বলেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, নিৰ্বাচনী সফলতাৰ বাবে জনালে শুভেচ্ছা

বলেন্দ্ৰ শ্বাহৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ, নিৰ্বাচনী সফলতাৰ বাবে জনালে শুভেচ্ছা

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চত নেপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজয়ী ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ শীৰ্ষ নেতাসকলৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জনায় । তেওঁ আৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ মাৰ্চত নেপালত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত বিজয়ী ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ শীৰ্ষ নেতাসকলৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতাৰ বাবে অভিনন্দন জনায় । তেওঁ আৰ এছ পিৰ সভাপতি ৰবি লামিচানে আৰু দলৰ জ্যেষ্ঠ নেতা বলেন্দ্ৰ শ্বাহৰ সৈতে বাৰ্তালাপ কৰি নিৰ্বাচনী সফলতা আৰু ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টিৰ বিজয়ৰ বাবে অভিনন্দন জনায় । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে দুয়োজন নেতালৈ নেপালত গঠন হ’বলগীয়া নতুন চৰকাৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে দুয়োখন দেশৰ জনসাধাৰণৰ সমৃদ্ধি, প্ৰগতি আৰু কল্যাণৰ বাবে নেপালৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । প্ৰধানমন্ত্ৰী মোদীয়ে আস্থা প্ৰকাশ কৰে যে ভাৰত আৰু নেপালৰ নতুন চৰকাৰৰ মাজত সহযোগিতা আৰু ভাগ-বতৰা কৰা প্ৰচেষ্টাৰ জৰিয়তে অনাগত বছৰবোৰত দুয়োখন দেশৰ মাজৰ সম্পৰ্কই নতুন উচ্চতাত উপনীত হ’ব । তেওঁ কয় যে দুয়োখন চুবুৰীয়া দেশৰ মাজত শক্তিশালী অংশীদাৰিত্ব আঞ্চলিক উন্নয়ন আৰু স্থিতিশীলতাৰ বাবেও অতি গুৰুত্বপূৰ্ণ ।

উল্লেখ্য যে, নেপালৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন হৈছে । ৫ মাৰ্চত অনুষ্ঠিত ৰাষ্ট্ৰীয় নিৰ্বাচনত যুৱ নেতা বলেন্দ্ৰ শ্বাহে নিজৰ দুৰ্গত প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীক পৰাস্ত কৰি এক বৃহৎ অঘটন ঘটাই । পেছাত এজন অভিযন্তা বলেন্দ্ৰ শ্বাহে প্ৰথমে কাঠমাণ্ডুৰ মেয়ৰ হিচাপে বিশিষ্টতা লাভ কৰিছিল আৰু এতিয়া চাৰি বছৰৰ পাছত নেপালৰ কনিষ্ঠতম প্ৰধানমন্ত্ৰী হৈ ইতিহাস ৰচনা কৰিবলৈ সাজু হৈছে । ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ আছিল এজন ৰেপাৰ (গায়ক) ।

লগতে পঢ়ক : আবুধাবিৰ সৰ্ববৃহৎ হিন্দু মন্দিৰত হাই এলাৰ্ট, যুদ্ধৰ মাজতে বন্ধ BAPS মন্দিৰ