অপেক্ষাৰ অন্ত; ধুৰন্ধৰ দ্য ৰিভেঞ্জৰৰ ট্ৰেইলাৰ মুকলি

অপেক্ষাৰ অন্ত; ধুৰন্ধৰ দ্য ৰিভেঞ্জৰৰ ট্ৰেইলাৰ মুকলি

অপেক্ষাৰ অন্ত পেলাই ধুৰন্ধৰ ২ৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিলে। য’ত সঞ্জয় দত্তৰ পৰা ৰণবীৰ সিঙৰ আভাস দেখা গৈছে। পৰিচালক আদিত্য ধৰৰ দুৰ্দান্ত ছবি ধুৰন্ধৰ ২ ৰ অপেক্ষা এতিয়া অন্ত পৰিল আৰু আজি ইয়াৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। যিয়ে অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে।ছবিখনত পুনৰবাৰ লিয়াৰীক

অপেক্ষাৰ অন্ত পেলাই ধুৰন্ধৰ ২ৰ ট্ৰেইলাৰ মুক্তি লাভ কৰিলে। য’ত সঞ্জয় দত্তৰ পৰা ৰণবীৰ সিঙৰ আভাস দেখা গৈছে।

পৰিচালক আদিত্য ধৰৰ দুৰ্দান্ত ছবি ধুৰন্ধৰ ২ ৰ অপেক্ষা এতিয়া অন্ত পৰিল আৰু আজি ইয়াৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে। যিয়ে অনুৰাগীৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে।ছবিখনত পুনৰবাৰ লিয়াৰীক তেজেৰে লুতুৰি হোৱা দেখিবলৈ পোৱা গৈছে।

আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰত ৰণবীৰ সিঙক পূৰ্বতকৈ অধিক উগ্ৰ আৰু শক্তিশালী চৰিত্ৰত দেখা গৈছে। তেওঁ লিয়াৰীৰ ‘ৰজা’ হৈ শত্ৰুৰ পৰা প্ৰতিশোধ লোৱা দেখা যায়।ট্ৰেইলাৰত ৰেহমান ডাকোইট (অক্ষয় খান্নাৰ চৰিত্ৰ)ৰো সৰু আভাসও পোৱা গৈছে।

ধূৰন্ধৰ ২ৰ ট্ৰেইলাৰৰ পৰা অনুৰাগীসকলে কাহিনীটোত কিছু নতুন আশা কৰিছিল যদিও বিশেষ একো দেখা নগ’ল।আগৰ খণ্ডটোৰ দৰেই এই অংশতো বেকগ্ৰাউণ্ড স্ক’ৰৰ লগতে কাহিনীটোত একচন দৃশ্য দেখা যায়।আৰ মাধৱনেও নিজৰ চৰিত্ৰটোৰ যোগেদি পৰ্দাত যাদু প্ৰদৰ্শন কৰা দেখা যাব।

১৯ মাৰ্চত মুক্তি পাবলগীয়া ছবিখনৰ অগ্ৰিম বুকিংও ছবিখন মুক্তিৰ প্ৰায় এসপ্তাহ পূৰ্বৰ পৰাই আৰম্ভ হ’ব।ধূৰন্ধৰৰ ট্ৰেইলাৰত প্ৰচণ্ড একচনৰ দ্বাৰা ৰণবীৰ সিঙে আকৌ এবাৰ আলোড়নৰ সৃষ্টি কৰা দেখা যাব।

ধুৰন্ধৰ ২ এতিয়ালৈকে বছৰৰ সৰ্ববৃহৎ ছবি হিচাপে পৰিগণিত হৈছে আৰু মুক্তিৰ পূৰ্বেও বহিঃৰাজ্যত প্ৰিমিয়াৰ শ্ব’ বুকিং কৰা হৈছে।এতিয়া লক্ষ্যণীয় যে এই ছবিখনে ধুৰন্ধৰৰ প্ৰথম খণ্ডৰ বক্স অফিচৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হ’ব নে নহয়।

লগতে পঢ়ক: অবৈধ প্ৰেমৰ অভিযোগৰ মাজতে একেলগে দেখা গ’ল থালাপথী বিজয় আৰু তৃষা; পৰিচালকৰ বিশেষ পোষ্ট