বলিভিয়াত নোটেৰে ভৰা বিমান দুৰ্ঘটনা; ১৫ জনৰ মৃত্যু

বলিভিয়াত নোটেৰে ভৰা বিমান দুৰ্ঘটনা; ১৫ জনৰ মৃত্যু

দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। বলিভিয়াৰ বায়ুসেনাৰ এখন হাৰকিউলিছ চি-১৩০ বিমান ৰাণৱেৰ পৰা ছিটিকি গৈ বিমানবন্দৰৰ সীমা ভাঙি পথত খুন্দা মাৰে। দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত শুকুৰবাৰে (২৭ ফেব্ৰুৱাৰী) এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। ৰাজধানী লা পাজৰ সমীপৰ এল আল্ট’

দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। বলিভিয়াৰ বায়ুসেনাৰ এখন হাৰকিউলিছ চি-১৩০ বিমান ৰাণৱেৰ পৰা ছিটিকি গৈ বিমানবন্দৰৰ সীমা ভাঙি পথত খুন্দা মাৰে।

দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত শুকুৰবাৰে (২৭ ফেব্ৰুৱাৰী) এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। ৰাজধানী লা পাজৰ সমীপৰ এল আল্ট’ চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় বলিভিয়াৰ বায়ুসেনাৰ হাৰকিউলিছ চি-১৩০ বিমান।

এই দুৰ্ঘটনাত ১৫ জন লোক নিহত হোৱাৰ লগতে কমেও ৩০ জন লোক আহত হয়।ৰাণৱেৰ পৰা ছিটিকি গৈ বিমানখনে ভাঙি দিয়ে বিমানবন্দৰৰ সুৰক্ষা বেৰ।

স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।বিমানখনে অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা বাহিৰ হৈ যায়। তাৰ পিছত বিমানবন্দৰৰ সীমা ভাঙি পথত বাগৰি পৰে।

বিমানখনে কেইবাখনো গাড়ী আৰু অন্যান্য বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।এই সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে বহু বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী পাভেল টোভাৰৰ মতে মৃত লোকসকল বিমানত আছিল নে চহৰখনৰ বিমানবন্দৰৰ ওচৰৰ ঘাইপথত ক্ষতিগ্ৰস্ত গাড়ীত আছিল সেই কথা স্পষ্ট কৰা নাই।

জানিব পৰা মতে,এই বিমানখনে দেশৰ বিভিন্ন প্ৰান্তলৈ নতুন বেংক নোট ডেলিভাৰী কৰিবলৈ গৈ আছিল।দুৰ্ঘটনাটোৰ পিছত পথত সিঁচৰতি হৈ পৰে নোট।

স্থানীয় বিষয়াৰ মতে, সেনাৰ বিমানখনে ছান্টা ক্ৰুজ চহৰৰ পৰা উৰা মাৰিছিল আৰু এল আল্ট’ত ৰাণৱেত অৱতৰণ কৰাৰ সময়ত পিছলি গৈ ওচৰৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

লগতে পঢ়ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সমিপত আফগানিস্তানৰ আত্মঘাতী ড্ৰোন আক্ৰমণ!

শেহতীয়া প্ৰৱন্ধসমূহ