বলিভিয়াত নোটেৰে ভৰা বিমান দুৰ্ঘটনা; ১৫ জনৰ মৃত্যু

দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। বলিভিয়াৰ বায়ুসেনাৰ এখন হাৰকিউলিছ চি-১৩০ বিমান ৰাণৱেৰ পৰা ছিটিকি গৈ বিমানবন্দৰৰ সীমা ভাঙি পথত খুন্দা মাৰে।

দক্ষিণ আমেৰিকাৰ দেশ বলিভিয়াত শুকুৰবাৰে (২৭ ফেব্ৰুৱাৰী) এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়। ৰাজধানী লা পাজৰ সমীপৰ এল আল্ট’ চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় বলিভিয়াৰ বায়ুসেনাৰ হাৰকিউলিছ চি-১৩০ বিমান।

এই দুৰ্ঘটনাত ১৫ জন লোক নিহত হোৱাৰ লগতে কমেও ৩০ জন লোক আহত হয়।ৰাণৱেৰ পৰা ছিটিকি গৈ বিমানখনে ভাঙি দিয়ে বিমানবন্দৰৰ সুৰক্ষা বেৰ।

স্থানীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনাটো।বিমানখনে অৱতৰণৰ সময়ত ৰাণৱেৰ পৰা বাহিৰ হৈ যায়। তাৰ পিছত বিমানবন্দৰৰ সীমা ভাঙি পথত বাগৰি পৰে।

বিমানখনে কেইবাখনো গাড়ী আৰু অন্যান্য বাহনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।এই সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে বহু বাহন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ মুৰব্বী পাভেল টোভাৰৰ মতে মৃত লোকসকল বিমানত আছিল নে চহৰখনৰ বিমানবন্দৰৰ ওচৰৰ ঘাইপথত ক্ষতিগ্ৰস্ত গাড়ীত আছিল সেই কথা স্পষ্ট কৰা নাই।

জানিব পৰা মতে,এই বিমানখনে দেশৰ বিভিন্ন প্ৰান্তলৈ নতুন বেংক নোট ডেলিভাৰী কৰিবলৈ গৈ আছিল।দুৰ্ঘটনাটোৰ পিছত পথত সিঁচৰতি হৈ পৰে নোট।

স্থানীয় বিষয়াৰ মতে, সেনাৰ বিমানখনে ছান্টা ক্ৰুজ চহৰৰ পৰা উৰা মাৰিছিল আৰু এল আল্ট’ত ৰাণৱেত অৱতৰণ কৰাৰ সময়ত পিছলি গৈ ওচৰৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

লগতে পঢ়ক: পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সমিপত আফগানিস্তানৰ আত্মঘাতী ড্ৰোন আক্ৰমণ!

দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগত উৰিল ত্ৰিৰংগা, ইতিহাস সৃষ্টি কৰিলে অৰুণাচলৰ কন্যাই

নিজৰ সাহস আৰু দৃঢ়তাৰে বলত ১ ফেব্ৰুৱাৰীত দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চত সফলতাৰে আৰোহণ কৰি ইতিহাস সৃষ্টি কৰে অৰুণাচলৰ কাবাক ইয়ানোৱে ।

অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী কাবাক ইয়ানোৱে নিজৰ সাহস আৰু দৃঢ়তাৰে বলত ১ ফেব্ৰুৱাৰীত দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট একনকাগুয়া (আৰ্জেন্টিনা)ত সফলতাৰে আৰোহণ কৰি ইতিহাস ৰচনা কৰে । ২২,৮৩১ ফুট উচ্চতাৰ এই পৰ্বতটোক পশ্চিম গোলাৰ্ধৰ সৰ্বোচ্চ শৃংগ হিচাপে জনা যায় আৰু অভিজ্ঞ পৰ্বতাৰোহীৰ বাবেও ই যথেষ্ঠ প্ৰত্যাহ্বানমূলক ।

এই ঐতিহাসিক সাফল্যৰ বাবে ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্নাইকে কাবাক ইয়ানোক অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে এই সফলতা অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস আৰু অনুশাসন, আত্মবিশ্বাস আৰু নিৰন্তৰ প্ৰচেষ্টাৰে কঠিন লক্ষ্যতো উপনীত হ’ব পৰা যায় ।

কাবাক ইয়ানোৰ এই অভিযান ‘৭-ছামিট মাউণ্টেইনিং এক্সপেডিচন’ৰ অংশ, য’ত বিশ্বৰ সাতখন মহাদেশৰ সৰ্বোচ্চ শৃংগ আৰোহণ অন্তৰ্ভূক্ত আছে । ইয়াৰ পূৰ্বে তেওঁ ২০২৫ চনৰ ৪ আগষ্টত আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জাৰো আৰু ২০২৫ চনৰ ১৬ আগষ্টত ইউৰোপৰ মাউণ্ট এলব্ৰাছত সফলতাৰে আৰোহণ কৰিছিল । কাবাক ইয়ানোৰ এই সাফল্যই অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলক ক্ৰীড়া, দুঃসাহসিক অভিযান, পৰ্বতাৰোহণৰ বাবে অনুপ্ৰাণিত কৰিব বুলি কয় । লগতে যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া আৰু দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰৰ বাবে প্ৰশাসনৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে ।

উল্লেখযোগ্য যে ২০২৫ চনৰ ২৮ জুলাইত ৰাজ্যপালগৰাকীয়ে ইটানগৰৰ লোকভৱনৰ পৰা কাবাক ইয়ানোৰ ‘৭-ছামিট মাউণ্টেইনিং এক্সপেডিচন’ক আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিছিল । এই অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কেণ্টো জিনিও উপস্থিত আছিল ।

‘৭-ছামিট মাউণ্টেইনিং এক্সপেডিচন’ত এছিয়াৰ মাউণ্ট এভাৰেষ্ট, দক্ষিণ আমেৰিকাৰ একনকাগুয়া, উত্তৰ আমেৰিকাৰ ডেনালি, আফ্ৰিকাৰ কিলিমাঞ্জাৰো, ইউৰোপৰ এলব্ৰাছ, এন্টাৰ্কটিকাৰ ভিনছন মেছিফ আৰু অ’চেনিয়াৰ পাঞ্চক জয়া বা মাউণ্ট কচচিউস্কো আৰোহণ অন্তৰ্ভূক্ত আছে । এই বিৰল কৃতিত্ব এতিয়ালৈকে নিৰ্বাচিত কেইগৰাকীমান পৰ্বতাৰোহীয়েহে লাভ কৰিছে ।

লগতে পঢ়ক : উত্তৰ-পূবৰ বাবে চৰকাৰৰ বৃহৎ পৰিকল্পনা… ‘চিকেন নেক’ত চলিব ভূগৰ্ভস্থ ৰে’ল