শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০টো ভাৰতৰ জয়… ক্লীন ছুইপৰ দিশে হৰমনপ্ৰীত ব্ৰিগেড

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০টো ভাৰতৰ জয়… ক্লীন ছুইপৰ দিশে হৰমনপ্ৰীত ব্ৰিগেড

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে । এই জয়েৰে শৃংখলাত ৪-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে হৰমনপ্ৰীত বাহিনীয়ে । দেওবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ । তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয়

শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে । এই জয়েৰে শৃংখলাত ৪-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে হৰমনপ্ৰীত বাহিনীয়ে ।

দেওবাৰে ভাৰত আৰু শ্ৰীলংকাৰ মহিলা ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয় পাঁচখন খেলৰ টি-২০ শৃংখলাৰ চতুৰ্থখন মেচ । তিৰুৱনন্তপুৰমত অনুষ্ঠিত হোৱা মেচখনত ভাৰতীয় দলটোৱে ৩০ ৰাণত জয়লাভ কৰি ৪-০ ব্যৱধানত শৃংখলাত অগ্ৰগতি লাভ কৰে । শ্ৰীলংকাই টছত জয়লাভ কৰি প্ৰথমে ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । প্ৰথমে বেটিং কৰি ভাৰতে শ্ৰীলংকাক ২২২ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । শ্বেফালী বাৰ্মা আৰু স্মৃতি মন্ধানাৰ বিস্ফোৰক অৰ্ধ শতক আৰু ৰিচা ঘোষৰ ফিনিচিং টাচৰ বাবে ভাৰতে এই মেচত জয়লাভ কৰিবলৈ সক্ষম হয় । লক্ষ্য অনুসৰণ কৰি শ্ৰীলংকাৰ দলটোৱে ২০ অভাৰত ৬ টা উইকেট হেৰুৱাই ১৯১ ৰানহে কৰিবলৈ সংক্ষম হয় ।

শ্ৰীলংকাৰ ইনিংছ-

ভাৰতৰ ২২২ ৰানৰ প্ৰতিক্ৰিয়া স্বৰূপে শ্ৰীলংকাই শক্তিশালী আৰম্ভণি কৰে । পেৰেৰা আৰু চামাৰী আটাপাট্টুয়ে অৰ্ধ শতিকীয় অংশীদাৰিত্ব গঢ়ে । অৱশ্যে ষষ্ঠ অভাৰত আলহী দলটোৱে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া হাছিনি পেৰেৰা ৩৩ ৰানত আউট হয় । তাৰ পিছতে দুলহানী আৰু আটাপট্টুৱে ইনিংছৰ দায়িত্ব লয় । ৩৭টা বলত ৫২ ৰান সংগ্ৰহ কৰি অধিনায়ক চামাৰীয়ে ১৩ অভাৰত নিজৰ উইকেট বিসৰ্জন দিয়ে । ইয়াৰ পিছত ভাৰতীয় বলাৰসকলে শক্তিশালী প্ৰদৰ্শনেৰে মেচখন নিজৰ হাতলৈ আনে আৰু আলহী দলটোৱে মুঠ ১৯১ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

ভাৰতৰ ইনিংছ-

প্ৰথমে বেটিং কৰি ভাৰতে শক্তিশালী আৰম্ভণি কৰে । স্মৃতি মন্ধানা আৰু শ্বেফালী বাৰ্মাই ছয় আৰু চাৰিৰ বৰষুণ নমাই । মাত্ৰ ১০ অভাৰতে ভাৰতৰ স্ক’ৰ ৮৫ত উপনীত কৰায় দুয়োগৰাকী বেটছমেনে । শেফালী বাৰ্মাই মাত্ৰ ৩০টা বলত অৰ্ধ শতক অৰ্জন কৰে । তেওঁ এই বিস্ফোৰক ইনিংছত  সাতটা চাৰি কোবাই । ১৬ নং অভাৰত ভাৰত প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়, যেতিয়া শ্বেফালী বাৰ্মাই ৭৯ ৰান সংগ্ৰহ কৰি উইকেট বিসৰ্জন দিয়ে । এই সময়ত ভাৰতৰ স্ক’ৰ আছিল ১৬২ ৰান । মন্ধানাৰ ইনিংছ অব্যাহত আছিল যদিও ১৭ নং অভাৰত তেওঁ নিজৰ উইকেট বিসৰ্জন দিয়ে । মন্ধানাই ৪৮টা বলত ৮০ ৰান সংগ্ৰহ কৰে । তেওঁৰ ইনিংছত ১১টা চাৰি আৰু তিনিটা ছয় আছিল ।

ইয়াৰ পিছতে ৰিচা ঘোষে উজ্জ্বল বেটিং কৰে । ১৬টা বলত ৪০ ৰান সংগ্ৰহ কৰি ৪টা চাৰি আৰু ৩টা ছয় কোবাই । অধিনায়ক হৰমনপ্ৰীত কৌৰে ১০টা বলত ১৬ ৰান সংগ্ৰহ কৰে । ইয়াৰ বাবে ভাৰতে শ্ৰীলংকাক ২২২ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ।

লগতে পঢ়ক : শ্ৰীলংকাৰ বিৰুদ্ধে চতুৰ্থ টি-২০ত ইতিহাস ৰচিলে ভাৰতে…