পুনৰ বিবাহ পাশত আৱদ্ধ হ’ব নেকি স্মৃতি মন্ধানা আৰু পলাশ মুচল? ভিডিঅ’ ভাইৰেল
স্মৃতি মন্ধানা আৰু পলাশ মুচলৰ বিবাহ যোৱা বছৰ শেষ হৈছিল। পলাশে স্মৃতিক প্ৰতাৰণা কৰাৰ কথা পোহৰলৈ আহিছিল। কিন্তু এটা ভিডিঅ’ এতিয়া সকলোকে আচৰিত কৰিছে।
যোৱা বছৰ অৰ্থাৎ ২০২৫ চনৰ নৱেম্বৰ মাহত ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মন্ধানা আৰু সংগীত সুৰকাৰ পলাশ মুচলে বিবাহ পাশত অৱদ্ধ হোৱাৰ কথা আছিল।তেওঁলোকৰ বিবাহৰ বাবে সকলো প্ৰস্তুতিও সম্পূৰ্ণ হৈছিল।বিয়াৰ পূৰ্বৰ সকলো নীতি-নিয়মো কৰা হৈছিল।কিন্তু বিয়াৰ দিনাই দুয়োৰে সম্পৰ্কত ফাঁট মেলিছিল।আৰু স্মৃতি মন্ধানা আৰু পলাশ মুচলৰ বিবাহ ভংগ হৈছিল।পিছত পোহৰলৈ আহিল যে অন্য যুৱতীৰ বাবে স্মৃতিক পলাশে প্ৰতাৰণা কৰিছিল যিটো স্মৃতিয়ে ধৰা পেলাইছিল।অৱশ্যে এতিয়া ধাৰণা কৰা হৈছে যে দুয়োটা পৰিয়ালৰ মাজত সকলো সমাধান হৈছে।
দৰাচলতে সামাজিক মাধ্যমত এটা ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ আছে।ইয়াত পলাশৰ ভগ্নী পলক মুছল আৰু স্বামী মিথুনৰ সৈতে স্মৃতি মন্ধানাৰ পিতৃক দেখা পোৱা গৈছিল।ভিডিঅ’টো চাই সকলো আচৰিত হৈছে।দৰাচলতে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টৰ বাহিৰত স্মৃতিৰ পিতৃ আৰু পলকক একেলগে দেখা গৈছিল।পলকে স্মৃতিৰ পিতৃৰ ভৰি চুই সেৱা লয়।স্মৃতিৰ পিতৃয়েও পলকক আশীৰ্বাদ দি গুচি যায়।ভিডিঅ’টো চোৱাৰ পিছত স্মৃতি আৰু পলাশৰ অনুৰাগী সকলে সন্দেহ কৰিছে যে দুয়োটা পৰিয়ালৰ মাজত হয়টো সকলো সমাধান হৈছে।
লগতে পঢ়ক: ‘মই ক্ষমা বিচাৰিছো…মই জনা নাছিলো’; পুৰণি বিবাদক লৈ ৰাকেশ বেদীয়ে বিচাৰিলে ক্ষমা
