শপত গ্ৰহণৰ পিছতেই এক্সন মুডত বলেন্দ্ৰ শ্বাহ; নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলীক গ্ৰেপ্তাৰ

শপত গ্ৰহণৰ পিছতেই এক্সন মুডত বলেন্দ্ৰ শ্বাহ; নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলীক গ্ৰেপ্তাৰ

নেপালত Gen-Z প্ৰতিবাদৰ সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক অপৰাধমূলক গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।নেপালত নতুন চৰকাৰ গঠনৰ ২৪ ঘণ্টাৰ ভিতৰতেই বলেন্দ্ৰ শ্বাহৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ। নতুন চৰকাৰ গঠনৰ লগে লগে নেপালত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ

নেপালত Gen-Z প্ৰতিবাদৰ সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক অপৰাধমূলক গাফিলতিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।নেপালত নতুন চৰকাৰ গঠনৰ ২৪ ঘণ্টাৰ ভিতৰতেই বলেন্দ্ৰ শ্বাহৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ।

নতুন চৰকাৰ গঠনৰ লগে লগে নেপালত ৰাজনৈতিক অস্থিৰতা তীব্ৰতৰ হৈ পৰিছে। প্ৰধানমন্ত্ৰী বলেন্দ্ৰ শ্বাহৰ নেতৃত্বত গঠিত চৰকাৰখনে শপত গ্ৰহণৰ ২৪ ঘণ্টাৰ ভিতৰতেই এক বৃহৎ আৰু এক কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নেপালৰ Gen-Z ৰ প্ৰতিবাদৰ দমনৰ সন্দৰ্ভত প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলী আৰু প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক গ্ৰেপ্তাৰ কৰিছে।

Gen-Z প্ৰতিবাদৰ সময়ত ছাত্ৰৰ মৃত্যুৰ সন্দৰ্ভত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে, য’ত এই দুজন নেতাক জগৰীয়া কৰা হৈছিল। জানিব পৰা মতে,বলেন্দ্ৰ শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকত তদন্ত আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ ভিত্তিতেই এই গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰতিবেদনটোত কোৱা হৈছিল যে, প্ৰতিবাদৰ সময়ত নিৰপৰাধী ছাত্ৰ-ছাত্ৰীৰ ওপৰত গুলীচালনা কৰা হৈছিল, যাৰ ফলত কেইবাজনো ছাত্ৰ-ছাত্ৰীয়ে প্ৰাণ হেৰুৱাইছিল। এই বিষয়ত জবাবদিহিতা নিশ্চিত কৰিবলৈ চৰকাৰে প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণৰ পথ বাছি লৈছিল।

জানিব পৰা মতে, পুৱাৰ ভাগত প্ৰাক্তন গৃহমন্ত্ৰী ৰমেশ লেখকক প্ৰথমে জিম্মাত লোৱা হয় আৰু তাৰ কিছু সময়ৰ পিছত  প্ৰাক্তন প্ৰধানমন্ত্ৰী অলিকো গ্ৰেপ্তাৰ কৰা হয়। এই পদক্ষেপক নেপালী ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তনৰ চিন হিচাপে চোৱা হৈছে।

লগতে পঢ়ক: শংখ ধ্বনিৰ মাজেৰে নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ বলেন্দ্ৰ শ্বাহৰ; প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা