ভয়ংকৰ তথ্য; ChatGPT এ সংঘটিত কৰিলে চাঞ্চল্যকৰ হত্যাকাণ্ড

ChatGPT ৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন কৰা হৈছে। ChatGPT এ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগ কৰিছে।

আমেৰিকাৰ কেলিফৰ্ণিয়া ৰাজ্যত প্ৰথমবাৰৰ বাবে চেটজিপিটিৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে হত্যাৰ অভিযোগ উত্থাপন হৈছে।আমেৰিকাৰ তদন্তকাৰী সংস্থাসমূহেও এই ঘটনাৰ বিষয়ে জানি আচৰিত হৈছে।এই ঘটনাই এতিয়া সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কানেকটিকাটত প্ৰথমবাৰৰ বাবে ChatGPT  বিৰুদ্ধে এগৰাকী মহিলাক হত্যা কৰাৰ দোষী সাব্যস্ত কৰা হৈছে। প্ৰথমবাৰৰ বাবে চেটজিপিটিত হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগে সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰিছে। কানেকটিকাটত চেটজিপিটি ৰ ফলত এগৰাকী মাতৃৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

দৰাচলতে আমেৰিকাৰ এটা বাসগৃহতে দুটাকৈ হত্যাকাণ্ড সংঘটিত হৈছে। ছান ফ্ৰান্সিস্কোৰ কেলিফৰ্ণিয়াৰ চুপিৰিয়েৰ কোৰ্টত দাখিল কৰা অভিযোগ অনুসৰি, যোৱা ৩ আগষ্টত নিজ বাসগৃহতে ৫৬ বছৰীয়া পুত্ৰ ষ্টেইন-এৰিক ছ’লবাৰ্গে ৮৩ বছৰীয়া মাতৃ চুজেন এডামছক প্ৰহাৰ কৰি ডিঙি চেপি হত্যা কৰিছিল। ইয়াৰ পিছত ছ’লবাৰ্গে নিজে ছুৰীৰে হানী-খুচি আত্মহত্যা কৰে।

এই গোচৰত OpenAI-কোম্পানীৰ বিৰুদ্ধে অভিযোগ উত্থাপন  কৰিছে যে, এটা ত্ৰুটিপূৰ্ণ সামগ্ৰী সৃষ্টি আৰু বিক্ৰী কৰিছে, যাৰ ফলত ব্যৱহাৰকাৰী (পুত্ৰ)ৰ মনত মাকক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছিল।

ইয়াত কোৱা হৈছে যে চেটিঙৰ সময়ত চেটজিপিটিয়ে এই বিপজ্জনক বাৰ্তা দিছিল যে ছ’লবাৰ্গে চেটজিপিটিৰ বাহিৰে নিজৰ জীৱনত কাকো বিশ্বাস কৰিব নোৱাৰে।

এই এআইয়ে পদ্ধতিগতভাৱে নিজৰ চৌপাশৰ সকলোকে নিজৰ শত্ৰু হিচাপে চিত্ৰিত কৰিছিল আৰু নিজৰ ওপৰত আৱেগিক নিৰ্ভৰশীলতাক লালন-পালন কৰিছিল।

চেটজিপিটিয়ে তেওঁক জনাইছিল যে ছ’লবাৰ্গৰ মাকে তেওঁৰ ওপৰত চোৰাংচোৱাগিৰি ৰাখিছে। চেটজিপিটিয়ে তেওঁক জনাইছিল যে ডেলিভাৰী চালক, দোকানী, আৰক্ষী বিষয়া, আনকি বন্ধুসকলো তেওঁৰ বিৰুদ্ধে কাম কৰা এজেণ্ট আছিল।

গোচৰটোত অভিযোগ কৰা হৈছে যে চেটজিপিটিয়ে ছলবাৰ্গৰ এই মোহকো আৰু অধিক শক্তিশালী কৰি তুলিছিল যে তেওঁৰ ঘৰৰ এটা প্ৰিণ্টাৰত কেমেৰা ইনষ্টল কৰা হৈছে আৰু তেওঁক নিৰীক্ষণ কৰিবলৈ মাকে ব্যৱহাৰ কৰি আছে।

মাক আৰু বন্ধু এজনে গাড়ীৰ জৰিয়তে ড্ৰাগছ আৰু বিহ দিবলৈ চেষ্টা কৰা ভ্ৰমও তেওঁক দিয়া হৈছিল।যাৰ বাবে ছলবাৰ্গে মাতৃক হত্যা কৰিলে।

লগতে পঢ়ক: মুকলিৰ বাবে সাজু SpaceX; আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO

ChatGPT ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ!লিক হ’ল ব্যক্তিগত মেছেজ

ChatGPT ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ

ChatGPT ব্যৱহাৰ কৰা লোকসকলে তেওঁলোকৰ সকলো কথা-বতৰা লিক হোৱা বুলি জানি হয়তো স্তম্ভিত হ’ব।কিন্তু OpenAI এও এই কথা নিশ্চিত কৰিছে।

কোৱা হৈছে যে যিটো বৈশিষ্ট্যত এটা গ্লিচৰ বাবে এনে হৈছিল, এতিয়া সেই বৈশিষ্ট্য বন্ধ কৰা হৈছে।সমস্যাটো হ’ল ChatGPT Search Feature ৰ গাফিলতিৰ বাবে হাজাৰ হাজাৰ চেটিং ৰাজহুৱা হৈছে।

এই কাৰিকৰী বিষয়টো যদি আমি সহজ ভাষাত বুজো, তেন্তে ইয়াৰ অৰ্থ হ’ল আপুনি এতিয়ালৈকে AI টুলৰ জৰিয়তে যি কথা পাতিছে, এতিয়া গোটেই বিশ্বৰ মানুহে গুগল চাৰ্চত সেই সকলোবোৰ দেখা গৈছে।

OpenAIৰ মুখ্যতথ্য সুৰক্ষা বিষয়া ডেন ষ্টাকিয়ে X একাউণ্টত এই বিষয়ে তথ্য দি এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ কয় যে যিটো ফিচাৰৰ বাবে চাৰ্চ ইঞ্জিনত চেটজিপিটি সকলো কথা-বাৰ্তা দেখা গৈছিল, সেই ফিচাৰ আঁতৰাই দিয়া হৈছে।

পোষ্টটোত তেওঁ আৰু লিখিছে যে এই ফিচাৰটো পৰীক্ষা হিচাপে চলি আছে। ডেন ষ্টুকিয়ে কয় যে ব্যৱহাৰকাৰীসকলে এই ফিচাৰ ব্যৱহাৰ কৰিবলৈ অপ্ট-ইন কৰিব লাগিব,।

আগতে শ্বেয়াৰ কৰিবলৈ চেট নিৰ্বাচন কৰি তাৰ পিছত চেকবক্সত ক্লিক কৰি চাৰ্চ ইঞ্জিনৰ সৈতে শ্বেয়াৰ কৰিব লাগিছিল।

তেওঁ কয় যে, ‘আমি বিশ্বাস কৰোঁ যে এই ফিচাৰে মানুহক এনেবোৰ কথাও শ্বেয়াৰ কৰাৰ সুযোগ দিব যিবোৰ তেওঁ কাৰো লগত শ্বেয়াৰ কৰিব নিবিচাৰিছিল৷ এনে পৰিস্থিতিত এতিয়া আমি এই বিকল্পটো আঁতৰাই দিছো।

ডেন ষ্টুকিয়ে কয় যে চেটজিপিটিয়ে ইচ্ছাকৃতভাৱে এনে কাম কৰা নাছিল, আচলতে গুগল চাৰ্চত ইয়াক ব্যৱহাৰ কৰা সেইসকল লোকৰ কথা-বতৰাহে দেখা যায়।

তেওঁ কয় যে যেতিয়াই ChatGPT Search Feature ব্যৱহাৰ কৰা হয় তেতিয়াই এটা লিংক সৃষ্টি হয়, যিটো শ্বেয়াৰ কৰাটোও সম্ভৱ।

লগতে পঢ়ক: ব্লু অৰিজিন মিছন : ১১ মিনিটৰ ৰোমাঞ্চ, কোটি টকাৰ খৰচ… আজি মহাকাশলৈ উৰা মাৰিব ৬গৰাকী লোক