জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ । সামাজিক মাধ্যমত এই কথা জনাইছে গৰিমাই । প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই

জুবিন গাৰ্গৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ গৰিমা শইকীয়া গাৰ্গৰ । সামাজিক মাধ্যমত এই কথা জনাইছে গৰিমাই ।

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰি দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে । কিছু সময় পূৰ্বে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে গৰিমাই ।

সামাজিক মাধ্যমৰ এক পোষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ কথা উল্লেখ কৰি ইয়াৰ ফটো শ্বেয়াৰ কৰে । স্মাৰক পত্ৰৰ ফটো শ্বেয়াৰ কৰি এই পোষ্টত গৰিমাই জুবিন গাৰ্গে সম্পূৰ্ণ সত্য, শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব, দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব বুলি উল্লেখ কৰিছে ।

জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰি সামাজিক মাধ্যমৰ পোষ্টত গৰিমাই লিখিছে- ‘ভাৰতবৰ্ষৰ গৌৰৱান্বিত ৭৭তম গণৰাজ্য দিৱস পালনৰ প্ৰাকক্ষণত দেশৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ প্ৰণাম জনোৱাৰ লগতে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰণ… প্ৰতিটো দিন ৰাতি এতিয়া মাথোঁ এটাই আমাৰ লক্ষ্য .. জুবিন গাৰ্গে সম্পূৰ্ণ সত্য , শুদ্ধ আৰু উচিত ন্যায় পাবই লাগিব । দোষীয়ে কঠোৰতম শাস্তি পাবই লাগিব ।“

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত স্বাক্ষৰ কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, ভগ্নী পামী বৰঠাকুৰ আৰু খুড়াক মোজ কুমাৰ বৰঠাকুৰে ।

জুবিন গাৰ্গক কেৱল এজন পৰিয়ালৰ সদস্যতকৈও ঊৰ্ধত বুলি অভিহিত কৰি পত্ৰখনত উল্লেখ কৰা হৈছে যে তেওঁ আছিল “অসম তথা ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক সাংস্কৃতিক কণ্ঠস্বৰ।”

পত্ৰখনৰ মতে, তদন্তৰ অংশ হিচাপে বিশেষ তদন্তকাৰী গোটৰ জ্যেষ্ঠ বিষয়াসকলে চিংগাপুৰ ভ্ৰমণ কৰিছিল। স্মাৰকপত্ৰখনত কোৱা হৈছে যে, “প্ৰায় তিনি মাহৰ অনুসন্ধানৰ পাছত অসম আৰক্ষীয়ে ২,৫০০ পৃষ্ঠাৰো অধিক এখন অভিযোগনামা দাখিল কৰে আৰু সংগ্ৰহ কৰা প্ৰমাণৰ ভিত্তিত হত্যা সম্পৰ্কীয় ধাৰাসমূহ আৰোপ কৰে ।”

পৰিয়ালটোৱে ছিংগাপুৰৰ আইনী প্ৰক্ৰিয়াৰ সৈতে তেওঁলোকৰ জড়িত থকাৰ কথা উল্লেখ কৰি জনাইছে যে, ছিংগাপুৰৰ কৰোনাৰ্ছ ক’ৰ্টত (Coroner’s Court) এখন “বিতং আৰু যুক্তিপূৰ্ণ বিবৃতি” দাখিল কৰা হৈছে । এই আবেদনখনত গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত ঘটনাৰ ক্ৰম, সুৰক্ষা বিধি, মানৱীয় সিদ্ধান্ত আৰু জৰুৰীকালীন সঁহাৰি ব্যৱস্থাৰ স্পষ্টতা বিচাৰ কৰা হৈছে ।

লগতে পঢ়ক : ৰাজনৈতিক প্ৰৰোচনাত পৰি শংকৰজ্যোতিৰ বিৰুদ্ধে যুৱতীয়ে দিছিল নেকি বিশেষ ফেচবুক পোষ্ট ?

শেহতীয়া প্ৰৱন্ধসমূহ