তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক

তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক

তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এটা বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে এটা বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে । ৰোডশ্ব’ত বিজেপিৰ সমৰ্থকৰ লগতে অসংখ্য লোকৰ অংশগ্ৰহণ পৰিলক্ষিত হয় । স্থানীয় লোকসকলৰ লগতে কেৰালা বিজেপিৰ

তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এটা বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে

কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে এটা বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে । ৰোডশ্ব’ত বিজেপিৰ সমৰ্থকৰ লগতে অসংখ্য লোকৰ অংশগ্ৰহণ পৰিলক্ষিত হয় । স্থানীয় লোকসকলৰ লগতে কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰ আৰু ভট্টিয়ুৰকাভু সমষ্টিৰ দলীয় প্ৰাৰ্থী আৰ শ্ৰীলেখাও এই ৰোডশ্ব’ত অংশগ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে দিনৰ ভাগত এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালা বিধানসভা নিৰ্বাচনত বিজেপি-এন ডি এ চৰকাৰ ক্ষমতালৈ আহিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে আৰু কয় যে এন ডি এৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু মহিলাসকলৰ অপৰিসীম সমৰ্থন সমগ্ৰ ৰাজ্যখনতে দৃশ্যমান হৈছে ।

বিধানসভা নিৰ্বাচনত বিজেপিৰ সম্ভাৱনীয়তা বৃদ্ধিৰ বাবে তিৰুভাল্লাত এখন সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া কেৰালাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে । তেওঁ কয়- “মই ইয়াৰ আগতেও আহিছো, কিন্তু এইবাৰ পৰিৱৰ্তনৰ বতাহ এক ভিন্ন দিশত বলিছে । কেৰালাত এতিয়া আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে । ৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত কেইবা দশক ধৰি চলি অহা কু-শাসনৰ অন্ত পৰাৰ কথা ঘোষণা কৰা হ’ব । এতিয়া এয়া নিশ্চিত যে এল ডি এফ চৰকাৰৰ বিদায়ৰ কাউন্ট-ডাউন আৰম্ভ হৈছে । প্ৰথমবাৰৰ বাবে কেৰালাত বিজেপি-এন ডি এ চৰকাৰ ক্ষমতালৈ আহিব ।”

প্ৰধানমন্ত্ৰীয়ে সমাৱেশত বিপুল সংখ্যক লোকৰ উপস্থিতিৰ কথা উল্লেখ কৰে । তেওঁ কয়, “মোৰ আগমণৰ লগে লগে মই দেখিবলৈ পালোঁ যে সমগ্ৰ পথটোতে জনসাধাৰণে ভিৰ কৰিছে । কেৰালাৰ ৰাইজে মানৱ দেৱাল গঠন কৰি এন ডি এৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সমৰ্থন প্ৰকাশ কৰিছে ।”

তেওঁ লগতে কয়, “মই শেহতীয়াকৈ ‘মেৰা বুথ চবছে মজবুত’ অভিযানৰ সময়ত কেৰালা বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে এক বিস্তৃত বাৰ্তালাপ কৰিছিলোঁ । কেৰালাৰ ৫০০০ টা শক্তি কেন্দ্ৰৰ ১,২৫,০০০ ৰো অধিক কাৰ্যকৰ্তাই ইয়াত সংযোগ স্থাপন কৰিছিল আৰু তেওঁলোকৰ ধাৰণা ব্যক্ত কৰিছিল । এটা বাৰ্তা স্পষ্ট আছিল: কেৰালাৰ ৰাইজে এল ডি এফ চৰকাৰক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰই আগবঢ়োৱা সমৰ্থনৰ বিষয়েও উল্লেখ কৰে । তেওঁ লগতে কয়, “যেতিয়া কেন্দ্ৰত এল ডি এফ আৰু ইউ ডি এফ ক্ষমতাত আছিল, তেতিয়া কেৰালাই বহু কম সহায় পাইছিল । মোদী চৰকাৰৰ অধীনত, সেই সময়ৰ তুলনাত ৰাজ্যখনক পাঁচগুণ অধিক পুঁজি আৱণ্টন কৰা হৈছে ।”

উল্লেখ্য য়ে, কেৰালাত ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত তামিলনাডু, পশ্চিম বংগ, অসম আৰু পুডুচেৰীৰ সৈতে ফলাফল ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : আপৰ সকলো অভিযোগৰ প্ৰত্যুত্তৰ ৰাঘৱ চাড্ডাৰ; ক’লে— উদঙাই দিম প্ৰতিটো মিছা কথা