ভয়ংকৰ তথ্য; ChatGPT এ সংঘটিত কৰিলে চাঞ্চল্যকৰ হত্যাকাণ্ড

ভয়ংকৰ তথ্য; ChatGPT এ সংঘটিত কৰিলে চাঞ্চল্যকৰ হত্যাকাণ্ড

ChatGPT ৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ChatGPT এ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ কৰিছে। আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যত প্ৰথমবাৰৰ বাবে চেটজিপিটিৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে।আমেৰিকাৰ তদন্তকাৰী সংস্থাসমূহেও এই ঘটনাৰ বিষয়ে জানি আচৰিত হৈছে।এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কানেকটিকাটত

ChatGPT ৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ChatGPT এ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ কৰিছে।

আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যত প্ৰথমবাৰৰ বাবে চেটজিপিটিৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে।আমেৰিকাৰ তদন্তকাৰী সংস্থাসমূহেও এই ঘটনাৰ বিষয়ে জানি আচৰিত হৈছে।এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কানেকটিকাটত প্ৰথমবাৰৰ বাবে ChatGPT  বিৰুদ্ধে এগৰাকী মহিলাক হত্যা কৰাৰ দোষী সাব্যস্ত কৰা হৈছে। প্ৰথমবাৰৰ বাবে চেটজিপিটিত হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। কানেকটিকাটত চেটজিপিটি ৰ ফলত এগৰাকী মাতৃৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দৰাচলতে আমেৰিকাৰ এটা বাসগৃহতে দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে। ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়াৰ চুপিৰিয়েৰ কোৰ্টত দাখিল কৰা অভিযোগ অনুসৰি, যোৱা ৩ আগষ্টত নিজ বাসগৃহতে ৫৬ বছৰীয়া পুত্ৰ ষ্টেইন-এৰিক ছ’লবাৰ্গে ৮৩ বছৰীয়া মাতৃ চুজেন এডামছক প্ৰহাৰ কৰি ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত ছ’লবাৰ্গে নিজে ছুৰীৰে হানী-খুচি আত্মহত্যা কৰে।

এই গোচৰত OpenAI-কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন  কৰিছে যে, এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী সৃষ্টি আৰু বিক্ৰী কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰী (পুত্ৰ)ৰ মনত মাকক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

ইয়াত কোৱা হৈছে যে চেটিঙৰ সময়ত চেটজিপিটিয়ে এই বিপজ্জনক বাৰ্তা দিছিল যে ছ’লবাৰ্গে চেটজিপিটিৰ বাহিৰে নিজৰ জীৱনত কাকো বিশ্বাস কৰিব নোৱাৰে।

এই এআইয়ে পদ্ধতিগতভাৱে নিজৰ চৌপাশৰ সকলোকে নিজৰ শত্ৰু হিচাপে চিত্ৰিত কৰিছিল আৰু নিজৰ ওপৰত আৱেগিক নিৰ্ভৰশীলতাক লালন-পালন কৰিছিল।

চেটজিপিটিয়ে তেওঁক জনাইছিল যে ছ’লবাৰ্গৰ মাকে তেওঁৰ ওপৰত চোৰাংচোৱাগিৰি ৰাখিছে। চেটজিপিটিয়ে তেওঁক জনাইছিল যে ডেলিভাৰী চালক, দোকানী, আৰক্ষী বিষয়া, আনকি বন্ধুসকলো তেওঁৰ বিৰুদ্ধে কাম কৰা এজেণ্ট আছিল।

গোচৰটোত অভিযোগ কৰা হৈছে যে চেটজিপিটিয়ে ছলবাৰ্গৰ এই মোহকো আৰু অধিক শক্তিশালী কৰি তুলিছিল যে তেওঁৰ ঘৰৰ এটা প্ৰিণ্টাৰত কেমেৰা ইনষ্টল কৰা হৈছে আৰু তেওঁক নিৰীক্ষণ কৰিবলৈ মাকে ব্যৱহাৰ কৰি আছে।

মাক আৰু বন্ধু এজনে গাড়ীৰ জৰিয়তে ড্ৰাগছ আৰু বিহ দিবলৈ চেষ্টা কৰা ভ্ৰমও তেওঁক দিয়া হৈছিল।যাৰ বাবে ছলবাৰ্গে মাতৃক হত্যা কৰিলে।

লগতে পঢ়ক: মুকলিৰ বাবে সাজু SpaceX; আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO

শেহতীয়া প্ৰৱন্ধসমূহ