গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ দ্বিতীয় অধ্যায় এটাও আছেঃ ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ দ্বিতীয় অধ্যায় এটাও আছেঃ ভূপেন বৰাৰ দল ত্যাগৰ পিছতেই মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ

কেইটামান দিন পূৰ্বে সংবাদমেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন কৰা মুখ্যমন্ত্ৰীয়ে সোমবাৰে পুনৰ আন এক বিস্ফোৰণ ঘটায় । গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এটা দ্বিতীয় অধ্যায়ও আছে । দ্বিতীয় অধ্যায়ত থকা তথ্য অধিক বিস্ফোৰক আৰু ভয়ানক । কেইটামান দিন পূৰ্বে সংবাদমেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন

কেইটামান দিন পূৰ্বে সংবাদমেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন কৰা মুখ্যমন্ত্ৰীয়ে সোমবাৰে পুনৰ আন এক বিস্ফোৰণ ঘটায় ।

গৌৰৱ গগৈৰ পাকিস্তান সংযোগৰ এটা দ্বিতীয় অধ্যায়ও আছে । দ্বিতীয় অধ্যায়ত থকা তথ্য অধিক বিস্ফোৰক আৰু ভয়ানক । কেইটামান দিন পূৰ্বে সংবাদমেলযোগে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ উন্মোচন কৰা মুখ্যমন্ত্ৰীয়ে সোমবাৰে এই মন্তব্যৰে পুনৰ আন এক বিস্ফোৰণ ঘটায় । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মতে গৌৰৱ গগৈৰ পাকিস্তান লিংক এতিয়াও শেষ হোৱা নাই । গৌৰৱ গগৈৰ পাকিস্তান কানেকচনৰ দ্বিতীয় অধ্যায় এটাও আছে ।

প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূপেন বৰাই সোমবাৰে দল ত্যাগৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ আন বিস্ফোৰণ ঘটায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়- গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিচাৰ হ’বয়ে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থত মই যিখিনি ৰাজহুৱা কৰিলোঁ তাৰ পিছত আৰু এটা অধ্যায় আছে । গৌৰৱ গগৈৰ পাকিস্তান সংযোগক লৈ যিখিন কলোঁ তাৰ দ্বিতীয় এখন কিতাপো আছে । কিন্তু এই কথাখিনি মই ৰাজহুৱা কৰিব নোৱাৰো কাৰণ মোৰ পদৰ গোপনীয়তাৰ শপত আছে ।

গৌৰৱ গগৈয়ে পাকিস্তানত থকা ১০ দিন সময় কি কৰিছিল, ক’ত আছিল তাৰ ভিডিঅ’ আছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই । তেওঁ কয়- গৌৰৱ গগৈয়ে পাকিস্তানত ১০ টা দিন থকা আৰু তেওঁ তাত কি কৰিছিল তাৰ ভিডিঅ’ও আমাৰ হাতত আছে । এই অধ্যায়টো ইয়াতেই শেষ যোৱা নাই । কিন্তু সেইখিনি মই প্ৰকাশ কৰিব নোৱাৰোঁ । সেইখিনি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই আমাৰ পৰা পাব । গতিকে বহুত ঘটনা ঘটিবলৈ বাকী আছে ।

২০২৯লৈ কংগ্ৰেছত নাথাকে কোনো হিন্দু-

ইফালে ২০২৯ চনলৈ কংগ্ৰেছ দলত কোনো হিন্দু মানুহ নাথাকে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয় যে, যিকেইজনৰ একেবাৰে উপাই নাই আৰু যিসকলৰ সমষ্টি সংখ্যালঘু তেওঁলোকৰ দৰে দুই-এজন লোক কংগ্ৰেছত থাকিব । তেওঁ লগতে কয়- শিৱসাগৰ, ডিব্ৰুগড়ৰ টিকট নিৰ্বাচনৰ বাবে ৰেকিবুদ্দিন আহমেদ, আছিফ নজৰ আৰু আব্দুৰ ৰহিমক কিয় পঠাইছে কংগ্ৰেছে । এই আটাইকেইজনেই ৰকিবুল হুছেইনৰ মানুহ ।

লগতে পঢ়ক : ‘ভূপেন বৰা প্ৰকৃত কংগ্ৰেছী নেতা’; ভূপেন বৰাৰ পদত্যাগ পত্ৰ স্বীকাৰ কৰা নাই জিতেন্দ্ৰ সিঙে