‘বহুবাৰ নিজৰ ওপৰত সন্দেহ উপজিছিল’; জয়ৰ পিছত আৱেগিক সঞ্জু চেমছন

‘বহুবাৰ নিজৰ ওপৰত সন্দেহ উপজিছিল’; জয়ৰ পিছত আৱেগিক সঞ্জু চেমছন

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে প্ৰৱেশ কৰাৰ পিছতে আৱেগিক হৈ পৰিল সঞ্জু চেমছন। ডগআউটত বহিয়েই কিংবদন্তি খেলুৱৈসকলৰ পৰা শিকিছিল বহু কথা। দেওবাৰে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি টিম ইণ্ডিয়াই ছেমি ফাইনেলত স্থান দখল কৰে।এই জয়ৰ

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ভাৰতীয় দলটোৱে প্ৰৱেশ কৰাৰ পিছতে আৱেগিক হৈ পৰিল সঞ্জু চেমছন। ডগআউটত বহিয়েই কিংবদন্তি খেলুৱৈসকলৰ পৰা শিকিছিল বহু কথা।

দেওবাৰে আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি টিম ইণ্ডিয়াই ছেমি ফাইনেলত স্থান দখল কৰে।এই জয়ৰ আচল নায়ক আছিল সঞ্জু চেমছন, যাক খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হৈছিল।

এই বিশ্বকাপত সঞ্জুৱে বহু উত্থান-পতন দেখিছিল।কিন্তু আজি তেওঁ এককভাৱে সমগ্ৰ ৱেষ্ট ইণ্ডিজ দলটোক  ধূলিসাৎ কৰি ভাৰতক ছেমি ফাইনেললৈ লৈ যায়।

ভাৰতৰ জয়ৰ পাছত সঞ্জু চেমছন আৱেগিক হৈ পৰে।তেওঁ কয় যে এই দিনটো তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিন।সঞ্জুৱে ৫০টা বলত ৯৭ ৰানৰ অপৰাজিত ইনিংছ খেলিছিল।যাৰ ভিত্তিত ভাৰতে ২০ অভাৰত ৱেষ্ট ইণ্ডিজৰ মুঠ ১৯৬ ৰানৰ লক্ষ্যক পিছ পেলাব পাৰে।  

খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হোৱাৰ পিছত সঞ্জু চেমছনে কয় যে সৰুৰে পৰাই দেশৰ হৈ খেলাৰ সপোন দেখিছিলোঁ আৰু আজি মোৰ সেই অপেক্ষা শেষ হোৱা যেন অনুভৱ হৈছে।মোৰ কেৰিয়াৰত বহু উত্থান-পতন ঘটিছে।

বহুবাৰ নিজকে প্ৰশ্ন কৰিছিলো যে মই সফল হ’ব পাৰিম নে? কিন্তু মই হাৰ মনা নাছিলো। এই দিনটো চাবলৈ পোৱাৰ কাৰণে ভগৱানক ধন্যবাদ।মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু মেচ খেলা নাছিলো যদিও,ডগআউটত বহি কিংবদন্তি খেলুৱৈসকলৰ পৰা বহু কথা শিকিলো।

তেওঁ বিশেষভাৱে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ দৰে খেলুৱৈৰ নাম উল্লেখ কৰি কয় যে,কঠিন পৰিস্থিতিত তেওঁলোকে মেচখন কেনেকৈ শেষ কৰে,সেইটো চাই মই বহুত শিকিলোঁ।

তেওঁ লগতে কয় যে, মই বিশেষ একো কৰাৰ কথা ভবা নাছিলোঁ।মই মাত্ৰ মোৰ দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰিলোঁ।এইটো মোৰ জীৱনৰ অন্যতম ডাঙৰ দিন।

লগতে পঢ়ক: বিশ্বকাপত ভাৰতৰ জয়; ছেমি ফাইনেলত প্ৰৱেশ টীম ইণ্ডিয়াৰ