'ধুৰন্ধৰ ২'ৰ ইতিহাস সৃষ্টি; ১০০০ কোটি উপাৰ্জন কৰা প্ৰথমখন বলীউড ছবি

‘ধুৰন্ধৰ ২’ৰ ইতিহাস সৃষ্টি; ১০০০ কোটি উপাৰ্জন কৰা প্ৰথমখন বলীউড ছবি

আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২ এ বক্স অফিচত এনে এক কৃতিত্ব অৰ্জন কৰিছে, যিটো প্ৰতিজন ছবি নিৰ্মাতাই লাভ কৰিবলৈ আকাংক্ষা কৰে। ছবিখন ১০০০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথমখন বলীউড ছবি হিচাপে পৰিগণিত হৈছে। আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২ য়ে বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে। ৰণবীৰ

আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২ এ বক্স অফিচত এনে এক কৃতিত্ব অৰ্জন কৰিছে, যিটো প্ৰতিজন ছবি নিৰ্মাতাই লাভ কৰিবলৈ আকাংক্ষা কৰে। ছবিখন ১০০০ কোটিৰ সীমা অতিক্ৰম কৰা প্ৰথমখন বলীউড ছবি হিচাপে পৰিগণিত হৈছে।

আদিত্য ধৰৰ ছবি ধুৰন্ধৰ ২ য়ে বক্স অফিচত ইতিহাসৰ সৃষ্টি কৰিছে। ৰণবীৰ সিং অভিনীত চোৰাংচোৱা থ্ৰিলাৰ ছবিখনে ১৮ দিনত ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি এক বৃহৎ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।ভাৰতীয় বক্স অফিচত এনে কৃতিত্ব অৰ্জন কৰা এইখন বলীউডৰ প্ৰথমখন ছবি হৈ পৰিছে।

১৯ মাৰ্চত মুক্তি পোৱা ‘ধুৰন্ধৰ ২’এ প্ৰতিদিনে ভাল ব্যৱসায় কৰি আছে। এই একচন থ্ৰিলাৰ ছবিখনে আশা কৰাতকৈ বহু বেছি ভাল প্ৰদৰ্শন কৰিছে, আনকি তৃতীয় সপ্তাহতো চিনেমাগৃহত  দৰ্শকৰ বিপুল ভিৰ দেখিবলৈ পোৱা গৈছে।

১৮ নম্বৰ দিনত ‘ধুৰন্ধৰ ২’এ ২৮.৭৫ কোটিৰ সংগ্ৰহ কৰিছে। এনে উপাৰ্জনে তৃতীয় সপ্তাহতো স্পষ্ট কৰি দিয়ে যে ‘ধুৰন্ধৰ ২’ দৰ্শকৰ শীৰ্ষ পছন্দ হৈয়েই আছে।প্ৰথম সপ্তাহত ছবিখনে ৬৭৪ কোটি আৰু দ্বিতীয় সপ্তাহত ২৬৩.৬৫ কোটি টকা উপাৰ্জন কৰে।এইদৰে ধুৰন্ধৰ ২ৰ মুঠ সংগ্ৰহ ১,২১৩.৭৪ কোটি ।

ইতিহাস ৰচনা কৰাৰ পিছত এতিয়া ‘ধুৰন্ধৰ ২’ৰ দৃষ্টি ‘বাহুবলী ২: দ্য কনক্লুচন’ৰ অভিলেখ ভংগ কৰা।যিয়ে ভাৰতীয় বক্স অফিচত প্ৰায় ১,০৩০ কোটি টকা উপাৰ্জন কৰিছিল।

লগতে পঢ়ক: ১৩ বছৰৰ মূৰত ছবিগৃহলৈ আহিব কুইনৰ ছিকুৱেল; সলনি হ’ব শিৰোনাম