শনিবাৰে ইছলামবাগত অনুষ্ঠিত হ’বলগীয়া আমেৰিকা-ইৰাণৰ আলোচনা সন্দৰ্ভত ৰাষ্ট্ৰপতি ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ।
শনিবাৰে ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া আমেৰিকা আৰু ইৰাণৰ মাজৰ ঐতিহাসিক আলোচনাৰ পূৰ্বে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কঠোৰ স্থিতি গ্ৰহণ কৰিছে।ট্ৰাম্পে স্পষ্টভাৱে উল্লেখ কৰিছিল যে তেওঁ কোনো মূল্যৰ বিনিময়ত হৰমুজ প্ৰণালী বন্ধ কৰিবলৈ নিদিয়ে।
ইয়াক আন্তঃৰাষ্ট্ৰীয় জলসীমা বুলি অভিহিত কৰি তেওঁ সকীয়াই দিয়ে যে তাত কোনো ধৰণৰ স্বেচ্ছাচাৰী আচৰণ সহ্য কৰা নহ’ব। তেওঁ জোৰ দি কয় যে ইৰাণে সামৰিকভাৱে যুদ্ধত পৰাস্ত হৈছে, আৰু এতিয়া আমাৰ উদ্দেশ্য হৈছে এই সামুদ্ৰিক পথটো সম্পূৰ্ণৰূপে মুকলি কৰা।
ভৱিষ্যতৰ আলোচনাৰ প্ৰশ্ন সন্দৰ্ভত ট্ৰাম্পে এক ছাচপেন্স জীয়াই ৰাখিছে।পূৰ্বৰ আমেৰিকা চৰকাৰসমূহক লক্ষ্য কৰি তেওঁ কয় ৪৭ বছৰ ধৰি তেওঁলোকে কথা পতাৰ বাহিৰে একোৱেই কৰা নাছিল।ট্ৰাম্পে কয় যে, কাইলৈৰ বৈঠকতেই ইয়াৰ পিছত কি হ’ব সেই কথা নিৰ্ধাৰণ কৰিব।অৱশ্যে ট্ৰাম্পে এইটো স্পষ্ট কৰা নাই যে,এইখন শেষ বৈঠক হ’ব নে আৰু বৈঠক হ’ব। তেওঁ কেৱল কৈছিল যে, “কাইলৈ আমি চাব লাগিব যে ইয়াৰ ফলাফল কি হ’ব।”
লগতে পঢ়ক: “আলোচনা তেতিয়াহে হ’ব যেতিয়া…”; ইছলামাবাদত আলোচনাৰ পূৰ্বে আমেৰিকাক চৰ্ত ইৰাণৰ









