চলিত বৰ্ষতে আৰু সাতটা উৎক্ষেপণৰ প্ৰস্তুতি ভাৰতীয় মহাকাশ সংস্থাৰ

চলিত বৰ্ষতে আৰু সাতটা উৎক্ষেপণৰ প্ৰস্তুতি ভাৰতীয় মহাকাশ সংস্থাৰ

ভাৰতীয় মহাকাশ সংস্থাৰ পৰিকল্পনা চলিত বিত্তীয় বৰ্ষত আৰু ৭টা উৎক্ষেপণৰ পৰিকল্পনা কৰিছে ইছৰোৱে । ইছৰো তথা ভাৰতীয় মহাকাশ সংস্থাই ২০২৭ চনত প্ৰথমখন মানৱ মহাকাশযান প্ৰেৰণৰ বাবেও প্ৰস্তুতি চলাইছে । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে এক সাক্ষাৎকাৰত কয় যে ইছৰোৱে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ সামৰ্থ্য বৃদ্ধিৰ দিশত

ভাৰতীয় মহাকাশ সংস্থাৰ পৰিকল্পনা

চলিত বিত্তীয় বৰ্ষত আৰু ৭টা উৎক্ষেপণৰ পৰিকল্পনা কৰিছে ইছৰোৱে । ইছৰো তথা ভাৰতীয় মহাকাশ সংস্থাই ২০২৭ চনত প্ৰথমখন মানৱ মহাকাশযান প্ৰেৰণৰ বাবেও প্ৰস্তুতি চলাইছে । ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে এক সাক্ষাৎকাৰত কয় যে ইছৰোৱে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্যোগৰ সামৰ্থ্য বৃদ্ধিৰ দিশত দ্ৰুতগতিত সম্প্ৰসাৰণ কৰি আছে । নাৰায়ণনে কয় যে ইছৰোৱে চলিত বিত্তীয় বৰ্ষৰ শেষৰ পূৰ্বে আৰু ৭টা উৎক্ষেপণৰ লক্ষ্য লৈছে, য’ত এটা বাণিজ্যিক যোগাযোগ উপগ্ৰহ আৰু কেইবাটাও পিএছএলভি আৰু জিএছএলভি অভিযান অন্তৰ্ভুক্ত কৰা হৈছে ।

২০২৮ চনত চন্দ্ৰযান-৪ অভিযান উৎক্ষেপণৰ লক্ষ্য-

ইছৰোৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে যে প্ৰথমখন থলুৱাভাৱে নিৰ্মিত পি এছ এল ভি উৎক্ষেপণ ভাৰতীয় মহাকাশ কাৰ্যসূচীৰ বাবে এক মাইলৰ খুঁটি হ’ব । ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে চৰকাৰে চন্দ্ৰযান-৪ অভিযানত অনুমোদন জনাইছে । এইটোৱেই হ’ব ভাৰতৰ বৰ্তমানলৈকে চন্দ্ৰ অভিযানৰ আটাইতকৈ প্ৰত্যাহ্বানমূলক অভিযান । ভাৰতীয় মহাকাশ সংস্থাই ২০২৮ চনত চন্দ্ৰযান-৪ অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে । চন্দ্ৰযান-৪ অভিযানৰ জৰিয়তে ইছৰোৱে চন্দ্ৰৰ পৰা নমুনা ঘূৰাই অনাৰ চেষ্টা কৰিব । বৰ্তমান কেৱল আমেৰিকা, ৰাছিয়া, চীনেহে এই কৃতিত্ব অৰ্জন কৰিছে ।

ভাৰতীয় মহাকাশ সংস্থাৰ আন এটা ডাঙৰ অভিযান হ’ল জাপানৰ মহাকাশ সংস্থা জাক্সাৰ সৈতে যৌথ অভিযান লুপেক্স । লুপেক্সৰ লক্ষ্য হৈছে চন্দ্ৰৰ দক্ষিণ মেৰুত থকা পানীৰ বৰফৰ বিষয়ে অধ্যয়ন কৰা । ক্ৰমবৰ্ধমান মিছনৰ চাহিদাৰ সৈতে খোজ মিলাবলৈ অহা তিনি বছৰত ইছৰোৱে মহাকাশযানৰ উৎপাদন তিনিগুণ বৃদ্ধিৰ কামো কৰি আছে ।

মহাকাশ কেন্দ্ৰ নিৰ্মাণৰ দিশত দ্ৰুত গতিত চলি আছে কাম-

নাৰায়ণনে কয় যে ইছৰোৱে ভাৰতীয় মহাকাশ কেন্দ্ৰৰ কাম আৰম্ভ কৰিছে, যিটো ২০৩৫ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে লোৱা হৈছে । তেওঁ কয় যে ২০২৮ চনৰ ভিতৰত পাঁচটা মডিউলৰ ভিতৰত প্ৰথমটো কক্ষপথত স্থাপন কৰা হ’ব । পাঁচোটা মডিউল পৃথিৱীৰ কক্ষপথত স্থাপন কৰাৰ পিছত ভাৰত মহাকাশ কেন্দ্ৰ পৰিচালনা কৰা তৃতীয়খন প্ৰধান দেশ হিচাপে পৰিগণিত হ’ব । আমেৰিকা নেতৃত্বাধীন আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটোৰ জীৱনৰ অন্ত পৰাৰ ওচৰ চাপিছে আৰু চীনৰ টিয়াংগং মহাকাশ কেন্দ্ৰটো সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ উঠিছে । ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইছৰোক ২০৪০ চনৰ ভিতৰত ভাৰতীয় মহাকাশচাৰীক চন্দ্ৰলৈ প্ৰেৰণ আৰু তেওঁলোকক সুৰক্ষিতভাৱে ঘূৰাই অনাৰ দিশত কাম কৰিবলৈও নিৰ্দেশ দিছে ।

লগতে পঢ়ক : গগণযান অভিযানৰ দিশত আৰু এখোজ… ইছৰোৱে লাভ কৰিলে বৃহৎ সফলতা

শেহতীয়া প্ৰৱন্ধসমূহ