তিৰুৱনন্তপুৰমত বিজেপিৰ শক্তি প্ৰদৰ্শন, বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰী মোদীৰ চমক

তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে এটা বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে

কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে তিৰুৱনন্তপুৰমত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে এটা বিশাল ৰোডশ্ব’ত অংশগ্ৰহণ কৰে । ৰোডশ্ব’ত বিজেপিৰ সমৰ্থকৰ লগতে অসংখ্য লোকৰ অংশগ্ৰহণ পৰিলক্ষিত হয় । স্থানীয় লোকসকলৰ লগতে কেৰালা বিজেপিৰ ৰাজ্যিক সভাপতি ৰাজীৱ চন্দ্ৰশেখৰ আৰু ভট্টিয়ুৰকাভু সমষ্টিৰ দলীয় প্ৰাৰ্থী আৰ শ্ৰীলেখাও এই ৰোডশ্ব’ত অংশগ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বে দিনৰ ভাগত এখন সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালা বিধানসভা নিৰ্বাচনত বিজেপি-এন ডি এ চৰকাৰ ক্ষমতালৈ আহিব বুলি আত্মবিশ্বাস প্ৰকাশ কৰে আৰু কয় যে এন ডি এৰ প্ৰতি জনসাধাৰণৰ আস্থা আৰু মহিলাসকলৰ অপৰিসীম সমৰ্থন সমগ্ৰ ৰাজ্যখনতে দৃশ্যমান হৈছে ।

বিধানসভা নিৰ্বাচনত বিজেপিৰ সম্ভাৱনীয়তা বৃদ্ধিৰ বাবে তিৰুভাল্লাত এখন সমাৱেশত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এতিয়া কেৰালাত আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে । তেওঁ কয়- “মই ইয়াৰ আগতেও আহিছো, কিন্তু এইবাৰ পৰিৱৰ্তনৰ বতাহ এক ভিন্ন দিশত বলিছে । কেৰালাত এতিয়া আটাইতকৈ ডাঙৰ পৰিৱৰ্তন হ’বলৈ গৈ আছে । ৯ এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু ৪ মে’ত কেইবা দশক ধৰি চলি অহা কু-শাসনৰ অন্ত পৰাৰ কথা ঘোষণা কৰা হ’ব । এতিয়া এয়া নিশ্চিত যে এল ডি এফ চৰকাৰৰ বিদায়ৰ কাউন্ট-ডাউন আৰম্ভ হৈছে । প্ৰথমবাৰৰ বাবে কেৰালাত বিজেপি-এন ডি এ চৰকাৰ ক্ষমতালৈ আহিব ।”

প্ৰধানমন্ত্ৰীয়ে সমাৱেশত বিপুল সংখ্যক লোকৰ উপস্থিতিৰ কথা উল্লেখ কৰে । তেওঁ কয়, “মোৰ আগমণৰ লগে লগে মই দেখিবলৈ পালোঁ যে সমগ্ৰ পথটোতে জনসাধাৰণে ভিৰ কৰিছে । কেৰালাৰ ৰাইজে মানৱ দেৱাল গঠন কৰি এন ডি এৰ প্ৰতি তেওঁলোকৰ অকুণ্ঠ সমৰ্থন প্ৰকাশ কৰিছে ।”

তেওঁ লগতে কয়, “মই শেহতীয়াকৈ ‘মেৰা বুথ চবছে মজবুত’ অভিযানৰ সময়ত কেৰালা বিজেপিৰ কাৰ্যকৰ্তাসকলৰ সৈতে এক বিস্তৃত বাৰ্তালাপ কৰিছিলোঁ । কেৰালাৰ ৫০০০ টা শক্তি কেন্দ্ৰৰ ১,২৫,০০০ ৰো অধিক কাৰ্যকৰ্তাই ইয়াত সংযোগ স্থাপন কৰিছিল আৰু তেওঁলোকৰ ধাৰণা ব্যক্ত কৰিছিল । এটা বাৰ্তা স্পষ্ট আছিল: কেৰালাৰ ৰাইজে এল ডি এফ চৰকাৰক বিদায় দিয়াৰ সিদ্ধান্ত লৈছে ।”

প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যখনৰ উন্নয়নৰ বাবে কেন্দ্ৰই আগবঢ়োৱা সমৰ্থনৰ বিষয়েও উল্লেখ কৰে । তেওঁ লগতে কয়, “যেতিয়া কেন্দ্ৰত এল ডি এফ আৰু ইউ ডি এফ ক্ষমতাত আছিল, তেতিয়া কেৰালাই বহু কম সহায় পাইছিল । মোদী চৰকাৰৰ অধীনত, সেই সময়ৰ তুলনাত ৰাজ্যখনক পাঁচগুণ অধিক পুঁজি আৱণ্টন কৰা হৈছে ।”

উল্লেখ্য য়ে, কেৰালাত ৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ৪ মে’ত তামিলনাডু, পশ্চিম বংগ, অসম আৰু পুডুচেৰীৰ সৈতে ফলাফল ঘোষণা কৰা হ’ব ।

লগতে পঢ়ক : আপৰ সকলো অভিযোগৰ প্ৰত্যুত্তৰ ৰাঘৱ চাড্ডাৰ; ক’লে— উদঙাই দিম প্ৰতিটো মিছা কথা

কেৰালাত বাওঁপন্থীৰ অক্ষত দুৰ্গত মোক্ষম আঘাত, অভিনন্দন জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

তিৰুৱনন্তপুৰমত বাওঁ শিবিৰক ওফৰাই ঐতিহাসিক জয় সাব্যস্ত কৰিছে বিজেপিয়ে । এই জয়ৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জনসাধাৰণক অভিনন্দন জ্ঞাপন কৰিছে ।

কেৰালাৰ স্থানীয় নিকায় নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টিয়ে তিৰুৱনন্তপুৰম পৌৰ নিগমত ঐতিহাসিক জয় সাব্যস্ত কৰিছে । চাৰি দশক ধৰি বাওঁ গণতান্ত্ৰিক মৰ্চাৰ দুৰ্গ তিৰুৱনন্তপুৰমত বিজেপিয়ে এই ঐতিহাসিক বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ এই প্ৰদৰ্শনে কেৰালা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত এক ৰাজনৈতিক ধুমুহাৰ সৃষ্টি কৰিছে । এই ঐতিহাসিক বিজয়ৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিক অভিনন্দন জ্ঞাপন কৰিছে ।

কেৰালাৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ-

প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি তিৰুৱনন্তপুৰমৰ জনসাধাৰণক নিৰ্বাচনী বিজয়ৰ বাবে ধন্যবাদ জনায় । তেওঁ কয়, “কেৰালাৰ স্থানীয় নিকায় নিৰ্বাচনত বিজেপি আৰু এন ডি এৰ প্ৰাৰ্থীক ভোট দিয়া ৰাজ্যখনৰ সকলো জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো । কেৰালা এতিয়া ইউ ডি এফ আৰু এল ডি এফৰ পৰা বিৰক্ত হৈছে । ৰাজ্যৰ জনসাধাৰণে এতিয়া এন ডি এক একমাত্ৰ বিকল্প হিচাপে দেখিছে যিয়ে সুশাসন প্ৰদান কৰিব পাৰে আৰু সকলোৰে বাবে সুযোগেৰে ভৰা এখন উন্নত কেৰালা গঢ়ি তুলিব পাৰে ।”

আন এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ধন্যবাদ, তিৰুৱনন্তপুৰম! তিৰুৱনন্তপুৰম পৌৰ নিগমত বিজেপি-এনডিএক দিয়া আদেশ কেৰালাৰ ৰাজনীতিত এক ঐতিহাসিক টাৰ্নিং পইণ্ট । জনসাধাৰণৰ সম্পূৰ্ণ আস্থা আছে যে কেৱল আমাৰ দলেহে ৰাজ্যখনৰ উন্নয়নৰ আকাংক্ষা পূৰণ কৰিব পাৰিব । আমাৰ দলে এই সজীৱ চহৰখনৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন-যাপনৰ সুচল উন্নত কৰাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰিব ।”

দলীয় কৰ্মীক অভিনন্দন-

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “তিৰুৱনন্তপুৰম পৌৰ নিগমৰ এক দৰ্শনীয় নিৰ্বাচনী ফলাফল নিশ্চিত কৰাৰ বাবে জনসাধাৰণৰ মাজত কাম কৰা সকলো কঠোৰ পৰিশ্ৰমী বিজেপি কৰ্মীলৈ মই কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছো । আজি কেৰালাত প্ৰজন্ম ধৰি তৃণমূল পৰ্যায়ত কাম কৰি অহা কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰামক স্মৰণ কৰাৰ দিন আৰু তেওঁলোকৰ বাবেই এই ফলাফল সম্ভৱ হৈছে ।” তেওঁ কয় যে আমাৰ কৰ্মীসকল আমাৰ শক্তি আৰু তেওঁলোকৰ বাবে আমি গৌৰৱান্বিত ।

কেৰালাত বাওঁ শিবিৰৰ বৃহৎ বিপৰ্যয়-

কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমত স্থানীয় সংস্থাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি আৰু এন ডি এৰ প্ৰাৰ্থীৰ বিজয়ক চাৰি দশকৰো অধিক সময় ইয়াত ক্ষমতা দখল কৰা বাওঁপন্থী দলসমূহৰ বাবে এক বৃহৎ ৰাজনৈতিক আঘাত হিচাপে বিবেচিত হৈছে । কংগ্ৰেছ দলৰ বাবেও ই এক বিপৰ্যয়ৰ প্ৰতিনিধিত্ব কৰে, কিয়নো কংগ্ৰেছ নেতা শশী থাৰুৰে তিৰুৱনন্তপুৰম লোকসভা আসনৰ পৰা একেৰাহে চাৰিটা কাৰ্যকালৰ বাবে সাংসদ নিৰ্বাচিত হৈছে ।

লগতে পঢ়ক : ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট