ভোটদানৰ মহাপৰ্বত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আহ্বান

ভোটদানৰ মহাপৰ্বত প্ৰধানমন্ত্ৰী মোদীৰ বিশেষ আহ্বান

বিধানসভা নিৰ্বাচনৰ বাবে আজি তিনিখন ৰাজ্য অসম, পুডুচেৰী, আৰু কেৰালাত ভোটদান চলি আছে বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে আজি তিনিখন ৰাজ্য অসম, পুডুচেৰী, আৰু কেৰালাত ভোটদান চলি আছে । এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিওখন ৰাজ্যৰ ভোটাৰক গণতন্ত্ৰৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়

বিধানসভা নিৰ্বাচনৰ বাবে আজি তিনিখন ৰাজ্য অসম, পুডুচেৰী, আৰু কেৰালাত ভোটদান চলি আছে

বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে আজি তিনিখন ৰাজ্য অসম, পুডুচেৰী, আৰু কেৰালাত ভোটদান চলি আছে । এই বিশেষ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তিনিওখন ৰাজ্যৰ ভোটাৰক গণতন্ত্ৰৰ এই উদযাপনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় । বিশেষকৈ যুৱক-যুৱতী আৰু মহিলা ভোটাৰসকলক গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰিবলৈ আহ্বান জনায় তেওঁ । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দেশৰ ভৱিষ্যত গঢ় দিয়াত প্ৰতিটো ভোটে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ বাবে আবেদন জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “নাগৰিকসকলে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ এক গুৰুত্বপূৰ্ণ সুযোগ ভোটদান । সকলোৱে নিজৰ ভোটাধিকাৰ প্ৰয়োগ কৰি গণতন্ত্ৰক সৱলীকৰণ কৰা উচিত । এই প্ৰক্ৰিয়াই ৰাজ্যৰ ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব । প্ৰতিজন নাগৰিকৰ অৱদান গুৰুত্বপূৰ্ণ ।”

কেৰালা, পুডুচেৰী, অসমৰ জনসাধাৰণক পৃথক পৃথক এক্স-পোষ্টত আবেদন জনায় প্ৰধানমন্ত্ৰী মোদীয়ে । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অভিলেখসংখ্যক অংশগ্ৰহণৰ আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যসমূহৰ যুৱ-মহিলাসকলক আগবাঢ়ি আহি বৃহৎ সংখ্যক ভোটদান কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা ভাৰতৰ