ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ?  শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

ভাৰতৰ সৈতে কেনে হ’ব আগন্তুক বন্ধুত্ব ?  শপত লোৱাৰ পূৰ্বে তাৰিক ৰহমানে দিলে উত্তৰ

তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব । বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ মুৰব্বী তাৰিক ৰহমানে দেশবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ ইয়াক দেশ, গণতন্ত্ৰ, জনতাৰ

তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব ।

বাংলাদেশৰ সাধাৰণ নিৰ্বাচনত ঐতিহাসিক বিজয়ৰ পিছত প্ৰথমবাৰৰ বাবে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ মুৰব্বী তাৰিক ৰহমানে দেশবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । তেওঁ ইয়াক দেশ, গণতন্ত্ৰ, জনতাৰ আশাৰ বিজয় বুলি অভিহিত কৰে । বিএনপিৰ বিজয়ৰ পাছতে পশ্চিম এছিয়াৰ দেশ বিশেষকৈ ভাৰতৰ সৈতে বিএনপিৰ সম্পৰ্ক সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে । তাৰিক ৰহমানে কয় যে তেওঁৰ দলে চীন, ভাৰত, পাকিস্তানৰ সৈতে সম্পৰ্কত বাংলাদেশৰ স্বাৰ্থ সুৰক্ষিত কৰা বৈদেশিক নীতি গ্ৰহণ কৰিব ।

শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণক কি ক’লে তাৰিক ৰহমানে ?

তাৰিক ৰহমানে কয় যে বাংলাদেশৰ বৈদেশিক নীতি নিৰ্ধাৰণ হ’ব ইয়াৰ জনসাধাৰণৰ স্বাৰ্থৰ ভিত্তিত । বিএনপিয়ে ভাৰতৰ পৰা শ্বেখ হাছিনাৰ প্ৰত্যাৰ্পণ বিচাৰিব নেকি বুলি সোধাত তেওঁ কয় যে ই আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব ।

তেওঁ কয়, “আমি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছো । আমাৰ অৰ্থনীতি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আৰু দেশৰ আইন-শৃংখলা পৰিস্থিতি চিন্তনীয় । আমি জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব । পূৰ্বৰ চৰকাৰে প্ৰায় সকলো প্ৰতিষ্ঠানকে ৰাজনীতিকৰণ কৰিছিল, গতিকে আমি সুশাসন নিশ্চিত কৰিব লাগিব ।” তেওঁ কয় যে আমি বাংলাদেশলৈ নতুন বিনিয়োগ আনিম, যাৰ ফলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব ।

চীনৰ সৈতে সম্পৰ্কক লৈ তাৰিকৰ প্ৰতিক্ৰিয়া-

চীনৰ সৈতে বাংলাদেশৰ সম্পৰ্ক আৰু বেল্ট এণ্ড ৰোড ইনিচিয়েটিভৰ সন্দৰ্ভত তাৰিকে কয়, “আমি বাংলাদেশৰ জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰিম । যদি কিবা বাংলাদেশৰ স্বাৰ্থত নহয়, তেন্তে আমি স্বাভাৱিকতে ইয়াক সমৰ্থন নকৰোঁ । মই বিশ্বাস কৰোঁ যে পাৰস্পৰিক স্বাৰ্থ আমাৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হ’ব । বেল্ট এণ্ড ৰোড ইনিচিয়েটিভে যদি বাংলাদেশক লাভৱান কৰে আৰু ইয়াৰ অৰ্থনীতিক সমৰ্থন কৰে তেন্তে আমি সিদ্ধান্ত লম ।”

দক্ষিণ এছিয়ান এছ’চিয়েশ্যন ফৰ ৰিজিঅ’নেল ক’অপাৰেশ্যনৰ সন্দৰ্ভত তেওঁ কয় যে, “বাংলাদেশৰ উদ্যোগত এই সংস্থাটো স্থাপন কৰা হৈছে । আমি ই কাম কৰাটো বিচাৰো । আমি আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে আলোচনা কৰিম আৰু ছাৰ্কক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিম ।”

লগতে পঢ়ক : মধ্যপ্ৰাচ্যত আমেৰিকাৰ শক্তি প্ৰদৰ্শন, প্ৰেৰণ কৰিলে বিশ্বৰ সৰ্ববৃহৎ যুদ্ধজাহাজ