লোকপিয়লত জড়িত বিষয়া-কর্মচাৰীলৈ GMCৰ কঠোৰ নিৰ্দেশনা

পূৰ্বানুমতি অবিহনে লোকপিয়লৰ কৰ্তব্যত নিয়োজিত কোনো কৰ্মচাৰীক কোনো ধৰণৰ ছুটি মঞ্জুৰ কৰা নহ’ব

দেশজুৰি হ’বলগীয়া লোকপিয়ল ২০২৭ প্ৰক্ৰিয়া সুচাৰুৰূপে চলাই নিবলৈ গুৱাহাটী পৌৰ নিগমে (GMC) এক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । নিগমৰ তৰফৰ পৰা এক চৰকাৰী নিৰ্দেশনা জাৰি কৰি স্পষ্ট কৰি দিয়া হৈছে যে সক্ষম কৰ্তৃপক্ষৰ পূৰ্বানুমতি অবিহনে লোকপিয়লৰ কৰ্তব্যত নিয়োজিত কোনো কৰ্মচাৰীক কোনো ধৰণৰ ছুটি মঞ্জুৰ কৰা নহ’ব ।

লোকপিয়লৰ দৰে এক বৃহৎ ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ গুৰুত্বক লক্ষ্য ৰাখি আজি GMC-ৰ আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া চিন্ময় প্ৰকাশ ফুকনে সকলো বিভাগীয় মুৰব্বীক এই নিৰ্দেশনা কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে ।

পূৰ্বানুমতি অবিহনে কোনেও ল’ব নোৱাৰিব ছুটি:

চৰকাৰী নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি, লোকপিয়ল ২০২৭-ৰ বাবে প্ৰশিক্ষক, পৰ্যবেক্ষক (ছুপাৰভাইজাৰ), গণনাকাৰী (এনুমেৰেটৰ) আৰু অন্যান্য বিষয়া হিচাপে নিয়োজিত কোনো এজন কৰ্মচাৰীক পূৰ্বানুমতি নোলোৱাকৈ লোকপিয়ল সংক্ৰান্তীয় কৰ্তব্যৰ পৰা ৰেহাই দিব নোৱাৰিব । ক্ষেত্ৰভিত্তিক কৰ্মচাৰীসকলৰ পূৰ্ণ অংশগ্ৰহণ নিশ্চিত কৰিবলৈকে এই সিদ্ধান্ত লোৱা হৈছে ।

Untitled design – 1

নথিপত্ৰৰ হেৰফেৰ কৰিলে হ’ব তিনি বছৰৰ জেল:

ছুটি বাতিল কৰাৰ উপৰিও, GMC-য়ে বিষয়াসকলক লোকপিয়লৰ নথিপত্ৰৰ সুৰক্ষা সন্দৰ্ভতো কঠোৰ সকীয়নি প্ৰদান কৰিছে । নিৰ্দেশনাত সোঁৱৰাই দিয়া হৈছে যে ‘লোকপিয়ল আইন, ১৯৪৮’ উলংঘা কৰিলে যিকোনো কৰ্মচাৰী কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব । এই আইনৰ ১১ নম্বৰ ধাৰাৰ অধীনত, যদিহে কোনো ব্যক্তিয়ে লোকপিয়লৰ চৰকাৰী নথিপত্ৰ বা ৰেকৰ্ডৰ সৈতে কোনো ধৰণৰ হেৰফেৰ কৰে, তেন্তে তেওঁ তিনি বছৰ পৰ্যন্ত কাৰাদণ্ড, ১,০০০ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডৰে দণ্ডিত হ’ব পাৰে ।

ইতিমধ্যে লোকপিয়ল ২০২৭-ৰ কাৰ্যসূচী যাতে কোনো ধৰণৰ বাধা নোহোৱাকৈ ৰূপায়ণ হয়, তাৰ বাবে এই কঠোৰ নিৰ্দেশনাটো GMC-ৰ সকলো শাখা বিষয়া, লোকপিয়ল পৰ্যবেক্ষক, প্ৰশিক্ষক আৰু সংশ্লিষ্ট বিষয়াবৰ্গলৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : পুনৰ প্ৰচণ্ড বানত বুৰিল যোৰাবাট

বৃদ্ধি পাব পাৰে লোকসভাৰ আসনৰ সংখ্যা! কি এই ৫০+৩৩ ফৰ্মূলা ?

চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে

মহিলা সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ নতুন পদক্ষেপে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰিছে । জানিব পৰা মতে চৰকাৰে শীঘ্ৰেই উত্থাপন কৰিব পাৰে এখন নতুন বিধেয়ক য’ত লোকসভাৰ মুঠ আসনৰ সংখ্যা ৫৪৩ৰ পৰা ৮১৬খনলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । এই প্ৰস্তাৱিত গাঁথনিত মহিলাৰ বাবে প্ৰায় ২৭৩খন আসন সংৰক্ষণ থাকিব বুলি কোৱা হৈছে ।

প্ৰকাশিত বাতৰি অনুসৰি ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত এই নতুন ব্যৱস্থা ৰূপায়ণৰ পৰিকল্পনা চলি আছে । খবৰ অনুসৰি এই বিষয়ত বিৰোধী নেতাসকলৰ সৈতেও চৰকাৰ বৈঠকত মিলিত হৈ এক ব্যাপক ঐকমত্য গঢ়ি তুলিছে । যদিও এই প্ৰস্তাৱ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই, তথাপিও ৰাজনৈতিক মহলত ই উত্তপ্ত আলোচনাৰ সূচনা কৰিছে ।

ইতিমধ্যে মহিলা সংৰক্ষণ আইনখন সংসদে গৃহীত কৰিছে যদিও নতুন লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ ইয়াৰ কাৰ্যকৰীকৰণৰ চৰ্ত আছিল । শেহতীয়াকৈ চৰকাৰে গ্ৰহণক কৰা এই পদক্ষেপক এতিয়া সেই প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ কৌশল হিচাপে দেখা গৈছে । লোকসভাৰ আসনৰ সম্ভাৱ্য সম্প্ৰসাৰণ কেৱল মহিলাৰ প্ৰতিনিধিত্বত সীমাবদ্ধ নহয়; বৰঞ্চ ই ৰাজনৈতিক ভাৰসাম্য আৰু সংসদীয় গাঁথনিতো প্ৰভাৱ পেলাব পাৰে বুলি চৰ্চা চলিছে ।

জানিব পৰা মতে কেন্দ্ৰীয় চৰকাৰে ২০২৯ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মহিলা সংৰক্ষণ আইন (নাৰী শক্তি বন্দন অধিনিয়ম) সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ প্ৰস্তুতি চলাইছে । সংসদত মহিলাৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে চৰকাৰে এক অতি বিশেষ ফৰ্মূলা প্ৰস্তুত কৰিছে । এই ফৰ্মূলা হৈছে ৫০+৩৩ইফালে চলিত সংসদীয় অধিবেশনতে এই গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়কখন উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলি চৰ্চা চলিছে ।

প্ৰস্তাৱিত ফৰ্মূলা অনুসৰি প্ৰথমে সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে লোকসভাৰ বৰ্তমানৰ আসনৰ সংখ্যা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব । ইয়াৰ পিছত যি মুঠ নতুন আসনৰ সৃষ্টি হ’ব, তাৰ ৩৩ শতাংশ আসন পোনপটীয়াকৈ মহিলাৰ বাবে সংৰক্ষিত কৰা হ’ব ।

উল্লেখ্য যে, বৰ্তমান লোকসভাত ৫৪৩ খন আসন আছে । নতুন প্ৰস্তাৱ অনুসৰি ৫০ শতাংশ আসন বৃদ্ধিৰ পিছত এই সংখ্যা প্ৰায় ৮১৬ লৈ বৃদ্ধি পাব । এই ৮১৬ খন আসনৰ ভিতৰত এক-তৃতীয়াংশ অৰ্থাৎ প্ৰায় ২৭৩ খন আসন মহিলাৰ বাবে সংৰক্ষিত হ’ব ।

আনহাতে এই প্ৰক্ৰিয়া কেতিয়া আৰু কেনেকৈ কাৰ্যকৰী হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই যদিও চৰকাৰে এই দিশত দ্ৰুতগতিত আগবাঢ়িছে বুলি জানিব পৰা গৈছে । মহিলা ভোটাৰৰ ক্ৰমবৰ্ধমান ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি সংৰক্ষণৰ বিষয়টো ৰাজনৈতিক দলসমূহৰ বাবে এক মূল নিৰ্বাচনী বিষয় হিচাপে পৰিগণিত হ’ব পাৰে ।

সামাজিক দৃষ্টিকোণৰ পৰা নাৰীৰ বাবে আসন সংৰক্ষণক ৰাজনৈতিক সৱলীকৰণৰ দিশত এক ডাঙৰ পদক্ষেপ বুলি গণ্য কৰা হয় । সমৰ্থকসকলে কয় যে ইয়াৰ দ্বাৰা সংসদত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধি পাব আৰু নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত তেওঁলোকৰ দৃষ্টিভংগী শক্তিশালী হ’ব । কিন্তু লোকপিয়ল আৰু সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সৈতে ইয়াৰ সম্পৰ্কক লৈ একাংশ বিৰোধী দলে প্ৰশ্ন উত্থাপন কৰিছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা

২০২৭ৰ লোকপিয়লত আনিব সম্পূৰ্ণ নতুন পদ্ধতি, গৃহ মন্ত্ৰালয়ৰ সদৰী

২০২৭ৰ লোকপিয়ল সম্পূৰ্ণ নতুন পদ্ধতিৰে হ’ব । সদৰী কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীলয়ে ।

অহা ২০২৭ চনৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰা হ’ব বুলি পুনৰ স্পষ্ট কৰি কৈছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। মঙলবাৰে সংসদত এই ঘোষণা কৰে গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে

সংসদৰ শীতকালীন অধিৱেশনত মন্ত্ৰীগৰাকীয়ে কয় যে ২০২৭ চনৰ লোকপিয়ল সম্পূৰ্ণৰূপে ডিজিটেল ফৰ্মেটত কৰা হ’ব। আত্মগণনা (self-enumeration) সুবিধা অনলাইন মাধ্যমত উপলব্ধ হ’ব। বিশেষ মোবাইল এপৰ জৰিয়তে তথ্য সংগ্ৰহ কৰা হ’ব। সম্পূৰ্ণ প্ৰক্ৰিয়া এটা ৱেবপ’ৰ্টেলৰ জৰিয়তে মনিটৰিং কৰা হ’ব।

গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে জনায় যে এই প্ৰক্ৰিয়া দুটা পৰ্যায়ত কৰা হব। সেই অনুসৰি প্ৰথম পৰ্যায় এপ্ৰিল–ছেপ্টেম্বৰ ২০২৬লৈ হব। ইয়াত দুটা বিভাগ থাকিব ক্ৰমে ঘৰ তালিকাভুক্তকৰণ আৰু গৃহসামগ্ৰী লোক-পিয়ল আৰু ৩০ দিনৰ ভিতৰত সম্পন্ন হ’ব।

দ্বিতীয় পৰ্যায় ফেব্ৰুৱাৰী ২০২৭ত কৰা হব। তাত জনসংখ্যা গণনা কৰা হব। কিন্তু ইয়াত দুটা শ্ৰেণী থাকিব। ভাৰতৰ সকলো ৰাজ্যত ১ মাৰ্চ, ২০২৭ৰ ০০:০০ ঘণ্টা ৰেফাৰেন্স সময় থাকিব। বিপৰীতে লাডাখ, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ গৰম-বহিৰ্ভূত অঞ্চলত ১ অক্টোবৰ ২০২৬ ৰেফাৰেন্স ধৰা হ’ব।

কেবিনেট কমিটী ২০২৫ এপ্ৰিলৰ সিদ্ধান্ত অনুসৰি ২০২৭ চনৰ লোকপিয়লত জাতি গণনা (caste census) কৰা হ’ব বুলিও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

সাংসদসকলে খচৰা প্ৰশ্নমালা প্ৰকাশৰ বিষয়ে প্ৰশ্ন তুলাত গৃহ ৰাজ্য মন্ত্ৰীগৰাকীয়ে কয়— প্ৰত্যেকবাৰ লোক-পিয়লৰ আগতে বিভিন্ন মন্ত্ৰালয়, বিভাগ, সংস্থা আদিৰ পৰা পৰামৰ্শ সংগ্ৰহ কৰা হয়। ক্ষেত্ৰ পৰ্যায়ত পূৰ্ব পৰীক্ষা (pre-test) কৰাৰ পিছতহে প্ৰশ্নমালা চূড়ান্ত হয়। লোকপিয়ল নিয়ম, ১৯৯০ অনুসৰি গেজেট বিজ্ঞপ্তিৰ জৰিয়তে প্ৰশ্নসমূহ প্ৰকাশ কৰা হয়।

তেওঁ কয় কয়— “লোকপিয়লৰ ১৫০ বছৰতকৈও দীঘলীয়া অভিজ্ঞতা আছে। পূৰ্বৰ লোক-পিয়লৰ অভিজ্ঞতাই নতুন লোকপিয়লত সহায় কৰে।”

ইফালে লোক-পিয়লত শিক্ষকসকলক নিয়োগৰ বিষয়ে তিনি সাংসদৰ প্ৰশ্নত মন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ে— প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলক সাধাৰণতে গণনাকাৰী হিচাপে নিযুক্তি দিয়া হয়,  ২০২৭ চনতো সেই প্ৰথাই বজাই ৰখা হ’ব।

মন্ত্ৰীগৰাকীয়ে স্পষ্টকৈ কয়— “SC আৰু ST গণনা ১৯৫০ চনৰ সংবিধানিক আদেশৰ তালিকা অনুসৰি কঠোৰভাৱে কৰা হ’ব।”

লগতে পঢ়ক : চৰকাৰী ধনেৰে বাবৰি মছজিদ নিৰ্মাণ কৰিব বিচাৰিছিল নেহৰুৱেঃ ৰাজনাথ সিং