‘ইৰাণৰ ক্ষেপণাস্ত্ৰক শেষ কৰি দিয়া হ’ব’; আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

‘ইৰাণৰ ক্ষেপণাস্ত্ৰক শেষ কৰি দিয়া হ’ব’; আক্ৰমণৰ পিছত ড’নাল্ড ট্ৰাম্পৰ প্ৰথম প্ৰতিক্ৰিয়া

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই “বৃহৎ যুদ্ধ অভিযান” আৰম্ভ কৰিছে।তেওঁ দাবী কৰে যে ইয়াৰ লক্ষ্য হৈছে ইৰাণী শাসনে সৃষ্টি কৰা ভাবুকি দূৰ কৰা। ইৰাণৰ ওপৰত আমেৰিকাৰ আৰু ইজৰাইলে আক্ৰমণৰ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ বিবৃতি

ইৰাণৰ ওপৰত আমেৰিকাৰ আক্ৰমণৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে আমেৰিকাই “বৃহৎ যুদ্ধ অভিযান” আৰম্ভ কৰিছে।তেওঁ দাবী কৰে যে ইয়াৰ লক্ষ্য হৈছে ইৰাণী শাসনে সৃষ্টি কৰা ভাবুকি দূৰ কৰা।

ইৰাণৰ ওপৰত আমেৰিকাৰ আৰু ইজৰাইলে আক্ৰমণৰ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এটা ডাঙৰ বিবৃতি দিছে।ট্ৰাম্পে কয় যে শেহতীয়াকৈ আমেৰিকাই ইৰাণত “বৃহৎ যুদ্ধ অভিযান” আৰম্ভ কৰিছে।

তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত প্ৰকাশ কৰা এক ভিডিঅ’ বাৰ্তাত কয় যে,এই সামৰিক অভিযানৰ উদ্দেশ্য হৈছে আমেৰিকাৰ জনসাধাৰণক সুৰক্ষা দিয়া আৰু ইৰাণী শাসনে সৃষ্টি কৰা আগতীয়া ভাবুকিসমূহ দূৰ কৰা।

ট্ৰাম্পে ইৰাণৰ শাসন ব্যৱস্থাক “অতি কঠোৰ আৰু বিপজ্জনক গোট” বুলি অভিহিত কৰি কয় যে,আমেৰিকাই কেতিয়াও ইৰাণক পাৰমাণৱিক অস্ত্ৰ লাভ কৰিবলৈ নিদিয়ে।

তেওঁৰ মতে ইৰাণে নিজৰ পাৰমাণৱিক কাৰ্যসূচী পুনৰ সজীৱ কৰাৰ চেষ্টা কৰিছে আৰু ই দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ বিকশিত কৰি আছে,যিয়ে আমেৰিকা আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে।

ট্ৰাম্পে স্পষ্ট কৰি কৈছে যে, ‘আমি তেওঁলোকৰ ক্ষেপণাস্ত্ৰ ধ্বংস কৰিম আৰু তেওঁলোকৰ ক্ষেপণাস্ত্ৰ উদ্যোগক মাটিত মিহলাই দিম।’

তেওঁ লগতে কয় যে, আমেৰিকাই ইৰাণৰ নৌসেনাক সম্পূৰ্ণৰূপে ধ্বংস কৰিব আৰু ই নিশ্চিত কৰিব যে তেহৰানে পাৰমাণৱিক অস্ত্ৰ লাভ নকৰে।তেওঁ ইৰাণৰ সেনাবাহিনী আই আৰ জি চিক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাইছে।

অৱশ্যে এই আক্ৰমণ ইজৰাইলৰ সৈতে যৌথভাৱে সংঘটিত হৈছে নে নাই সেই বিষয়ে ট্ৰাম্পে তেওঁৰ বিবৃতিত স্পষ্ট কৰা নাই।

আমেৰিকাৰ এগৰাকী বিষয়াই কয় যে ইৰাণৰ বিৰুদ্ধে আকাশ আৰু সাগৰীয় দুয়োটা পথতে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।যোৱা কেইটামান সপ্তাহত আমেৰিকাই মধ্যপ্ৰাচ্যত নিজৰ সামৰিক সম্পদ ব্যাপকভাৱে নিয়োগ কৰিছে।ট্ৰাম্পে ইয়াক “বিশাল নৌসেনাৰ বহৰ” বুলি অভিহিত কৰিছে।

লগতে পঢ়ক: আকৌ যুদ্ধ; ইৰাণৰ ওপৰত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ, বিমানবন্দৰকে ধৰি ৩০টাকৈ স্থানত মিছাইল নিক্ষেপ

শেহতীয়া প্ৰৱন্ধসমূহ