বিশেষ হ’ব ভাইজানৰ ৬০ বছৰীয়া জন্মদিন… ফাৰ্ম হাউচত ব্যাপক আয়োজন !

বিশেষ হ’ব ভাইজানৰ ৬০ বছৰীয়া জন্মদিন… ফাৰ্ম হাউচত ব্যাপক আয়োজন !

২৭ ডিচেম্বৰত ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিব বলীউডৰ ভাইজান ছলমান খানে । তাৰকাগৰাকীৰ জন্মদিন উদযাপনক লৈ উৎকণ্ঠিত অনুৰাগী । বলীউডৰ ছুপাৰষ্টাৰ তথা ভাইজান ছলমান খানৰ প্ৰতি অনুৰাগীৰ এক বিশেষ টান আছে । ২৭ ডিচেম্বৰত ভাইজানে ৬০ সংখ্যক জন্মদিন উদযাপন কৰিব । প্ৰতি বছৰে দাবাং খানৰ

২৭ ডিচেম্বৰত ৬০ বছৰীয়া জন্মদিন উদযাপন কৰিব বলীউডৰ ভাইজান ছলমান খানে । তাৰকাগৰাকীৰ জন্মদিন উদযাপনক লৈ উৎকণ্ঠিত অনুৰাগী ।

বলীউডৰ ছুপাৰষ্টাৰ তথা ভাইজান ছলমান খানৰ প্ৰতি অনুৰাগীৰ এক বিশেষ টান আছে । ২৭ ডিচেম্বৰত ভাইজানে ৬০ সংখ্যক জন্মদিন উদযাপন কৰিব । প্ৰতি বছৰে দাবাং খানৰ জন্মদিনক লৈ অনুৰাগীসকল উৎকণ্ঠিত হৈ থাকে । ভাইজানে তেওঁৰ জন্মদিন ক’ত কেনেকৈ পালন কৰিব তাকে লৈ অনুৰাগীসকল সদায় আগ্ৰহী হৈ থাকে ।

ছলমান খানৰ ৬০ বছৰীয়া জন্মদিন উদযাপন-

প্ৰতি বছৰৰ দৰেই ছলমান খানৰ জন্মদিন উদযাপন একেই পুৰণি পদ্ধতিৰে, ব্যক্তিগত পাৰ্টিৰে হ’ব । সূত্ৰ অনুসৰি অভিনেতাগৰাকীয়ে পুনৰবাৰ নিজৰ পানভেল ফাৰ্ম হাউচত পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে এক সৰু গেট টুগেদাৰ আয়োজন কৰিব ।

প্ৰতি বছৰৰ দৰে ভাইজানে নিজৰ পানভেল ফাৰ্মহাউচত ব্যক্তিগত পাৰ্টী অনুষ্ঠিত কৰিব । পৰিয়ালৰ উপৰিও তেওঁৰ লগত কাম কৰা ঘনিষ্ঠ বন্ধু-বান্ধৱী আৰু পৰিচালকসকলক নিমন্ত্ৰণ কৰা হ’ব । জানিব পৰা মতে, বৃহৎ সমাৱেশতকৈ পুৰণি পেছাদাৰী আৰু ব্যক্তিগত সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি অতিথি তালিকাখন সৰু কৰি ৰাখিব ভাইজানে ।

জন্মদিনক লৈ বিশেষ পৰিকল্পনা কৰা হৈছে । তেওঁৰ সকলো পৰিচালকৰ বাৰ্তাৰে এটা বিশেষ ভিডিঅ’ তৈয়াৰ কৰা হৈছে, য’ত তেওঁৰ চলচ্চিত্ৰ যাত্ৰা আৰু তেওঁৰ সৈতে কাম কৰাৰ অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰা হৈছে ।

পাপ্পাৰাজীৰ সৈতে কাটিব কেক-

কোটি কোটি লোকৰ মৰম তথা আকাশচুম্বী জনপ্ৰিয়তা, সফলতা লাভ কৰাৰ পিছতো কিন্তু ছলমান খান সদায়ে মাটিৰ মানুহ হৈ থাকিব বিচাৰে । তেওঁ সদায় নিজৰ ফাৰ্ম হাউচত আপোনজনৰ সৈতে জন্মদিন পালন কৰে । পাৰ্টি আৰম্ভ হোৱাৰ আগতে তেওঁ পৰম্পৰাগতভাৱে পাপ্পাৰাজীৰ সৈতে কেক কাটে । এইবাৰো তেওঁৰ জন্মদিন উদযাপন একেধৰণৰ হ’ব ।

লগতে পঢ়ক : ২০২৬ৰ জানুৱাৰী মাহত অটিটি প্লেটফৰ্মত মুক্তি পাব বহু প্ৰত্যাশিত এই ছবিসমূহ…

শেহতীয়া প্ৰৱন্ধসমূহ