১৩ বছৰৰ মূৰত ছবিগৃহলৈ আহিব কুইনৰ ছিকুৱেল; সলনি হ’ব শিৰোনাম

২০১৪ চনত মুক্তি পোৱা ‘কুইন’ ছবিখন সেইসময়ৰ অন্যতম সফল ছবি আছিল।এই ছবিখনত কংগনা ৰানাৱতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।এতিয়া ১৩ বছৰৰ পাছত ছবিখনৰ ছিকুৱেল নিৰ্মাণ হ’ব।

অভিনেত্ৰী কংগনা ৰানাৱতৰ শ্ৰেষ্ঠ ছবিৰ বিষয়ে যেতিয়াই চৰ্চিত হয় তেতিয়াই কুইন ছবিখনৰ নাম প্ৰথমে উল্লেখ কৰা হয়। এই ছবিখন মুক্তি পোৱা ১৩ বছৰ হ’ল কিন্তু আজিও ইয়াৰ জনপ্ৰিয়তা কমি যোৱা নাই। ইফালে এই ছবিখনে আকৌ এবাৰ শিৰোনাম দখল কৰিছে।

খবৰ অনুসৰি ১৩ বছৰৰ পিছত নিৰ্মাণ হ’ব কুইনৰ ছিকুৱেল।কিন্তু ছবিখনৰ ছিকুৱেলত সলনি হ’ব শিৰোনাম। অৰ্থাৎ ‘কুইন’ৰ ছিকুৱেল ‘কুইন ২’ নামেৰে নিৰ্মাণ কৰা নহ’ব, বৰঞ্চ নতুন শিৰোনামেৰে নিৰ্মাণ কৰা হ’ব।

জানিব পৰা মতে কুইন’ৰ ছিকুৱেলৰ নাম হয়তো ‘কুইন ২’তকৈ ‘কুইন ফৰ এভাৰ’ হ’ব পাৰে। কিন্তু এতিয়ালৈকে এই সন্দৰ্ভত নিৰ্মাতাসকলৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। জানিব পৰা মতে কংগনাৰ বাহিৰে ‘কুইন’ৰ ছিকুৱেলত সকলো মুখ নতুন হ’ব পাৰে। অৰ্থাৎ প্ৰথমখন ছবিৰ অভিনেতা-অভিনেত্ৰী ইয়াত ঘূৰি অহাৰ সম্ভাৱনা নাই। খবৰ অনুসৰি, পৰিচালক বিকাশ বাহলে ছবিখনৰ বাবে নতুন অভিনেতা ইতিমধ্যে বাছনি কৰিছে।

লগতে পঢ়ক: ‘ধুৰন্ধৰ ২’ৰ অভিলেখ সৃষ্টি; অতিক্ৰম কৰিলে ১৫০০ কোটি টকাৰ উপাৰ্জন

‘ক্ষতিপূৰণৰ পিছত জাভেদ আখতাৰে কংগনাৰ পৰা বিচাৰিলে লিখিত ক্ষমা, বুজাবুজিৰ মাজেৰে হোৱা নাছিল নিষ্পত্তি’ ; শ্বাবানা আজমীৰ বিস্ফোৰক মন্তব্য

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱত আৰু জাভেদ আখতাৰৰ মাজত দীৰ্ঘদিন ধৰি মানহানিৰ এটা গোচৰ চলি আছিল।

জাভেদ আখতাৰে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল কাৰণ এটা সাক্ষাৎকাৰৰ সময়ত কংগনাই তেওঁৰ বিৰুদ্ধে কিছু মন্তব্য কৰিছিল।এই গোচৰ প্ৰায় ৪ বছৰ ধৰি আদালতত চলি আছিল।

কিন্তু তাৰ পিছত পাৰস্পৰিক আলোচনা আৰু বুজাবুজিৰ অন্তত দুয়োৰে আইনী যুদ্ধৰ অন্ত পৰিছে। কিন্তু এতিয়া জাভেদ আখতাৰৰ পত্নী অভিনেত্ৰী শ্বাবানা আজমীয়ে এই সমগ্র ঘটনাক লৈ মন্তব্য প্রকাশ কৰিছে৷

কিছুমান সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শ্বাবানা আজমীয়ে ফেব্ৰুৱাৰী মাহত সমাপ্ত হোৱা এই গোচৰৰ সৈতে জড়িত এক আমোদজনক তথ্য প্ৰকাশ কৰিছে।

জানিব পৰা মতে জাভেদ আখতাৰ আৰু কংগনা ৰানাৱতৰ এই চুক্তি সম্পূৰ্ণ পাৰস্পৰিক নাছিল। ক্ষতিপূৰণৰ বিনিময়ত জাভেদ আখতাৰে কংগনাৰ পৰা লিখিতভাৱে ক্ষমা বিচাৰিছিল বুলি প্ৰকাশ কৰিছে শ্বাবানা আজমীয়ে।তেওঁ ইয়াক জাভেদ আখতাৰ আৰু তেওঁৰ অধিবক্তা জয় ভৰদ্বাজৰ বাবে জয় বুলি অভিহিত কৰে।

শ্বাবানাই আৰু কয় যে সমগ্ৰ বিষয়টো সংবাদ মাধ্যমত যিদৰে দেখুওৱা হৈছে তাত তেওঁ অলপ বিচলিত হৈছে।সংবাদ মাধ্যমে জাভেদ আখতাৰ আৰু সাংসদ গৰাকীৰ এই মিলনক ​​যিদৰে পাৰস্পৰিক চুক্তি বুলি অভিহিত কৰিছিল তাত শ্বাবানা আজমী সুখী নাছিল।

তেওঁ লগতে কয় যে জাভেদ আখতাৰৰ উদ্দেশ্য আছিল কেৱল কংগনাৰ পৰা লিখিত ক্ষমা বিচৰা, কিয়নো এই গোচৰটো চাৰি বছৰত কৈও অধিক সময় ধৰি চলিছিল।

আচলতে কংগনা ৰানাৱত আৰু জাভেদ আখতাৰৰ মাজত এই যুঁজখন আছিল ২০১৬ চনৰ। সেই সময়ত অভিনেত্ৰীগৰাকী আৰু হৃতিক ৰোশনৰ মাজত কিছু ইমেইলৰ বাবে শিৰোনামত আছিল। অভিনেতাগৰাকীৰ বিৰুদ্ধেও কংগনাই কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল।