ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন

ৰাষ্ট্ৰপতিৰ প্ৰট’কল উলংঘাক লৈ কঠোৰ কেন্দ্ৰ চৰকাৰ; গৃহ মন্ত্ৰালয়ে বংগ চৰকাৰৰ পৰা বিচাৰিছে প্ৰতিবেদন

পশ্চিম বংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যসূচীত প্ৰট’কল উলংঘা আৰু স্থান সলনিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবৰ পৰা উত্তৰ বিচাৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে এই ঘটনাক সাংবিধানিক মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত প্ৰট’কল উলংঘা আৰু হঠাতে সভাস্থলীৰ পৰিৱৰ্তনে

পশ্চিম বংগত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ কাৰ্যসূচীত প্ৰট’কল উলংঘা আৰু স্থান সলনিৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজ্যৰ মুখ্য সচিবৰ পৰা উত্তৰ বিচাৰিছে। গৃহমন্ত্ৰী গৰাকীয়ে এই ঘটনাক সাংবিধানিক মৰ্যাদাৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পশ্চিম বংগ ভ্ৰমণৰ সময়ত প্ৰট’কল উলংঘা আৰু হঠাতে সভাস্থলীৰ পৰিৱৰ্তনে বিতৰ্কৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে,কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সমগ্ৰ বিষয়টোৰ ওপৰত ব্যাপক গুৰুত্ব দিছে।কেন্দ্ৰীয় গৃহ সচিবে পশ্চিম বংগৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰি সন্ধিয়া ৫ বজাৰ ভিতৰত বিতং প্ৰতিবেদন বিচাৰিছে।য’ত প্ৰট’কল নিদিয়া,সঠিক পথৰ তথ্য প্ৰদান নকৰা আৰু অন্যান্য ব্যৱস্থাত হোৱা ভুলৰ বাবে স্পষ্টিকৰণ বিচৰা হৈছে।

দৰাচলতে,ৰাষ্ট্ৰপতি মুৰ্মুৰ উত্তৰ বংগ ভ্ৰমণৰ সময়ত এই বিতৰ্কৰ সৃষ্টি হয়, য’ত তেওঁ দাৰ্জিলিং জিলাত অনুষ্ঠিত হোৱা নৱম আন্তঃৰাষ্ট্ৰীয় সন্থাল সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিছিল।

প্ৰথমে বিধাননগৰ (ফানচিদেৱা ব্লক)ত এই অনুষ্ঠানৰ প্ৰস্তাৱ দিয়া হৈছিল,য’ত সন্থাল জনজাতীয় সম্প্ৰদায়ৰ পৰা বৃহৎ সংখ্যক লোক উপস্থিত হ’ব লগা আছিল,কিন্তু ৰাজ্য প্ৰশাসনে নিৰাপত্তা, যানজঁট আৰু অন্যান্য কাৰণৰ কথা উল্লেখ কৰি ইয়াক বাগডোগ্ৰা বিমানবন্দৰৰ সমীপৰ গোসাঁইপুৰ (বা গোসাঁইপুৰ)লৈ স্থানান্তৰিত কৰে।

এই পৰিৱৰ্তনক লৈ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেও অসন্তুষ্টি প্ৰকাশ কৰিছে আৰু কয় যে নতুন স্থানটো সৰু আছিল, যাৰ বাবে বহুতে যাব নোৱাৰিলে।

ৰাষ্ট্ৰপতি গৰাকীয়ে মমতা বেনাৰ্জীক কনিষ্ঠ ভগ্নী বুলি উল্লেখ কৰি প্ৰশ্ন কৰে যে, তেওঁৰ ওপৰত খং উঠি আছে নেকি? কাৰণ মুখ্যমন্ত্ৰী বা মমতা চৰকাৰৰ কোনো মন্ত্ৰীয়েই তেওঁক আদৰণি জনাবলৈ নাহিল।যিহেতু, পদৰ মৰ্যাদাৰ বাবে প্ৰট’কল মানি চলাটো অতি প্ৰয়োজনীয়।

জানিব পৰা মতে,ৰাষ্ট্ৰপতিৰ প্ৰট’কলৰ জৰিয়তে কেইবাটাও অভিযোগত নিৰাপত্তা সম্পৰ্কীয় ব্লু বুক নিয়ম উলংঘা কৰা হৈছে।য’ত – ৰাষ্ট্ৰপতিক আদৰণি জনোৱা আৰু বিদায় দিবলৈ মুখ্যমন্ত্ৰী, চি এছ আৰু ডিজিপি কিয় উপস্থিত নাছিল? তেওঁক আদৰণি জনাবলৈ কেৱল শিলিগুৰিৰ মেয়ৰ আছিল।

ৰাষ্ট্ৰপতিৰ বাবে নিৰ্মিত ৱাশ্বৰুমতো পানী নাছিল। প্ৰশাসনে যিটো পথেৰে গৈছিল সেই পথটো আৱৰ্জনাৰে ভৰি আছিল।এই আচৰণ সমগ্ৰ দেশৰ বাবে অপমানজনক।

লগতে পঢ়ক: শিক্ষিত আৰু সৱল মহিলাই হৈছে ৰাষ্ট্ৰৰ প্ৰকৃত স্তম্ভঃ অন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত ৰাষ্ট্ৰপতিৰ শুভেচ্ছা