ভয়ংকৰ পথ দুৰ্ঘটনা… গভীৰ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

ভয়ংকৰ পথ দুৰ্ঘটনা… গভীৰ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

এটা খাৱৈত যাত্ৰীবাহী বাছখন বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে ৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাছ এটা খাৱৈত বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । এই

এটা খাৱৈত যাত্ৰীবাহী বাছখন বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । বৰ্তমানলৈকে ৭গৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাছ এটা খাৱৈত বাগৰি পৰাত এই পথ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনাত নিহত হয় ৭ জন লোক । আনহাতে দুগৰাকী মহিলাসহ ১২ জন যাত্ৰী আঙত হৈছে । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈছে । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

খবৰ অনুসৰি আলমোৰাৰ ভিকিয়াছাইন অঞ্চলৰ শিলাপানীত সংঘটিত হয় এই পথ দুৰ্ঘটনা । বাছখন খাৱৈত বাগৰি পৰে । দুৰ্ঘটনাত নিহত হয় ৭ জন লোক । আনহাতে আহত হয় আন ১২ জন যাত্ৰী ।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন আৰু উদ্ধাৰকাৰী দল । আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

জিলাখনৰ ভিকিয়াছাইন অঞ্চলৰ শিলাপানীৰ সমীপত নিয়ন্ত্রণহীন হৈ বাছখন বাগৰি পৰে ৷ দুৰ্ঘটনাত ৭ জন লোকৰ প্ৰাণহানি হোৱাৰ বিপৰীতে দুগৰাকী মহিলাকে ধৰি ১২ জন যাত্ৰী গুৰুতৰভাৱে আহত হয় । ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে স্থানীয় আৰক্ষী, প্ৰশাসন আৰু সাহায্য আৰু উদ্ধাৰকাৰী দলে সেই স্থানত উপস্থিত হয় ।

বিষয়াসকলৰ মতে, বাছখনত মুঠ ১৯জন যাত্ৰী আছিল । চালকে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে এই পথ দুৰ্ঘটনা হোৱাৰ সন্দেহ কৰা হৈছে । নিহতসকলৰ ভিতৰত আছে ৫ গৰাকী পুৰুষ আৰু দুগৰাকী মহিলা ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে । তেওঁ বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । আহতসকলক তাৎক্ষণিক আৰু উপযুক্ত চিকিৎসা সেৱা আগবঢ়াবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

লগতে পঢ়ক : ‘ভাৰতলৈ পলায়ন উছমান হাদীৰ হত্যাকাৰী…’ বাংলাদেশৰ অভিযোগৰ প্ৰত্যুত্তৰ ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ