দেওবাৰে ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত দেহাৱসান ঘটে যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলেৰ বিয়োগত শোক প্ৰকাশ কৰি তেওঁক ভাৰতৰ অন্যতম আইকনিক আৰু বহুমুখী প্ৰতিভাসম্পন্ন কণ্ঠ হিচাপে স্মৰণ কৰে, যাৰ সংগীতে আঠ দশকৰো অধিক সময় ধৰি দেশৰ সাংস্কৃতিক ঐতিহ্যক চহকী কৰিছিল ।
এক্সত দিয়া এক হৃদয়স্পৰ্শী বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে গভীৰ শোক প্ৰকাশ কৰি ভোছলেক “ভাৰতৰ অন্যতম আইকনিক আৰু বহুমুখী প্ৰতিভাসম্পন্ন কণ্ঠ” বুলি অভিহিত কৰে । কেইবাটাও দশক জুৰি চলি থকা তেওঁৰ অসাধাৰণ সংগীত যাত্ৰাই ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক চহকী কৰাৰ বাবে তেওঁক কৃতিত্ব দি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ গীতবোৰে অনাগত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব । প্ৰধানমন্ত্ৰীয়ে লিখিছে, “তেওঁৰ কণ্ঠত কালজয়ী উজ্জ্বলতা আছিল,” লগতে কয় যে কণ্ঠশিল্পীগৰাকীৰ সৈতে তেওঁৰ বাৰ্তালাপ সদায় স্মৰণীয় হৈ থাকিব ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখিছে-“ভাৰতে লাভ কৰা অন্যতম আইকনিক আৰু বহুমুখী প্ৰতিভাসম্পন্ন কণ্ঠ আশা ভোছলে জীৰ বিয়োগত মই গভীৰভাৱে মৰ্মাহত হৈছোঁ । কেইবাটাও দশক জুৰি চলি থকা তেওঁৰ অসাধাৰণ সংগীত যাত্ৰাই আমাৰ সাংস্কৃতিক ঐতিহ্যক চহকী কৰিছিল আৰু সমগ্ৰ বিশ্বৰ অগণন হৃদয় স্পৰ্শ কৰিছিল । সেয়া তেওঁৰ সুৰীয়া গীতেই হওক বা স্পন্দনশীল ৰচনাই হওক, তেওঁৰ কণ্ঠত কালজয়ী উজ্জ্বলতা আছিল । মই তেওঁৰ সৈতে হোৱা বাৰ্তালাপসমূহ সদায় সযতনে ৰাখিম । তেওঁৰ পৰিয়াল, গুণমুগ্ধ আৰু সংগীতপ্ৰেমীসকললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ । তেওঁ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব আৰু তেওঁৰ গীতবোৰ মানুহৰ জীৱনত চিৰকাল প্ৰতিধ্বনিত হ’ব ।”
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও তেওঁৰ এক্স হেণ্ডলত শ্ৰদ্ধাঞ্জলি জনাই আশা ভোছলেক ভাৰতৰ “সুৰৰ ৰাণী” বুলি অভিহিত কৰে, যাৰ গীতসমূহ সকলো প্ৰজন্মই আদৰি লৈছিল । তেওঁৰ মৃত্যুক সংগীত জগতৰ বাবে এক “অপূৰণীয় ক্ষতি” বুলি অভিহিত কৰি তেওঁ শোকসন্তপ্ত পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰে আৰু “ওম শান্তি”ৰে তেওঁৰ বাৰ্তা সমাপ্ত কৰে ।
উল্লেখ্য যে, দেওবাৰে ৯২ বছৰ বয়সত মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত দেহাৱসান ঘটে যশস্বী কণ্ঠশিল্পী আশা ভোছলেৰ । হৃদযন্ত্ৰৰ সংক্ৰমণৰ বাবে এদিন পূৰ্বে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ।
ইফালে ১৩ এপ্ৰিলৰ পুৱা ১১ বজাত লোৱাৰ পাৰেলৰ তেওঁৰ বাসগৃহ কাছা গ্ৰেণ্ডত জনসাধাৰণে শেষ শ্ৰদ্ধা নিবেদন কৰিব পাৰিব আৰু বিয়লি শিৱাজী পাৰ্কত শেষ কৃত্য সম্পন্ন কৰা হ’ব ।

ভাৰতীয় সংগীত ইতিহাসৰ অন্যতম চৰ্চিত কণ্ঠ আশা ভোছলে এক বিশাল উত্তৰাধিকাৰ এৰি থৈ গৈছে, যিয়ে আঠ দশকৰো অধিক সময় ধৰি ভাৰতীয় চলচ্চিত্ৰৰ সংগীতক এক ৰূপ দিছিল । নিজৰ কেৰিয়াৰত তেওঁ বহু ভাষাত হাজাৰ হাজাৰ গীত বাণীবদ্ধ কৰিছিল আৰু বিভিন্ন ধাৰাৰ সংগীতৰ প্ৰতি থকা তেওঁৰ পাৰদৰ্শিতাৰ বাবে একাধিক ফিল্মফেয়াৰ বঁটা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু গোলকীয় স্বীকৃতি লাভ কৰিছিল ।
১৯৩৩ চনত জন্মগ্ৰহণ কৰা ভোছলে সৰু বয়সৰ পৰাই সংগীত যাত্ৰা আৰম্ভ কৰিছিল আৰু ১৯৫০ চনৰ দশকত তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল । তেওঁৰ চঞ্চল, আবেগিক আৰু নমনীয় কণ্ঠস্বৰ চলচ্চিত্ৰ সংগীতৰ কেইবাটাও প্ৰজন্মৰ সমাৰ্থক হৈ পৰিছিল ।
লগতে পঢ়ক : উকা হৈ পৰিল দেশৰ সংগীত জগত, কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান









