অভিষেক শৰ্মা নে তিলক বৰ্মা? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেইং ১১ৰ পৰা কাক দিয়া হ’ব বাদ?

অভিষেক শৰ্মা নে তিলক বৰ্মা? দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ প্লেইং ১১ৰ পৰা কাক দিয়া হ’ব বাদ?

দেওবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত অক্ষৰ পেটেলৰ প্লেইং ১১লৈ ঘূৰি অহাটো নিশ্চিত বুলি বিবেচিত হৈছে। টি-২০ বিশ্বকাপ ২০২৬ ৰ ছুপাৰ-৮ ৰ ৰণডংকা বাজি উঠিছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে

দেওবাৰে টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ-৮ ৰাউণ্ডত ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব।আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখনত অক্ষৰ পেটেলৰ প্লেইং ১১লৈ ঘূৰি অহাটো নিশ্চিত বুলি বিবেচিত হৈছে।

টি-২০ বিশ্বকাপ ২০২৬ ৰ ছুপাৰ-৮ ৰ ৰণডংকা বাজি উঠিছে।দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে প্ৰথমখন খেল খেলিব।

এই হাই ভল্টেজ মেচৰ পূৰ্বে ভাৰতীয় দল পৰিচালনা সমিতিয়ে প্লেইং ১১ ৰ ডাঙৰ পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে।অপৰাজিত হৈ ছুপাৰ-৮ত প্ৰৱেশ কৰা টিম ইণ্ডিয়াই এতিয়া নিজৰ শক্তিশালী দলৰ সৈতে খেলপথাৰত প্ৰৱেশ কৰিব বিচাৰিছে।

ভাৰতীয় দলৰ তিনিটা পৰিৱৰ্তন হ’ব পাৰে। সঞ্জু চেমছনক বেটিং অনুশীলন কৰা দেখা গৈছিল। অনুশীলনৰ সময়ত সঞ্জু চেমছনক যথেষ্ট কষ্ট কৰা দেখিবলৈ পোৱা গৈছে।

ভাৰতৰ উপ-অধিনায়ক অক্ষৰ পেটেল নেদাৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেলত জিৰণি লোৱাৰ পাছতে প্লেইং ১১ লৈ ঘূৰি অহাটো প্ৰায় নিশ্চিত।তেওঁৰ ঠাইত ৱাশ্বিংটন সুন্দৰক সুযোগ দিয়া হৈছিল।

ঘৰুৱা ক্ৰিকেটত গুজৰাটক প্ৰতিনিধিত্ব কৰা অক্ষৰ পেটেলৰ বাবে এইখনেই ‘হোম গ্ৰাউণ্ড’।আহমেদাবাদৰ খেলপথাৰত তেওঁৰ অভিজ্ঞতাই দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ বাবে ট্ৰাম্প কাৰ্ড বুলি প্ৰমাণিত হ’ব পাৰে।

যদি এইবাৰ অভিষেক শৰ্মাই সুযোগ নাপাই, তেন্তে ঈশান কিষানৰ সৈতে চেমছনক অপেনাৰত দেখিবলৈ পোৱা যাব পাৰে।

লগতে পঢ়ক: ‘ছেমি ফাইনেলৰ পূৰ্বে বাহিৰ হ’ব টিম ইণ্ডিয়া’!প্ৰাক্তন পাকিস্তানী ক্ৰিকেটাৰৰ ভৱিষ্যদ্বাণী