছিল ।

মুকেশ আম্বানী আৰু গৌতম আদানীলৈ ডাঙৰ আঘাত ! বাহিৰ হ’ল মুঠ সম্পত্তিৰ এই তালিকাৰ পৰা

ভাৰতৰ ধনী ব্যক্তি মুকেশ আম্বানী আৰু গৌতম আদানীৰ ধন-সম্পত্তিৰ ব্যাপক হ্ৰাস পাইছে । দুয়োজন কোটিপতিৰ ধন ১০০ বিলিয়ন ডলাৰৰ তললৈ নামি গৈছে । এই তালিকাৰ পৰা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানী আৰু আদানী গ্ৰুপৰ অধ্যক্ষ গৌতম আদানী দুয়ো বাদ পৰাৰ পিছতে এক জোকাৰণিৰ সৃষ্টি হৈছে ।

ব্লুমবাৰ্গৰ এক প্ৰতিবেদন অনুসৰি, শক্তি আৰু খুচুৰা খণ্ডত মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ প্ৰদৰ্শন শেহতীয়াকৈ হ্ৰাস পাইছে । বিশেষকৈ শক্তি খণ্ডত লাভৰ হাৰ হ্ৰাস পোৱা আৰু খুচুৰা খণ্ডত গ্ৰাহকৰ খৰচৰ অভ্যাস হ্ৰাস পোৱাটোৱে চিন্তাৰ সৃষ্টি কৰিছে ।

ইয়াৰ উপৰিও ৰিলায়েন্সৰ ওপৰত ঋণৰ চাপো বাঢ়িছে, যাৰ ফলত আম্বানীৰ ধন-সম্পত্তিৰ পৰিমাণ প্ৰভাৱিত হৈছে । ১৩ ডিচেম্বৰলৈকে তেওঁৰ সম্পত্তিৰ মূল্য আছিল ৯৬.৭ বিলিয়ন ডলাৰ, যিটো এসময়ত ১২০.৮ বিলিয়ন ডলাৰ আছিল ।

আদানীৰ সম্পত্তিৰ ওপৰত আমেৰিকাৰ অভিযোগৰ প্ৰভাৱ দৃশ্যমান-

একে সময়তে গৌতম আদানীৰ ধন-সম্পত্তিৰো ব্যাপক হ্ৰাস পাইছে । জুন মাহত তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১২২.৩ বিলিয়ন ডলাৰ ।  কিন্তু এতিয়া আমেৰিকাৰ তদন্ত আৰু হিণ্ডেনবাৰ্গ ৰিচাৰ্চে কৰা জালিয়াতিৰ অভিযোগৰ পিছত তেওঁৰ ধন-সম্পত্তি যথেষ্ট হ্ৰাস পাইছে ।

নৱেম্বৰ মাহত আমেৰিকাৰ অধিবক্তাসকলে আদানীক ভাৰত চৰকাৰৰ বিষয়াক উৎকোচ দিয়াৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছিল, যাৰ ফলত তেওঁৰ ব্যৱসায়ত নতুন অসুবিধাৰ সৃষ্টি হৈছিল । ইয়াৰ বাবেই আদানীৰ সম্পত্তিৰ মূল্য এতিয়া ৮২.১ বিলিয়ন ডলাৰত উপনীত হৈছে ।

আদানি গ্ৰুপৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগৰ পিছত, কোম্পানীটোৱে নিজকে স্বচ্ছ হিচাপে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছিল । আদানীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে তেওঁৰ গোটে “বিশ্ব-শ্ৰেণীৰ নিয়ামক অনুপালন”ত বিশ্বাস কৰে । তেওঁ এইটোও কৈছিল যে প্ৰতিটো প্ৰত্যাহ্বানই তেওঁৰ কোম্পানীক শক্তিশালী কৰি তোলে । অৱশ্যে, এই অভিযোগবোৰৰ বাবে, আদানি গোটৰ বজাৰ মূল্য হ্ৰাস পাইছে, যি অনাগত সময়ত আৰু বৃদ্ধি হ’ব পাৰে ।

মুকেশ আম্বানী এতিয়াও এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি-

সম্প্ৰতি মুকেশ আম্বানী এছিয়াৰ আটাইতকৈ ধনী ব্যক্তি । কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ বাবে অসুবিধাও কম নহয় । ৰিলায়েন্সৰ খুচুৰা আৰু শক্তি কোম্পানীসমূহৰ প্ৰদৰ্শন হ্ৰাস পোৱাৰ ফলত ইয়াৰ সম্পদত প্ৰভাৱ পৰিছে । জুলাই মাহত তেওঁৰ ধন আছিল ১২০.৮ বিলিয়ন ডলাৰ । কিন্তু এতিয়া ই ৯৬.৭ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছে ।