১৩ বছৰৰ মূৰত ছবিগৃহলৈ আহিব কুইনৰ ছিকুৱেল; সলনি হ’ব শিৰোনাম

১৩ বছৰৰ মূৰত ছবিগৃহলৈ আহিব কুইনৰ ছিকুৱেল; সলনি হ’ব শিৰোনাম

২০১৪ চনত মুক্তি পোৱা ‘কুইন’ ছবিখন সেইসময়ৰ অন্যতম সফল ছবি আছিল।এই ছবিখনত কংগনা ৰানাৱতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।এতিয়া ১৩ বছৰৰ পাছত ছবিখনৰ ছিকুৱেল নিৰ্মাণ হ’ব। অভিনেত্ৰী কংগনা ৰানাৱতৰ শ্ৰেষ্ঠ ছবিৰ বিষয়ে যেতিয়াই চৰ্চিত হয় তেতিয়াই কুইন ছবিখনৰ নাম প্ৰথমে উল্লেখ কৰা হয়। এই ছবিখন মুক্তি

২০১৪ চনত মুক্তি পোৱা ‘কুইন’ ছবিখন সেইসময়ৰ অন্যতম সফল ছবি আছিল।এই ছবিখনত কংগনা ৰানাৱতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।এতিয়া ১৩ বছৰৰ পাছত ছবিখনৰ ছিকুৱেল নিৰ্মাণ হ’ব।

অভিনেত্ৰী কংগনা ৰানাৱতৰ শ্ৰেষ্ঠ ছবিৰ বিষয়ে যেতিয়াই চৰ্চিত হয় তেতিয়াই কুইন ছবিখনৰ নাম প্ৰথমে উল্লেখ কৰা হয়। এই ছবিখন মুক্তি পোৱা ১৩ বছৰ হ’ল কিন্তু আজিও ইয়াৰ জনপ্ৰিয়তা কমি যোৱা নাই। ইফালে এই ছবিখনে আকৌ এবাৰ শিৰোনাম দখল কৰিছে।

খবৰ অনুসৰি ১৩ বছৰৰ পিছত নিৰ্মাণ হ’ব কুইনৰ ছিকুৱেল।কিন্তু ছবিখনৰ ছিকুৱেলত সলনি হ’ব শিৰোনাম। অৰ্থাৎ ‘কুইন’ৰ ছিকুৱেল ‘কুইন ২’ নামেৰে নিৰ্মাণ কৰা নহ’ব, বৰঞ্চ নতুন শিৰোনামেৰে নিৰ্মাণ কৰা হ’ব।

জানিব পৰা মতে কুইন’ৰ ছিকুৱেলৰ নাম হয়তো ‘কুইন ২’তকৈ ‘কুইন ফৰ এভাৰ’ হ’ব পাৰে। কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত নিৰ্মাতাসকলৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। জানিব পৰা মতে কংগনাৰ বাহিৰে ‘কুইন’ৰ ছিকুৱেলত সকলো মুখ নতুন হ’ব পাৰে। অৰ্থাৎ প্ৰথমখন ছবিৰ অভিনেতা-অভিনেত্ৰী ইয়াত ঘূৰি অহাৰ সম্ভাৱনা নাই। খবৰ অনুসৰি, পৰিচালক বিকাশ বাহলে ছবিখনৰ বাবে নতুন অভিনেতা ইতিমধ্যে বাছনি কৰিছে।

লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ৰ অভিলেখ সৃষ্টি; অতিক্ৰম কৰিলে ১৫০০ কোটি টকাৰ উপাৰ্জন