অপাৰেচন সিন্দুৰত বিধ্বস্ত হোৱা পাকিস্তানৰ নূৰ খান বেছত আফগানিস্তানৰ আক্ৰমণ

অপাৰেচন সিন্দুৰত বিধ্বস্ত হোৱা পাকিস্তানৰ নূৰ খান বেছত আফগানিস্তানৰ আক্ৰমণ

আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে মধ্যপ্ৰাচ্যক যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰাৰ সময়তে আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিগত চাৰিদিন ধৰি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে । সোমবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক উল্লেখযোগ্য

আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে

মধ্যপ্ৰাচ্যক যুদ্ধৰ কলীয়া ডাৱৰে আৱৰি ধৰাৰ সময়তে আফগানিস্তান আৰু পাকিস্তানৰ মাজতো উত্তেজনা ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । বিগত চাৰিদিন ধৰি দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছে । সোমবাৰে আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক উল্লেখযোগ্য ঘোষণা কৰে । তেওঁলোকে উল্লেখ কৰে যে আফগান বায়ুসেনাই পাকিস্তানৰ কেইবাটাও সামৰিক ঘাটিত নিখুঁত বিমান আক্ৰমণ চলাইছিল । এই আক্ৰমণে চুবুৰীয়া দেশ দুখনৰ মাজত পৰিস্থিতি আৰু অধিক তীব্ৰতৰ কৰি তুলিছে ।

ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এক বিবৃতিত আফগান প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে ৰাৱালপিণ্ডিৰ নুৰ খান এয়াৰবেছক লক্ষ্য কৰি আক্ৰমণ কৰা হৈছে । বেলুচিস্তানৰ কুৱেটাত থকা দ্বাদশ ডিভিজনৰ মুখ্য কাৰ্যালয় আৰু খাইবাৰ পাখতুনখোৱাৰ মহমণ্ড এজেন্সীৰ খোৱাজাই কেম্পতো বিস্ফোৰণ ঘটে । তালিবানে দাবী কৰে যে তেওঁলোকে পাকিস্তানৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ সামৰিক কমাণ্ড চেণ্টাৰতো যথেষ্ট ক্ষতিসাধন কৰিছে ।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মতে, এই অভিযান পাকিস্তানী বাহিনীৰ শেহতীয়া আগ্ৰাসনৰ প্ৰতিশোধৰ উদ্দেশ্যৰে কৰা হৈছে । শেহতীয়াকৈ পাকিস্তানে কাবুল আৰু বাগ্ৰাম বিমান ঘাটিত আক্ৰমণ চলাইছিল । মন্ত্ৰালয়ে সকীয়াই দিছে যে যদিহে পাকিস্তানে পুনৰ আফগান আকাশমাৰ্গ উলংঘা কৰে বা কোনো আক্ৰমণাত্মক কাৰ্য্যত লিপ্ত হয় তেন্তে আৰু অধিক শক্তিশালী আৰু নিৰ্ণায়ক প্ৰত্যুত্তৰৰ সন্মুখীন হ’ব ।

এই উত্তেজনা আৰু অধিক বৃদ্ধি পায় যেতিয়া পাকিস্তানে আফগানিস্তানৰ বিৰুদ্ধে মুকলি যুদ্ধ ঘোষণা কৰে । শুকুৰবাৰে পাকিস্তানে কাবুল আৰু কান্দাহাৰত বিমান আক্ৰমণ সংঘটিত কৰে । কিছু ঘণ্টাৰ ভিতৰতে আফগান সেনাই প্ৰত্যাক্ৰমণ আৰম্ভ কৰে । পাকিস্তান বায়ুসেনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৰাৱালপিণ্ডিৰ নুৰ খান বায়ুসেনা ঘাটি । ২০২৫ চনৰ মে’ মাহত ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়তো ইয়াক লক্ষ্য কৰি লোৱা হৈছিল । ভাৰতৰ সেই আক্ৰমণে ঘাটিটোৰ আন্তঃগাঁথনিৰ যথেষ্ট ক্ষতিসাধন কৰিছিল ।

লগতে পঢ়ক : ইজৰাইলৰ ওপৰত ইৰাণৰ ভয়ংকৰ প্ৰত্যাক্ৰমণ, প্ৰধানমন্ত্ৰী নেতানিয়াহুৰ কাৰ্যালয়ত মিছাইল নিক্ষেপ