দিল্লীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হোৱাৰ পিছতেই চিচিএছৰ জৰুৰী বৈঠক আহ্বান কৰিছে। আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ পিছত ইৰাণ আৰু উপসাগৰীয় দেশসমূহত ভাৰতীয়ৰ সুৰক্ষা এটা মূল বিষয় হৈ পৰিব পাৰে।বৈঠকত এই বিষয়ে আলোচনা হোৱাৰ সম্ভাৱনা আছে।
মধ্যপ্ৰাচ্যত চলি থকা তীব্ৰ যুদ্ধ আৰু ইৰাণৰ ওপৰত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ মাজতে ভাৰত চৰকাৰ সম্পূৰ্ণ সতৰ্ক অৱস্থালৈ আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ভ্ৰমণ সমাপ্ত কৰি আজি নিশা দিল্লীলৈ উভতি আহিয়েই নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটীৰ জৰুৰী বৈঠক আহ্বান কৰিছে।
আজি নিশা প্ৰায় ৯:৩০ বজাত দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীৰ বিমান আৰু তাৰ লগে লগে এই চিচিএছৰ বৈঠক অনুষ্ঠিত হ’ব।
ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণ আৰু তাৰ পিছত উপসাগৰীয় দেশসমূহৰ ওপৰত ক্ষেপণাস্ত্ৰ আক্ৰমণৰ বাবে এই চিচিএছৰ বৈঠক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
চিচিএছৰ বৈঠক হৈছে নিৰাপত্তা সম্পৰ্কীয় কেবিনেট কমিটী চৰকাৰৰ সৰ্বোচ্চ আৰু শক্তিশালী সমিতি,যিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা, প্ৰতিৰক্ষা, কূটনীতি আৰু বৈদেশিক পৰিক্ৰমাৰ সৈতে জড়িত আটাইতকৈ ডাঙৰ আৰু স্পৰ্শকাতৰ সিদ্ধান্ত লয়।এই কমিটীৰ অধ্যক্ষতা কৰে স্বয়ং প্ৰধানমন্ত্ৰীয়ে।
ইয়াৰ ভিতৰত আছে প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু বিত্তমন্ত্ৰী। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (এন এছ এ) আৰু তিনিটা সশস্ত্ৰ বাহিনীৰ মুৰব্বীসকলেও ইয়াত গুৰুত্বপূৰ্ণ ইনপুট দিয়ে।
লগতে পঢ়ক: ‘সময় নষ্ট নকৰাকৈ ইৰাণৰ ওপৰত আৰু ভয়ংকৰ আক্ৰমণ কৰিম’; ইজৰাইলৰ ‘আক্ৰমণ খণ্ড-২’ত অনুমোদন নেতান্যাহুৰ









