চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে
মহিলা সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে । জানিব পৰা মতে চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । এই প্ৰস্তাৱিত গাঁথনিত মহিলাৰ বাবে প্ৰায় ২৭৩খন আসন সংৰক্ষণ থাকিব বুলি কোৱা হৈছে ।
প্ৰকাশিত বাতৰি অনুসৰি ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত এই নতুন ব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনা চলি আছে । খবৰ অনুসৰি এই বিষয়ত বিৰোধী নেতাসকলৰ সৈতেও চৰকাৰ বৈঠকত মিলিত হৈ এক ব্যাপক ঐকমত্য গঢ়ি তুলিছে । যদিও এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও ৰাজনৈতিক মহলত ই উত্তপ্ত আলোচনাৰ সূচনা কৰিছে ।
ইতিমধ্যে মহিলা সংৰক্ষণ আইনখন সংসদে গৃহীত কৰিছে যদিও নতুন লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ ইয়াৰ কাৰ্যকৰীকৰণৰ চৰ্ত আছিল । শেহতীয়াকৈ চৰকাৰে গ্ৰহণক কৰা এই পদক্ষেপক এতিয়া সেই প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ কৌশল হিচাপে দেখা গৈছে । লোকসভাৰ আসনৰ সম্ভাৱ্য সম্প্ৰসাৰণ কেৱল মহিলাৰ প্ৰতিনিধিত্বত সীমাবদ্ধ নহয়; বৰঞ্চ ই ৰাজনৈতিক ভাৰসাম্য আৰু সংসদীয় গাঁথনিতো প্ৰভাৱ পেলাব পাৰে বুলি চৰ্চা চলিছে ।
জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইন (নাৰী শক্তি বন্দন অধিনিয়ম) সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে । সংসদত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰে এক অতি বিশেষ ফৰ্মূলা প্ৰস্তুত কৰিছে । এই ফৰ্মূলা হৈছে ৫০+৩৩ । ইফালে চলিত সংসদীয় অধিবেশনতে এই গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।
প্ৰস্তাৱিত ফৰ্মূলা অনুসৰি প্ৰথমে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব । ইয়াৰ পিছত যি মুঠ নতুন আসনৰ সৃষ্টি হ’ব, তাৰ ৩৩ শতাংশ আসন পোনপটীয়াকৈ মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব ।
উল্লেখ্য যে, বৰ্তমান লোকসভাত ৫৪৩ খন আসন আছে । নতুন প্ৰস্তাৱ অনুসৰি ৫০ শতাংশ আসন বৃদ্ধিৰ পিছত এই সংখ্যা প্ৰায় ৮১৬ লৈ বৃদ্ধি পাব । এই ৮১৬ খন আসনৰ ভিতৰত এক-তৃতীয়াংশ অৰ্থাৎ প্ৰায় ২৭৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব ।
আনহাতে এই প্ৰক্ৰিয়া কেতিয়া আৰু কেনেকৈ কাৰ্যকৰী হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও চৰকাৰে এই দিশত দ্ৰুতগতিত আগবাঢ়িছে বুলি জানিব পৰা গৈছে । মহিলা ভোটাৰৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি সংৰক্ষণৰ বিষয়টো ৰাজনৈতিক দলসমূহৰ বাবে এক মূল নিৰ্বাচনী বিষয় হিচাপে পৰিগণিত হ’ব পাৰে ।
সামাজিক দৃষ্টিকোণৰ পৰা নাৰীৰ বাবে আসন সংৰক্ষণক ৰাজনৈতিক সৱলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি গণ্য কৰা হয় । সমৰ্থকসকলে কয় যে ইয়াৰ দ্বাৰা সংসদত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাব আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী শক্তিশালী হ’ব । কিন্তু লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ একাংশ বিৰোধী দলে প্ৰশ্ন উত্থাপন কৰিছে ।
লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা









