ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত ৬ জনৰ মৃত্যু

ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত ৬ জনৰ মৃত্যু

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ঢেকীয়াজুলি। ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ঢেকীয়াজুলিৰ বৰতলাত নিশা এক শোকৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত ৮ গৰাকী লোক

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ঢেকীয়াজুলি। ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

ঢেকীয়াজুলিৰ বৰতলাত নিশা এক শোকৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত ৮ গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে দুগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

এম্বুলেন্সখনে ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই আনিছিল।এম্বুলেন্সখনত ৰোগীসহ ৰোগীৰ আত্মীয় আছিল। দুৰ্ঘটনাত নিহত লোকসকলক হৰি মাদগী, কুনাল কৰ্মকাৰ বিজয় হানচা, বিশ্বাস নাথ, সন্ধ্যাচৰী নাথ আৰু সঞ্জীতা নাথ।

পথ দুৰ্ঘটনাটো  সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয়। ইয়াৰে সঞ্জীতা নাথ, বিশ্বাস নাথ আৰু সন্ধ্যাচৰী নাথ একেটা পৰিয়ালৰে লোক। পৰিয়ালৰ লোকে জনোৱা মতে – এম্বুলেন্স খনৰ চালক আছিল বিজয় হানচা । চালক বিজয় হানচাৰ লগতে বাকী ৫ গৰাকী নিহত হোৱা বুলি শ্বহীদ মনবৰ নাথ চিকিৎসালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

লগতে পঢ়ক: মাজনিশা প্ৰচণ্ড গুলীবৰ্ষণ, ৰাজ্যজুৰি চাঞ্চল্য

শেহতীয়া প্ৰৱন্ধসমূহ