সৰভোগত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি

সৰভোগত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি

সৰভোগ সমষ্টিৰ ভৱানীপুৰ অঞ্চলত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২৪ মাৰ্চত বজালী জিলাৰ ভৱানীপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভৱানীপুৰ সত্ৰই গোপাল আতা বঁটাৰে সন্মানিত কৰে । মুখ্যমন্ত্ৰী শৰ্মাই সৰভোগ সমষ্টিৰ ভৱানীপুৰ অঞ্চলত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে, য’ত তেওঁ

সৰভোগ সমষ্টিৰ ভৱানীপুৰ অঞ্চলত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

২৪ মাৰ্চত বজালী জিলাৰ ভৱানীপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভৱানীপুৰ সত্ৰই গোপাল আতা বঁটাৰে সন্মানিত কৰে । মুখ্যমন্ত্ৰী শৰ্মাই সৰভোগ সমষ্টিৰ ভৱানীপুৰ অঞ্চলত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে, য’ত তেওঁ এক বিশাল জন সমাৱেশক সম্বোধন কৰে আৰু নিজৰ বাহনৰ ওপৰৰ পৰাই সমৰ্থকসকলৰ সৈতে মত-বিনিময় কৰে । ইফালে এই যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰে । মুখ্যমন্ত্ৰীৰ এই যাত্ৰালৈ হিল-দল ভাঙি ওলাই আহে ভৱানীপুৰৰ ৰাইজ ।

নিৰ্বাচনৰ পূৰ্বে আত্মবিশ্বাস প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি প্ৰাৰ্থীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিব আৰু জনসাধাৰণৰ সমৰ্থন দলটোৰ পক্ষত দৃঢ়ভাৱে আছে বুলি তেওঁ দাবী কৰে । ইয়াৰ লগতে তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অধিক সক্ৰিয় কৰি তোলে ।

উন্নয়নমূলক প্ৰতিশ্ৰুতিসমূহৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে ভৱানীপুৰত এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব । তেওঁ লগতে উল্লেখ কৰে যে ইতিমধ্যে প্ৰায় ১.৫ লাখ বিঘা সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু অনাগত সময়ত আৰু ৫০০০ বিঘা ভূমি মুক্ত কৰা হ’ব । সংস্থাপনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ কয় যে চৰকাৰে দুই লাখ যুৱক-যুৱতীক চাকৰি আৰু ১০ লাখ নিবনুৱাক প্ৰত্যেকৰে বিপৰীতে ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে, ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে ৰঞ্জিত কুমাৰ দাসক প্ৰক্ষেপ কৰিছে । ইফালে কংগ্ৰেছৰ মিত্ৰদল চিপিআই(এম)-এ মনোৰঞ্জন তালুকদাৰক আৰু সৰ্বভাৰতীয় ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে (AIUDF) ফৰহাদ আলীক প্ৰক্ষেপ কৰিছে ।

লগতে পঢ়ক : নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ

শেহতীয়া প্ৰৱন্ধসমূহ