হৰমুজ পাৰ হৈ ভাৰত অভিমুখে আৰু দুখন জাহাজ, ইৰাণে দিলে সেউজ সংকেত

হৰমুজ পাৰ হৈ ভাৰত অভিমুখে আৰু দুখন জাহাজ, ইৰাণে দিলে সেউজ সংকেত

দুয়োখন জাহাজ পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ বাবে কিছু সকাহ । দুখনকৈ এল পি জি টেংকাৰ “পাইন গেছ” আৰু “জগ বসন্ত” পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত

দুয়োখন জাহাজ পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব

পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতৰ বাবে কিছু সকাহ । দুখনকৈ এল পি জি টেংকাৰ “পাইন গেছ” আৰু “জগ বসন্ত” পাৰস্য উপসাগৰৰ পৰা ভাৰতলৈ ৰাওনা হৈছে আৰু শীঘ্ৰেই যুদ্ধবিধ্বস্ত হৰমুজ প্ৰণালী অতিক্ৰম কৰিব । শেহতীয়া খবৰ অনুসৰি জাহাজ দুখনে নিজৰ পৰিচয় পৰীক্ষা কৰোৱাৰ পিছত হৰমুজ প্ৰণালী পাৰ হ’বলৈ সাজু হৈছে ।

পশ্চিম এছিয়াত যুদ্ধ আৰম্ভ হোৱাৰ পিছত উপসাগৰীয় অঞ্চলত আবদ্ধ হৈ থকা ভাৰতৰ পতাকা থকা ২২খন জাহাজৰ ভিতৰত এই দুখন জাহাজ অন্যতম । ইৰাণ আৰু ওমানৰ মাজত হৰমুজ প্ৰণালী হৈছে এক অতি গুৰুত্বপূৰ্ণ সাগৰীয় পথ, যাৰ মাজেৰে উপসাগৰীয় দেশসমূহৰ তেল আৰু গেছ বিশ্বজুৰি পৰিবহ হয় । ইয়াৰ পূৰ্বে প্ৰায় ৯২,৭১২ টন এল পি জি কঢ়িয়াই অনা “শিৱালিক” আৰু “নন্দা দেৱী” নামৰ দুখন জাহাজে গুজৰাটৰ মুন্দ্ৰা আৰু কণ্ডলা বন্দৰত নিৰাপদে উপস্থিত হৈছিল । দুয়োখন জাহাজেই দেশৰ বাবে প্ৰায় এদিনৰ বাবে প্ৰয়োজনীয় ৰন্ধন গেছ কঢ়িয়াই আনিছিল ।

যুদ্ধ আৰম্ভ হোৱাৰ সময়ত মুঠ ২৮খন ভাৰতীয় জাহাজ হৰমুজ প্ৰমালীত, ২৪খন পশ্চিম অংশত আৰু চাৰিখন পূব অংশত আৱদ্ধ হৈ আছিল । যোৱা কিছুদিনত দুয়োপক্ষৰ পৰা দুখনকৈ জাহাজ নিৰাপদে যাত্ৰা কৰিবলৈ সক্ষম হৈছে । ১৬ মাৰ্চত শিৱালিক জাহাজখন মুন্দ্ৰা বন্দৰত উপস্থিত হোৱাৰ বিপৰীতে ১৭ মাৰ্চত কণ্ডলাত উপস্থিত হয় নন্দা দেৱী । ইফালে ৮০,৮৮৬ টন খাৰুৱা তেল কঢ়িয়াই অনা তেল টেংকাৰ “জাগ লড়কী” ১৮ মাৰ্চত মুন্দ্ৰাত উপস্থিত হয় । আন এখন টেংকাৰ “জগ প্ৰকাশ” ওমানৰ পৰা আফ্ৰিকা অভিমুখে ৰাওনা হয় আৰু নিৰাপদে হৰমুজ প্ৰণালী পাৰ হৈ তাঞ্জানিয়া অভিমুখে ৰাওনা হৈছে ।

লগতে পঢ়ক : হৰমুজ প্ৰণালীত অৱৰোধ গ্ৰহণযোগ্য নহয়ঃ লোকসভাৰ পৰা বিশ্ববাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা