গগণযান অভিযানৰ দিশত আৰু এখোজ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে গগণযান অভিযানৰ দিশত আন এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে । ইছৰোৱে ৩ নৱেম্বৰত ঝান্সিৰ বাবিনা ফিল্ড ফায়াৰিং ৰেঞ্জত ইন্টিগ্ৰেটেড মেইন পেৰাচুট এয়াৰড্ৰপ টেষ্ট সফলতাৰে সম্পূৰ্ণ কৰে । এই পৰীক্ষা গগণযান অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে ।
এই পৰীক্ষাৰ উদ্দেশ্য আছিল মহাকাশযানখনৰ মূল পেৰাচুট ব্যৱস্থাটো অত্যধিক পৰিস্থিতিত পৰীক্ষা কৰা । ইছৰোৱে কয় যে পৰীক্ষাৰ সময়ত পেৰাচুটে নিৰ্ধাৰিত মানদণ্ড অনুসৰি কাম কৰিছিল আৰু সকলো সুৰক্ষাৰ পৰিমাপ পূৰণ কৰিছিল । ভাৰতীয় বায়ুসেনা আৰু ADE (Aeronautical Development Establishment)ৰ সহযোগত এই পৰীক্ষা সম্পন্ন কৰা হৈছে ।
গগণযান অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ এই পেৰাচুট লেণ্ডিং-
এই পৰীক্ষাটো গগণযান অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো পেৰাচুট ব্যৱস্থাটো মহাকাশযানখনৰ নিৰাপদ অৱতৰণৰ এক মূল উপাদান । ইছৰোৰ মতে, মহাকাশচাৰীসকল উভতি অহাৰ সময়ত ব্যৱহাৰ কৰা অৱতৰণ ব্যৱস্থাৰ নিৰ্ভৰযোগ্যতা নিশ্চিত কৰিবলৈ এই পৰীক্ষা কৰা হৈছিল ।
ইফালে ইছৰোৱে উল্লেখ কৰে যে ২০২৬ চনত প্ৰস্তাৱিত মানৱবাহী উৰণৰ পূৰ্বে সকলো কাৰিকৰী দিশৰ বৈধতা নিশ্চিত কৰিবলৈ অনাগত মাহত আৰু অধিক পৰীক্ষা সম্পন্ন কৰা হ’ব । ইছৰোৰ বিজ্ঞানীসকলে ইয়াক ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ যাত্ৰাক আৰু অধিক শক্তিশালী কৰি তোলা এক “জটিল অভিযানৰ মাইলৰ খুঁটি” বুলি অভিহিত কৰিছে ।
লগতে পঢ়ক : মৃত্যু হ’ব নেকি আমাৰ চিনাকী সূৰ্যৰ ? পৃথিৱীৰ লগতে গ্ৰাস কৰিব আন গ্ৰহবোৰকো !









