১৩,৬০০ কোটিত বিক্ৰী হ'ল ৰাজস্থান ৰয়েলছ

১৫ হাজাৰ কোটিত বিক্ৰী হ’ল ৰাজস্থান ৰয়েলছ

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল আই পি এলৰ ১৯ সংখ্যক ছিজনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ । আই পি এলৰ ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ মালিকীস্বত্বৰ দৌৰ এতিয়া অন্ত পৰিল । আমেৰিকাৰ ব্যৱসায়ী কাল সোমানীয়ে

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল

আই পি এলৰ ১৯ সংখ্যক ছিজনলৈ মাত্ৰ কেইদিনমান বাকী থকা অৱস্থাত প্ৰকাশ পাইছে এক গুৰুত্বপূৰ্ণ খবৰ । আই পি এলৰ ফ্ৰেঞ্চাইজি ৰাজস্থান ৰয়েলছৰ মালিকীস্বত্বৰ দৌৰ এতিয়া অন্ত পৰিল । আমেৰিকাৰ ব্যৱসায়ী কাল সোমানীয়ে এতিয়া এই ফ্ৰেঞ্চাইজি লাভ কৰিছে ।

খবৰ অনুসৰি, কাল সোমানীয়ে ১০০ শতাংশ অংশীদাৰিত্বকে ধৰি এই আই পি এল ফ্ৰেঞ্চাইজিটো প্ৰায় ১.৬৩ বিলিয়ন ডলাৰ (প্ৰায় ১৫ হাজাৰ কোটি টকা)ৰ বৃহৎ মূল্যত অধিগ্ৰহণ কৰিছে । এই চুক্তিৰ জৰিয়তে ৰাজস্থান ৰয়েলছ বিশ্বৰ আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হিচাপে পৰিগণিত হৈছে ।

খবৰ অনুসৰি কাল সোমানী হৈছে ইন্ট্ৰাএজ, একাডেমিয়ান আৰু ট্ৰুয়ো.এআইৰ প্ৰতিষ্ঠাপক । এই কনচৰ্টিয়ামটো ৱালমাৰ্ট পৰিয়ালৰ সৈতে জড়িত আমেৰিকান ব্যৱসায়ী ৰব ৱাল্টনেও সমৰ্থন কৰে । তদুপৰি ইয়াত ডেট্ৰাইট লায়ন্স দলৰ মালিক হেম্প পৰিয়ালটোও অন্তৰ্ভুক্ত হৈছে । খবৰ অনুসৰি এই নতুন মালিকীস্বত্বৰ প্ৰভাৱ আই পি এল ২০২৬ৰ পিছত কাৰ্যকৰী হ’ব ।

এই নতুন চুক্তিৰ পূৰ্বে ব্ৰিটিছ-ভাৰতীয় ব্যৱসায়ী মনোজ বাদালেৰ ৰাজস্থান ৰয়েলছৰ ৬৫% অংশীদাৰিত্ব আছিল । অৱশ্যে কাল সোমানীয়ে এতিয়া ১০০% অংশীদাৰিত্বৰ মালিক হ’ব । অৱশ্যে এই চুক্তি ভাৰতত ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অনুমোদনৰ আওতাত আছে আৰু অতি সোনকালে এই চুক্তি স্বাক্ষৰিত হোৱাৰ সম্ভাৱনা আছে ।

জানিব পৰা মতে অহা চাৰি-পাঁচ দিনৰ ভিতৰত এই চুক্তি ঘোষণা হোৱাৰ সম্ভাৱনা আছে । ইফালে আই পি এলৰ আন এটা ডাঙৰ দল আৰ চি বি (ডিফেণ্ডিং চেম্পিয়ন)ও বিক্ৰীৰ বাবে সাজু হৈছে বুলি কোৱা হৈছে ।

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা-

আই পি এলত ৰাজস্থান ৰয়েলছৰ যাত্ৰা ২০০৮ চনত শ্বেন ৱাৰ্ণৰ অধিনায়কত্বত হৈছিল । এই মেগা প্ৰতিযোগিতাৰ প্ৰথমটো ছিজনতে ফ্ৰেঞ্চাইজিটোৱে প্ৰথম খিতাপ দখল কৰিছিল । অৱশ্যে ইয়াৰ পিছতো দলটোৱে অবিৰত সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছে । ২০২২ চনত দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও খিতাপ দখল কৰিছিল গুজৰাট টাইটানছে ।

লগতে পঢ়ক : দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় দলত অসমৰ উমা চেত্ৰী