বংগৰ মালদাত সংঘটিত হোৱা কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰৰ পিছতে মমতা বেনাৰ্জীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগৰ ওপৰত কেইবাটাও অভিযোগ উত্থাপন কৰে।
পশ্চিমবংগৰ মুৰ্ছিদাবাদত এক সমাৱেশৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ মালদাত সংঘটিত ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।ৰাজ্যৰ পৰিস্থিতি অৱনতি ঘটাৰ আঁৰত সু-পৰিকল্পিত ষড়যন্ত্ৰ আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।
মমতা বেনাৰ্জীয়ে কয় যে, বিজেপি আৰু নিৰ্বাচনী আয়োগে জুইৰ সৈতে খেলি আছে আৰু মালদাৰ কাণ্ডটো সেই “লেতেৰা ষড়যন্ত্ৰ”ৰ ফল। এক বিচ্ছিন্ন ঘটনাৰ জৰিয়তে সমগ্ৰ বংগৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা কৰা হৈছে।
তেওঁ অভিযোগ উত্থাপন কৰিছে যে, যিসকল অভিজ্ঞ বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া বংগৰ প্ৰতিটো পৰিস্থিতিৰ লগত পৰিচিত আছিল সেইসলক বদলি কৰা হৈছে। তেওঁলোকৰ ঠাইত কেন্দ্ৰীয় বিষয়াক মোতায়েন কৰা হৈছে,যিসকলৰ ৰাজ্যৰ ভৌগোলিক, সামাজিক, স্থলপৃষ্ঠৰ বাস্তৱতাৰ বুজ নাই।
মমতা বেনাৰ্জীয়ে কয় যে, “বাহিৰৰ বিষয়াসকলে” স্থানীয় পৰিস্থিতি চম্ভালিব নোৱাৰে,যাৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটিছে।তদুপৰি বিজেপিয়ে এইবোৰ ঘটনাৰ সহায়ত সমগ্ৰ ৰাজ্যখনক বদনাম কৰাৰ চেষ্টা চলাইছে।
এই সমগ্র বিষয়ৰ বাবে মুখ্যমন্ত্রীয়ে অমিত শ্বাহক পোনপটীয়াকৈ জগৰীয়া কৰে৷ তেওঁ কয় যে, আইন-শৃংখলা ভেঙুচালি কৰা আৰু বংগৰ শান্তিৰ সৈতে ৰাজনীতি কৰাৰ বাবে অমিত শ্বাহে অনতিপলমে পদত্যাগ কৰা উচিত।
লগতে পঢ়ক: ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা ৰাঘৱ চাদ্দাকক অপসাৰণ আপৰ









