শুভমান গিল আউট,ঈশান কিষাণ ইন; টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

শুভমান গিল আউট,ঈশান কিষাণ ইন; টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

ঘোষণা কৰা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল। ১৬ জনীয়া দলটোত ঈশান কিষাণ আৰু ৰিংকু সিঙক অন্তৰ্ভুক্ত কৰা হৈছে ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি টি-২০ বিশ্বকাপ ২০২৬। য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই মেগা ইভেণ্ট অনুষ্ঠিত কৰা হৈছে। টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ

ঘোষণা কৰা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল। ১৬ জনীয়া দলটোত ঈশান কিষাণ আৰু ৰিংকু সিঙক অন্তৰ্ভুক্ত কৰা হৈছে

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি টি-২০ বিশ্বকাপ ২০২৬। য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই মেগা ইভেণ্ট অনুষ্ঠিত কৰা হৈছে।

টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰাৰম্ভিক দল ঘোষণা কৰিছে। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ অধিনায়কত্বৰ দায়িত্ব গ্ৰহণ কৰিব সূৰ্য্যকুমাৰ যাদৱে, আনহাতে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা শুভমান গিল দলৰ পৰা বাহিৰ হৈছে।

১৬ জনীয়া দলটোত ঈশান কিষান আৰু ৰিংকু সিঙক অন্তৰ্ভুক্ত কৰা হৈছে।মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়,ইয়াৰ পিছতে বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই সংবাদমেলযোগে দলটোৰ কথা ঘোষণা কৰে।সংবাদমেলত অধিনায়ক সূৰ্যকুমাৰ যাদৱো উপস্থিত আছিল।

টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো হৈছেঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী,যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, ৰিংকু সিং, হৰ্ষিত ৰাণা আৰু ঈশান কিষাণ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল; কোনে কোনে পাব সুযোগ