শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী

শক্তি সংকটৰ মাজতে ভাল খবৰ, ভাৰতৰ বাবে খোলা থাকিব হৰমুজ প্ৰণালী

আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব । এই দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে চীন, ৰাছিয়া, ইৰাক, পাকিস্তান

আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে কয় যে দেশখনে এতিয়া অংশীদাৰ ৰাষ্ট্ৰৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে পাৰ হ’বলৈ অনুমতি দিব । এই দেশসমূহৰ ভিতৰত ভাৰতৰ লগতে চীন, ৰাছিয়া, ইৰাক, পাকিস্তান আদিও আছে । অৰ্থাৎ ভাৰতীয় জাহাজক এই পথেৰে নিৰাপদে পাৰ হ’বলৈ দিয়া হ’ব । অৱশ্যে এটা চৰ্ত হ’ল জাহাজসমূহে প্ৰথমে ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰিব লাগিব ।

বিশ্বৰ অন্যতম বৃহৎ তেল যোগান পথ এই প্ৰণালীটোক লৈ বিশ্বজুৰি উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে এই সিদ্ধান্ত লৈছে ইৰাণে । যদি এই পথ সম্পূৰ্ণৰূপে বন্ধ কৰা হয় তেন্তে ভাৰতৰ দৰে দেশৰ তেলৰ মূল্য আৰু যোগান দুয়োটাতে ইয়াৰ প্ৰভাৱ পৰিব ।

ইফালে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছেও এই বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰিছে । তেওঁ কয় যে হৰমুজ প্ৰমালী বন্ধ হোৱাৰ ফলত তেল, গেছ, সাৰৰ যোগানত ব্যাঘাত জন্মিছে, বিশেষকৈ কৃষিৰ বতৰত বিশ্বত প্ৰভাৱ পৰিছে ।

গুটেৰেছে আমেৰিকা আৰু ইজৰাইলক শীঘ্ৰেই যুদ্ধৰ অন্ত পেলাবলৈ আহ্বান জনায়, কিয়নো ই সাধাৰণ নাগৰিকৰ বাবে বিধ্বংসী ৰূপ ধাৰণ কৰিছে আৰু বিশ্ব অৰ্থনীতিত গুৰুতৰ প্ৰভাৱ পেলাইছে । ইৰাণক চুবুৰীয়া ৰাষ্ট্ৰৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈও আহ্বান জনায় ।

ইৰাণৰ এই সিদ্ধান্তই ভাৰতক যথেষ্ট সকাহ দিছে, কিয়নো ভাৰতৰ বহুখিনি তেল এই পথেৰে আহে । এই পথটো বন্ধ হৈ থকা হ’লে পেট্ৰ’ল-ডিজেলৰ দাম অধিক ব্যয়বহুল হ’ল হেঁতেন । ইৰাণে পূৰ্বে স্পষ্ট কৰি দিছিল যে শত্ৰুতাহীন জাহাজ (অৰ্থাৎ ইৰাণৰ সৈতে শত্ৰুতা নথকা দেশৰ জাহাজ) এই পথৰ মাজেৰে পাৰ হ’ব পাৰে, কিন্তু এতিয়া এই নিয়ম আৰু কঠোৰ কৰা হৈছে । প্ৰতিখন জাহাজে প্ৰথমে অনুমতি ল’ব লাগিব আৰু সুৰক্ষাৰ নিয়ম মানি চলিব লাগিব ।

লগতে পঢ়ক : আমেৰিকাৰ এফ-১৮ যুদ্ধ বিমান ধ্বংস কৰাৰ দাবী ইৰাণৰ