বিজেপিয়ে শনিবাৰে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিজৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে
আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৬-ৰ বাবে ভাৰতীয় জনতা পাৰ্টি তথা বিজেপিয়ে শনিবাৰে দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰি নিজৰ দ্বিতীয়খন তালিকা প্ৰকাশ কৰিছে।
দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে প্ৰকাশ কৰা অনুসৰি, এই তালিকাত দলগাঁও আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। ৫১নং দলগাঁও সমষ্টিৰ পৰা সুশ্ৰী কৃষ্ণা সাহাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে আৰু ৭৯ নং চিচিবৰগাঁও আসনৰ বাবে জীৱন গগৈক প্ৰক্ষেপ কৰিছে দলে ।
ইয়াৰ পূৰ্বে দলটোৱে ১৯ মাৰ্চত ৮৮ গৰাকী প্ৰাৰ্থীৰ নাম সম্বলিত প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। ১৯ মাৰ্চত হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বৰ্ডে অহা অসম বিধানসভা নিৰ্বাচনৰ ৮৯টা সমষ্টিৰ ভিতৰত ৮৮টাৰ প্ৰাৰ্থিত্ব চূড়ান্ত কৰিছে আৰু বাকী থকা চিচিবৰগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম অতি সোনকালে ঘোষণা কৰা হ’ব।
তেওঁ লগতে কয় যে ৰাজ্যজুৰি দলীয় কৰ্মীসকলে এই তালিকাক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে আৰু এইবাৰো বিজেপিয়ে শক্তিশালী নিৰ্বাচনী ফলাফল আগবঢ়াব বুলি তেওঁ আত্মবিশ্বাস ব্যক্ত কৰে।
লগতে পঢ়ক : তীব্ৰতৰ হৈ পৰিছে নিৰ্বাচনী যুঁজঃ কোন প্ৰাৰ্থীয়ে কোন সমষ্টিৰ বাবে দিলে মনোনয়ন ?









