কোকৰাঝাৰলৈ ৪,৫৭০ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

কোকৰাঝাৰলৈ ৪,৫৭০ কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুপৰীয়া বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীক অসম ভূমিলৈ আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলক

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে

দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুপৰীয়া বিমানবন্দৰত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীক অসম ভূমিলৈ আদৰণি জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বাবে কেইবাটাও আন্তঃগাঁথনিমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ কৰা তিনিখন নতুন ৰে’ল সেৱাৰ ফ্লেগ অফ কৰে ।

ইফালে বেয়া বতৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণ ফিল্ডত পূৰ্বনিৰ্ধাৰিত জনসভাত অংশগ্ৰহণ কৰিব নোৱাৰিলে । যাৰ পৰিপেক্ষিতত তেওঁ গুৱাহাটীৰ পৰা ভাৰ্চুৱেলী এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰে ।

এই অনুষ্ঠানতে মোদীয়ে কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ বাঁশবাৰীত এটা পিৰিয়ডিক অভাৰহোল ৱৰ্কশ্বপৰ (Periodic Overhaul Workshop) আধাৰশিলা স্থাপন কৰে । এই সুবিধাই ৰে’লৱে মেৰামতিৰ ক্ষমতা শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনি উন্নত কৰিব বুলি আশা কৰা হৈছে ।

ইয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে তেওঁ তিনিখন নতুন ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে । কামাখ্যা–চাৰ্লাপল্লী অমৃত ভাৰত এক্সপ্ৰেছ, নাৰংগী–আগৰতলা এক্সপ্ৰেছ আৰু গুৱাহাটী–নিউ জলপাইগুড়ী এক্সপ্ৰেছ সেয়াৰ শুভাৰম্ভ কৰে তেওঁ ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰ চহৰত চাৰিখন উৰণ সেতুৰ আধাৰশিলাও স্থাপন কৰে । এই প্ৰকল্পসমূহে যান-জঁট হ্ৰাস কৰাৰ লগতে চহৰখনৰ যোগাযোগ ব্যৱস্থা উন্নত কৰিব বুলি আশা কৰা হৈছে ।

এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিচিটি প্ৰধান হাগ্ৰামা মহিলাৰী, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আৰু জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে ।

লগতে পঢ়ক : গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ফুলাম গামোচাৰে মুখ্যমন্ত্ৰীয়ে জনালে আদৰণি