পলাশ মুছল-স্মৃতি মন্ধানাৰ বিয়া কেতিয়া ?
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ সৈতে বিয়া স্থগিত ৰখাৰ পিছতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে সংগীত শিল্পী পলাশ মুছলে । ইযাৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত পলাশক চিকিৎসালয়তো ভৰ্তি কৰোৱা হয় । এতিয়া খবৰ ওলাইছে যে ২৬ নৱেম্বৰ, বুধবাৰে তেওঁক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় । খবৰ অনুসৰি পলাশৰ অৱস্থা এতিয়া সুস্থিৰ । চিকিৎসকৰ মতে মানসিক চাপে হয়তো তেওঁৰ স্বাস্থ্যৰ তীব্ৰতা বৃদ্ধি কৰিছে ।
ছাংলিৰ পৰা উভতি অহাৰ লগে লগে পলাশক ২৫ নৱেম্বৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । স্মৃতি মন্ধানাৰ সৈতে তেওঁৰ বিবাহ স্থগিত ৰখাৰ পিছত তেওঁ মুম্বাইলৈ ঘূৰি আহিছিল । তেওঁক গোৰেগাঁৱৰ এছ আৰ ভি হাস্পতালত ভৰ্তি কৰোৱা হয় । খবৰ অনুসৰি অত্যন্ত ক্লান্তি আৰু মানসিক চাপৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল, যাৰ ফলত কিছু স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছিল ।
পলাশ মুছল আৰু স্মৃতি মন্ধানাৰ বিয়া ২৩ নৱেম্বৰত স্মৃতিৰ গৃহ চহৰ মহাৰাষ্ট্ৰৰ ছাংলিত অনুষ্ঠিত হোৱাৰ কথা আছিল । কিন্তু স্মৃতিৰ পিতৃ শ্ৰীনিবাস মন্ধানাৰ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে বিয়াখন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হয় । বিয়াৰ দিনা পুৱা শ্ৰীনিবাসৰ বুকুৰ বিষ হোৱাত লগে লগে তেওঁক ছাংলিৰ সৰ্বহিত চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় । তেওঁৰ পৰীক্ষা আৰু চিকিৎসা চলি থকাৰ সময়তে পৰিয়ালৰ লোকে সমগ্ৰ বিবাহ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লয় ।
কেতিয়া হ’ব বিয়া ?
ইফালে, স্মৃতি মন্ধানাৰ পিতৃ শ্ৰীনিবাসকো চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে । অনুৰাগীসকলে প্ৰশ্ন কৰিছে যে এতিয়া পলাশ আৰু স্মৃতিৰ বিয়া হ’ব নেকি ? ইফালে পলাশ মুছল প্ৰতাৰণাৰ অভিযোগৰ সন্মুখীন হৈছে । সামাজিক মাধ্যমত এগৰাকী মহিলাৰ সৈতে তেওঁৰ কথা-বতৰাৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে । পলাশে স্মৃতিক প্ৰতাৰণা কৰিছিল বুলি দাবী কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে দুয়োগৰাকী তাৰকা আৰু তেওঁলোকৰ পৰিয়ালে ।
লগতে পঢ়ক : পলাশ মুছলৰ প্ৰতাৰণাৰ বলি হ’ল নেকি স্মৃতি মন্ধানা ? সামাজিক মাধ্যমত ধুমহা !









