মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত মুখামুখি হ’ব দিল্লী আৰু বেংগালুৰু; হ’ব নেকি ২৪ ৰ পুনৰাবৃত্তি

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত মুখামুখি হ’ব দিল্লী আৰু বেংগালুৰু

চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ দিল্লী কেপিটেলছৰ। স্মৃতি মান্ধনাৰ আৰচিবিৰ বিৰুদ্ধে খেলপথাৰত নামিব জেমিমাহ ৰড্ৰিগেজৰ টীম মহিলা প্ৰিমিয়াৰ লীগ (WPL 2026)ৰ চতুৰ্থ সংস্কৰণৰ এলিমিনেটৰ মেচত দিল্লী কেপিটেলে গুজৰাট জায়েন্টছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি

চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ দিল্লী কেপিটেলছৰ। স্মৃতি মান্ধনাৰ আৰচিবিৰ বিৰুদ্ধে খেলপথাৰত নামিব জেমিমাহ ৰড্ৰিগেজৰ টীম

মহিলা প্ৰিমিয়াৰ লীগ (WPL 2026)ৰ চতুৰ্থ সংস্কৰণৰ এলিমিনেটৰ মেচত দিল্লী কেপিটেলে গুজৰাট জায়েন্টছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেলত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ মুখামুখি হ’ব,যিয়ে পইণ্ট টেবুলৰ শীৰ্ষ স্থান দখল কৰি পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিছিল।

দ্বিতীয় সংস্কৰণৰ বিজয়ী ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু দ্বিতীয়বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে।২০২৪ চনত দলটোৱে দিল্লীক পৰাস্ত কৰি খিতাপ দখল কৰিছিল।

এই সংস্কৰণত আৰ চি বিয়ে পইণ্ট টেবুলত শীৰ্ষস্থান দখল কৰি প্ৰত্যক্ষভাৱে প্ৰৱেশ কৰে। দলটোৱে ৮খন খেলৰ ভিতৰত ৬খন খেলত জয়লাভ কৰিছিল।দুখন খেলৰ ভিতৰত এখন খেলত দিল্লীৰ বিৰুদ্ধে পৰাস্ত হয় আৰ চি বি,যি এই ছিজনত তৃতীয় স্থানত থাকিল।

মহিলা প্ৰিমিয়াৰ লীগ (২০২৩)ৰ প্ৰথম সংস্কৰণৰ ফাইনেলত প্ৰৱেশ কৰিছিল দিল্লী কেপিটেলছ, ইয়াৰ পিছত দিল্লীয়ে প্ৰতিটো সংস্কৰণতে ফাইনেলত প্ৰৱেশ কৰিছিল যদিও কেতিয়াও খিতাপ দখল কৰিব নোৱাৰিলে।এতিয়া দিল্লীয়ে প্ৰথম খিতাপৰ বাবে আৰচিবিৰ সৈতে মুখামুখি হ’ব।

৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু দিল্লী কেপিটেলছৰ মাজত ফাইনেল অনুষ্ঠিত হ’ব। মহিলা প্ৰিমিয়াৰ লীগৰ ফাইনেল খেলখন সন্ধিয়া ৭:৩০ বজাৰ পৰা কোট্টাম্বিৰ বিচিএ ষ্টেডিয়ামত আৰম্ভ হ’ব।

লগতে পঢ়ক: ‘পাকিস্তানৰ এটা প্ৰজন্ম ধ্বংস হৈ যাব’; বিশ্বকাপ বিতৰ্কক লৈ কপিল দেৱৰ তীক্ষ্ণ সমালোচনা

শেহতীয়া প্ৰৱন্ধসমূহ