প্ৰতিটো নিৰ্বাচনেই খিলঞ্জীয়াৰ পৰিচয়ৰ বাবে গুৰুত্বপূৰ্ণ : হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ প্ৰতিটো নিৰ্বাচন খিলঞ্জীয়াৰ পৰিচয় আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ

আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যত তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান । ইয়াৰ মাজতে মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ প্ৰতিটো নিৰ্বাচন খিলঞ্জীয়াৰ পৰিচয় আৰু ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । ভৱানীপুৰ-সৰভোগ সমষ্টিত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ।

সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনায় যে আগন্তুক দুই-তিনি দিনৰ ভিতৰত দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হ’ব । এই ইস্তাহাৰত ৰাজ্যখনৰ বাবে দলটোৰ লক্ষ্য আৰু প্ৰতিশ্ৰুতিসমূহ উল্লেখ থাকিব বুলি কয় তেওঁ । ইয়াৰ লগতে তেওঁ বুধবাৰৰ পৰা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ পৰৱৰ্তী পৰ্যায় হিচাপে “বিজয় সংকল্প সভা” আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে ।

নিৰ্বাচনৰ পূৰ্বে দলটোৱে দাঙি ধৰিব খোজা ৰাজনৈতিক বাৰ্তাটো স্পষ্ট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “অসমৰ খিলঞ্জীয়া লোকসকলৰ বাবে প্ৰতিটো নিৰ্বাচন নিৰ্ণায়ক; আমি জীয়াই থাকিব লাগিব আৰু নিজৰ পৰিচয় ৰক্ষা কৰিব লাগিব ।” শেহতীয়াকৈ সমাপ্ত হোৱা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে এই অভিযানে ৪০টা বিধানসভা সমষ্টিৰ প্ৰায় ২,০০০ কিলোমিটাৰ পথ সামৰি লৈছে । জনসাধাৰণৰ সঁহাৰি “অতি ইতিবাচক” বুলি বৰ্ণনা কৰি তেওঁ আস্থা প্ৰকাশ কৰে যে এই জনসমৰ্থনে নিৰ্বাচনত সফলতা কঢ়িয়াই আনিব ।

লগতে পঢ়ক : সৰভোগত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি

সৰভোগত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা, ২ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি

সৰভোগ সমষ্টিৰ ভৱানীপুৰ অঞ্চলত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

২৪ মাৰ্চত বজালী জিলাৰ ভৱানীপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ভৱানীপুৰ সত্ৰই গোপাল আতা বঁটাৰে সন্মানিত কৰে । মুখ্যমন্ত্ৰী শৰ্মাই সৰভোগ সমষ্টিৰ ভৱানীপুৰ অঞ্চলত জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে, য’ত তেওঁ এক বিশাল জন সমাৱেশক সম্বোধন কৰে আৰু নিজৰ বাহনৰ ওপৰৰ পৰাই সমৰ্থকসকলৰ সৈতে মত-বিনিময় কৰে । ইফালে এই যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰে । মুখ্যমন্ত্ৰীৰ এই যাত্ৰালৈ হিল-দল ভাঙি ওলাই আহে ভৱানীপুৰৰ ৰাইজ ।

নিৰ্বাচনৰ পূৰ্বে আত্মবিশ্বাস প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিজেপি প্ৰাৰ্থীয়ে এক ঐতিহাসিক জয় সাব্যস্ত কৰিব আৰু জনসাধাৰণৰ সমৰ্থন দলটোৰ পক্ষত দৃঢ়ভাৱে আছে বুলি তেওঁ দাবী কৰে । ইয়াৰ লগতে তেওঁ কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অধিক সক্ৰিয় কৰি তোলে ।

উন্নয়নমূলক প্ৰতিশ্ৰুতিসমূহৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস দিয়ে যে ভৱানীপুৰত এখন উৰণ সেতু নিৰ্মাণ কৰা হ’ব । তেওঁ লগতে উল্লেখ কৰে যে ইতিমধ্যে প্ৰায় ১.৫ লাখ বিঘা সত্ৰৰ ভূমি বেদখলমুক্ত কৰা হৈছে আৰু অনাগত সময়ত আৰু ৫০০০ বিঘা ভূমি মুক্ত কৰা হ’ব । সংস্থাপনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই পুনৰ কয় যে চৰকাৰে দুই লাখ যুৱক-যুৱতীক চাকৰি আৰু ১০ লাখ নিবনুৱাক প্ৰত্যেকৰে বিপৰীতে ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে, ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ পৰা বিজেপিয়ে ৰঞ্জিত কুমাৰ দাসক প্ৰক্ষেপ কৰিছে । ইফালে কংগ্ৰেছৰ মিত্ৰদল চিপিআই(এম)-এ মনোৰঞ্জন তালুকদাৰক আৰু সৰ্বভাৰতীয় ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টে (AIUDF) ফৰহাদ আলীক প্ৰক্ষেপ কৰিছে ।

লগতে পঢ়ক : নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ

আজিৰে পৰা দ্বিতীয় পৰ্যায়ৰ জন আশীৰ্বাদ যাত্ৰা, বৰষুণকো নেওচি লক্ষাধিক জনতাৰ সমাৱেশ

জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ । নেৰানেপেৰা বৰষুণকো নেওচি এই যাত্ৰাত বিশাল জনসমাগম ।

২৩ মাৰ্চৰ পৰা ‘জন আশীৰ্বাদ যাত্ৰা’ৰ দ্বিতীয়টো পৰ্যায় আৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । নেৰানেপেৰা বৰষুণকো নেওচি এই যাত্ৰাত বিশাল জনসমাগম পৰিলক্ষিত হয় । হিলদল ভাঙি মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ জন আশীৰ্বাদ যাত্ৰাত পৰিলক্ষিত হয় জনসমুদ্ৰ ।

পশ্চিম গুৱাহাটীৰ অটল উদ্যানৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা আদাবাৰী তিনিআলি, পাণ্ডু পৰ্ট ৰোড, পাণ্ডু বৰবজাৰ, মালিগাঁও চাৰিআলি, ৰে’লৱে হাস্পতাল আৰু গোঁসাইপাৰা বাসন্তী পূজা মণ্ডপৰ মাজেৰে পাৰ হয় । এখন বাহনৰ ওপৰত উঠি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পথৰ কাষত থকা লোকসকলক সম্ভাষণ জনায় ।

চাৰিদিনীয়া এই যাত্ৰাই ২৪ মাৰ্চত সৰভোগ আৰু ভৱানীপুৰ, ২৫ মাৰ্চত হোজাই, লামডিং আৰু নগাঁও আৰু ২৬ মাৰ্চত গোলকগঞ্জ, অভয়াপুৰী, বৰপেটা আৰু বজালী সামৰি ল’ব । আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ দৃষ্টিভংগী, সাফল্য আৰু সাংগঠনিক লক্ষ্যসমূহ পোনপটীয়াকৈ ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা কৰিছে বিজেপিয়ে ।

উল্লেখ্য য়ে, যাত্ৰাৰ প্ৰথম পৰ্যায় ৯ মাৰ্চত সমাপ্ত হৈছিল । প্ৰথম পৰ্যায়ৰ যাত্ৰাই অসমৰ ৩৪ টা বিধানসভা সমষ্টি সামৰি লৈছিল । যোৱা ২৮ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা এই অভিযান ৰাজ্যখনত বিজেপিৰ একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে চলোৱা প্ৰচেষ্টাৰ অংশ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে ঘোষণা কৰিছিল যে ২৪ মাৰ্চৰ পৰা ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব । ২৮ মাৰ্চৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য ৰাষ্ট্ৰীয় নেতাসকলে প্ৰচাৰ চলাব বুলি জানিবলৈ দিয়ে তেওঁ ।

ইফালে সোমবাৰে মনোনয়ন পত্ৰ দাখিলৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ বিপৰীতে ২৪ মাৰ্চত পৰীক্ষণ আৰু ২৬ মাৰ্চত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে । ১২৬ জনীয়া অসম বিধানসভাৰ বাবে নিৰ্বাচন ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব আৰু ৪ মে’ত ভোটগণনা হ’ব ।

লগতে পঢ়ক : নিৰ্বাচনী শক্তি প্ৰদৰ্শনেৰে অন্তিম দিনটোত বহু হেভীৱেইট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন

জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ঘড়ী উপহাৰ দিলে ভাগিনক

মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰে ভাগিন শান্তনু ছেত্ৰী

বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ তৃতীয় দিনটোত হাজাৰ হাজাৰ লোকে গহপুৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে যাত্ৰা পথত সমবেত হোৱা জনতাক অভিবাদন জনাই । দলীয় সমৰ্থকসকলৰ লগতে উপস্থিত লোকে পুষ্প বৰ্ষণ আৰু উল্লাসধ্বনিৰে বাট-পথ ভৰাই তোলে ।

ইফালে জন আশীৰ্বাদ যাত্ৰাৰ তৃতীয়টো দিনত গহপুৰত দেখা গল এক বিশেষ দৃশ্য । জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰীয়ে ভাগিনক উপহাৰ দিলে ঘড়ী । যাত্ৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে পিন্ধি থকা ঘড়ীটো ভাল লগা বুলি কৈছিল শান্তনু ছেত্ৰী নামৰ ছাত্ৰজনে । ইয়াৰ পিছতেই লগে লগে মুখ্যমন্ত্ৰীয়ে ঘড়ীটো খুলি ভাগিনগৰাকীক উপহাৰ দিয়ে । মুখ্যমন্ত্ৰীৰ মৰমৰ উপহাৰ পাই আনন্দত উৎফুল্লিত হৈ পৰে ভাগিন শান্তনু ছেত্ৰী । এই দৃশ্যৰ এটা ভিডিঅ’ এক্স যোগে শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখিছে, “ছাণ্টাক্লজ নহয়, কিন্তু মোৰ ভাগিনসকলৰ বাবে মোৰ হাতত সদায় উপহাৰ থাকে ।”

উল্লেখ্য যে, যোৱা দুটা দিনত জন আশীৰ্বাদ যাত্ৰাত হোৱা জনসমাগমৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে ৰাইজৰ সঁহাৰিয়ে তেওঁক ভাবিব নোৱৰাকৈ আপ্লুত কৰিছে । তেওঁ কয়, “কালি নিশা ১২:৩০ বজালৈকে যাত্ৰা চলিছিল আৰু সকলোতে মানুহ আছিল । ৰাইজে সম্পূৰ্ণ আশীৰ্বাদ দিছে । যোৱা পাঁচ বছৰত আমি কৰা কামসমূহ ৰাইজে স্বীকাৰ কৰিছে আৰু মই আশা কৰোঁ তেওঁলোকে এইবাৰ আমাক এক শক্তিশালী জনাদেশ দিব ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভূমিৰ অধিকাৰ আৰু সংস্থাপনৰ লগতে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে বহু লোকে তেওঁক ধন্যবাদ জনাইছে । চৰকাৰৰ স্থিতি পুনৰ দোহাৰি তেওঁ কয় যে উচ্ছেদ অভিযান অব্যাহত থাকিব আৰু অনাগত পাঁচ বছৰত পাঁচ লাখ বিঘা ‘বেদখলীকৃত’ ভূমি উদ্ধাৰ কৰা হ’ব । তেওঁ লগতে ভূমিৰ পট্টা কেৱল খিলঞ্জীয়া লোককহে প্ৰদান কৰা হ’ব বুলি কয় ।

লগতে পঢ়ক : ‘মিত্ৰতাৰ পৰিস্থিতি ভাল নহয়’; কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য